Logo
image

বাছত যেতিয়া গৰু উঠে...

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ অসমত গো-ধন সুৰক্ষা আইন বলৱৎ হোৱাৰ পাছতেই এতিয়া পশুধনে ট্ৰাকৰ পৰিৱৰ্তে নাইট ছুপাৰত যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে৷ শুনিলে আচৰিত যেন লাগিলেও গৰুৰ চোৰাং সৰবৰাহত এতিয়া ট্ৰাক নহয়, ব্যৱহাৰ হয় নাইট ছুপাৰ৷ বাছৰ ডিকি নহয়, এইবাৰ বাছৰ ছীটত বহোৱাই বহিঃৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছে গো-ধন৷ জখলাবন্ধা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এখন নৈশ ছুপাৰৰ ভিতৰৰ পৰা ২৫টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছতেই গৰু সৰবৰাহৰ অভিনৱ কৌশল পোহৰলৈ আহে৷ দুদিন পূৰ্বে বোকাখাটত আৰক্ষীৰ অমানৱীয় আচৰণৰ বাবে জব্দকৃত এখন ট্ৰাকৰ ভিতৰতে অক্সিজেনৰ অভাৱত ৪৭টা পশুধনে যন্ত্ৰণাকাতৰ মৃত্যুক সাৱটিবলগীয়া হৈছিল৷ বৃহস্পতিবাৰে অৰুণাচলৰ পৰা নগাঁও জিলাৰ ৰূপহী অভিমুখে এ এছ ০১ ই চি ৩৩৩৭ নম্বৰৰ বাছত গৰু সৰবৰাহৰ গোপন খবৰ লাভ কৰে জখলাবন্ধা আৰক্ষীয়ে৷ ইয়াৰ পাছতেই কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত নাকাচাকি বহোৱাই আৰক্ষীয়ে ‘ৰিৰ্জাভ’ লিখি গৰু সৰবৰাহ কৰা বাছখন ৰখোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ সংকেত নেওচি বাছখনে পলায়নৰ চেষ্টা চলায়৷ ইয়াৰ পাছতেই আৰক্ষীয়ে খেদি গৈ অৰুণাচলৰ পৰা অহা ‘মা’ নামৰ গৰুভৰ্তি বাছখন ৰখাবলৈ সক্ষম হয়৷ লগে লগে আৰক্ষীয়ে বাছখন পৰীক্ষা কৰাত বাছৰ ভিতৰত ২৫টা গৰু প্ৰত্যক্ষ কৰে৷ চুবুৰীয়া ৰাজ্যখনৰ পৰা ৰুপহীলৈ গৰুকেইটাৰ অবৈধ সৰবৰাহত জড়িত বাছখনৰ দুই চালক-হেণ্ডিমেন চামগুৰিৰ হাবিবুৰ ৰহমান আৰু কামপুৰৰ ৰিবুল হুছেইনক আটক কৰি জব্দ কৰা গৰুকেইটা স্থানীয় গোশালাত ৰখাৰ ব্যৱস্থা কৰে৷ গো-ছিণ্ডিকেট চক্ৰই আৰক্ষীৰ পৰা ৰক্ষা পোৱাৰ বাবে অভিনৱ কৌশল ব্যৱহাৰ কৰি নৈশ ছুপাৰত গৰু সৰবৰাহ কৰা ঘটনাই আৰক্ষী বিষয়া সকলকো আমোদ দিছে৷ ইফালে বোকাখাটত নিয়মীয়াকৈ চোৰাং গৰু জব্দ হোৱাত গৰু ছিণ্ডিকেট চক্ৰটোৰ আঁৰত এজন অগপ নেতা জড়িত থকা বুলিও চৰ্চা লাভ কৰিছে৷ এই সন্দৰ্ভত বিজেপি দলে প্ৰশাসনক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে৷