Logo
image

মুখ্যমন্ত্ৰীৰে বৈঠক অসম বন্ধ প্ৰত্যাহাৰ

সৈমান হ’ল ৬ জনগোষ্ঠী

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ আন্দোলন এৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শুকুৰবাৰে দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিল ছয় জনগোষ্ঠীৰ প্ৰতিনিধি৷ বৃহস্পতিবাৰে ছয় জনগোষ্ঠীৰ কেইবাশ প্ৰতিবাদকাৰীয়ে জনজাতিকৰণৰ দাবীত গুৱাহাটী কঁপোৱাৰ পাছত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল ৰাজ্য চৰকাৰে৷ সেইমতে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে বিয়লি তিনি বজাত আলোচনাত মিলিত হয় ছয় জনগোষ্ঠীৰ প্ৰতিনিধি৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত চৰকাৰে ছমাহৰ পৰা এমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আশ্বাস দিয়ে৷ ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ প্ৰতিনিধিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিয়ে৷ সেইমতে ৰাজ্য চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে আৰু চৰকাৰে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰৰ বাবে আহ্বান জনায়৷ ইয়াৰ পাছত ছয় জনগোষ্ঠী ঐক্যমঞ্চই ২৬ ছেপ্টেম্বৰৰ অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত সদৰি কৰামতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অক্টোবৰৰ শেষত অথবা নৱেম্বৰৰ প্ৰথম ভাৰত অনুষ্ঠিত কৰা হ’ব ত্ৰিপাক্ষিক বৈঠক৷ বৰ্তমানৰ জনজাতি আৰু ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ মাজতো বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্ৰী হাজৰিকাই কয়৷ উল্লেখ্য, জনজাতিকৰণৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ প্ৰতিবাদকাৰী দিছপুৰ ঘেৰাও কৰিবলৈ আহিছিল৷ কিন্তু দিছপুৰ জনতা ভৱন পোৱাৰ পূৰ্বে বাধা দিয়া হয় ছয় জনগোষ্ঠী ঐক্যমঞ্চক৷ ইয়াকে লৈ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় দিছপুৰ লাষ্টগেটত৷ প্ৰতিবাদকাৰীসকলে দিছপুৰ লাষ্টগেটতে জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷  উল্লেখ্য, বৃহস্পতিবাৰৰ প্ৰতিবাদ বিফল কৰিবলৈ বুধবাৰৰ পুৱাৰ পৰা বিভিন্ন ষড়যন্ত্ৰমূলক কৌশল অৱলম্বনৰ জৰিয়তে  প্ৰতিবাদী জনতাক ভাগ ভাগ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছিল ৰাজ্য চৰকাৰে৷ চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বদ্ধ পৰিকৰ ছয় জনগোষ্ঠীৰ জনতাক আৰক্ষী-প্ৰশাসনৰ যোগেদি চৰকাৰী পক্ষই বুধবাৰৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰে৷ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলক কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ উপৰি কাৰ্যসূচীলৈ আহি থকা অৱস্থাত প্ৰতিবাদীসকলক আৱদ্ধ কৰি ৰাখে৷ এই বাধা নেওঁচি বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ বাবে গৈ থকা প্ৰতিবাদীসকলক পূৰ্বৰে পৰা সাজু হৈ থকা আৰক্ষীৰ লোকে বাধা প্ৰদান কৰে৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য, ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্তৰ্গত সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনী, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনায়৷ ইয়াৰ পাছতে ছয় জনগোষ্ঠী ঐক্যমঞ্চক বুধবাৰে নিশা দিছপুৰলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ প্ৰথম অৱস্থাত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ঐক্যমঞ্চক৷ কিন্তু ঐক্যমঞ্চই এই আমন্ত্ৰণ নাকচ কৰাত পৰৱৰ্তী সময়ত বুধবাৰে নিশাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনাৰ প্ৰতিশ্ৰুতি দিয়া হয় ঐক্যমঞ্চৰ নেতৃত্বক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে নতুন দিল্লীত ব্যস্ত থকাৰ বাবে এই আলোচনাৰ সময় নিশা ১১ বজাত নিৰ্ধাৰণ কৰা হয়৷ কিন্তু ঐক্যমঞ্চই মাজনিশাৰ এই আলোচনাৰ আমন্ত্ৰণক নাকচ কৰে৷ ঐক্যমঞ্চৰ স্পষ্ট অভিযোগ যে মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰী পীয়ূষ হাজৰিকা বা ৰণোজ পেগুৱেই হওক কোনেও জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত দিব নোৱাৰে৷ এনেধৰণৰ আলোচনা ইতিপূৰ্বে বহুত হ’ল৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিলে অসমৰ পৰিস্থিতি ৰক্তাক্ত হ’ব৷ জনজাতিকৰণৰ বিল ৰাজ্যসভাত উত্থাপিত হোৱাৰ পাছতো মন্ত্ৰীগোটৰ প্ৰতিবেদন বিচৰা নহ’ল৷ অসম চৰকাৰে কয় মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে৷ দিল্লীয়ে কয় প্ৰতিবেদন পোৱা নাই৷ গতিকে মাজনিশাৰ এনে আলোচনা অৰ্থহীন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ সেয়াও কাৰ্যকৰী নহ’ল৷

জনজাতিকৰণৰ সপেক্ষে হিন্দু সেনা

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান জনাইছে হিন্দু সুৰক্ষা সেনা, অসমে৷ এটা বিবৃতিৰ জৰিয়তে এই আহ্বান জনাই সংগঠনটোৰ সাধাৰণ সম্পাদক কাঞ্চন নাথে কয় অসমৰ দৰে জনগাঁথনিৰ ৰাজ্য এখনত যিমান সম্ভৱ অধিক সংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰৰ জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটোৱেই সুৰক্ষা প্ৰদান কৰাৰ একমাত্ৰ উপায়৷ যিসময়ত পূৰ্ববংগীয় মূলৰ মুছলমানৰ আগ্ৰাসনত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে, সেই সময়ত জনজাতিকৰণৰ জৰিয়তে তেওঁলোকৰ ভূমি আৰু ৰাজনৈতিক সংৰক্ষণ প্ৰদান নকৰিলে অৱশিষ্ট ভূমিপুত্ৰসকল হেৰাই যাব৷ বিবৃতিটোত লগতে কয় যে, অসমৰ যি ছটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে, সেই জনগোষ্ঠীকেইটাৰ সৰহসংখ্যকেই অস্তিত্বৰ সংকটত ভুগিছে৷ পূৰ্ববংগীয় মূলৰ মুছলমানৰ জনগাঁথনিগত আগ্ৰাসনত গৃহভূমিতেই গৃহহীন হ’ব ধৰিছে উক্ত জনগোষ্ঠীসমূহ৷ এনে অৱস্থাত উক্ত জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা তথা সুৰক্ষা প্ৰদান নকৰিলে এদিন ছিৰিয়া, আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰৰ খিলঞ্জীয়াসকলৰ নিচিনাকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল হেৰাই যাব৷