Logo
image

সদ্‌গুৰু, ৰবিশংকৰে দীক্ষা দিব মন্ত্ৰী-আমোলাক

আজি কাজিৰঙাত চৰকাৰৰ মন্থন

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন উন্নত ৰাজ্যৰ স্থানলৈ উত্তৰণ কৰাৰ পণ লৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই সপোনৰ পমখেদি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চা কৰিছে৷ এই চিন্তাৰ অংশ হিচাপে শনিবাৰ অৰ্থাৎ ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত আয়োজন কৰিছে চিন্তন তথা মন্থন শিবিৰ৷ এই মন্থন শিবিৰৰ পাঠশালাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-আমোলাক পাঠদান কৰিব সদগুৰু, ৰবিশংকৰৰ লগতে উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব তথা কৰ্ণাটকৰ ভূমি জৰীপৰ শীৰ্ষ আমোলাই৷ চিন্তন, মন্থন শিবিৰত যোগাসন, ধ্যান, আধ্যাত্মিক সাধনাৰ লগতে সফল চৰকাৰী আঁচনিৰ সন্দৰ্ভত সমল ব্যক্তিৰ ক্লাছৰুমলৈকে থাকিব বিভিন্ন শিতান৷ এককথাত ক’ব গ’লে এই তিনিদিন কাজিৰঙা পৰিণত হ’ব মিনি দিছপুৰলৈ৷ টালি-টোপোলা বান্ধি শুকুৰবাৰে ৰাজ্যৰ সকলো মন্ত্ৰী-বিধায়ক তথা শীৰ্ষ আমোলা কাজিৰঙালৈ বুলি ৰাওনা হৈছে৷ শনিবাৰে বিয়লি দুই বজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই চিন্তন শিবিৰৰ উদ্বোধন কৰাৰ পিছতে অনুষ্ঠিত হ’ব সদগুৰুৰ প্ৰৱচন৷ সদগুৰুৱে মন্ত্ৰী-বিধায়ক-আমোলাৰ সৈতে গ্ৰহণ কৰিব নিশাৰ আহাৰ৷ ইফালে হাইপ্ৰফাইল আধ্যাত্মিক গুৰু তথা মন্ত্ৰী-আমোলাৰ নিৰাপত্তাৰ বাবে কটকটীয়া কৰা হৈছে সুৰক্ষা ব্যৱস্থা৷ আজিৰ পৰা কাজিৰঙাৰ চাৰিওফালে মন্ত্ৰী-বিধায়কৰ নিৰাপত্তাৰ বাবে পিতপিতাই ফুৰিছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক৷ বোকাখাত মহকুমা আৰু গোলাঘাট জিলা প্ৰশাসনে এই তিনিদিন কাৰ্যসূচী সফল কৰি পৰিচালনা কৰাৰ বাবে উঠি পৰি লাগিছে৷ চিন্তন শিবিৰলৈ অহা সকলো মন্ত্ৰী-বিধায়ক আৰু আমোলা, বিষয়াৰ বাবে কাজিৰঙাৰ প্ৰায় সকলো পৰ্যটন নিবাস আগতীয়াকৈ সংৰক্ষণ কৰাৰ কথা জানিব পৰা গৈছে৷ উল্লেখ্য চিন্তন শিবিৰৰ প্ৰথম দিনা দেশৰ উপৰিও বিদেশত নিজৰ প্ৰৱচনৰ কাৰণে বিখ্যাত হৈ পৰা সদ্‌গুৰুৰ প্ৰৱচনৰ কাৰ্যসূচী থকাৰ বিপৰীতে দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰত শ্ৰীশ্ৰী ৰবিশংকৰে প্ৰৱচন আগবঢ়াব বুলিও জানিব পৰা গৈছে৷ এই দুজন গুৰুৱে মন্ত্ৰী, বিধায়ক তথা বিষয়াসকলক আধ্যাত্মিক কথাৰে ৰাজ্যৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ পৰামৰ্শ দিব৷ ইফালে শনিবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ বিষয়াই অৰ্থনীতিৰ ওপৰত বক্তব্য আগবঢ়াব৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এনে ধৰণৰ চিন্তন শিবিৰলৈ দেশ তথা বিদেশত শান্তিৰ বাণী বিলাই থকা দুজনকৈ গুৰুক আমন্ত্ৰণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ কথা বুলি বিবেচিত হৈছে৷ মন্ত্ৰী, বিধায়ক আৰু বিষয়াৰ উপস্থিতিত উদুলি মুদুলি হৈ পৰিছে কাজিৰঙা৷ কাজিৰঙাৰ বৰগছ, আইয়ৰা, আৰক্ষী অতিথি গৃহকে ধৰি চৰকাৰী আৰু ব্যক্তিগত সকলো পৰ্যটন নিবাসত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা চিন্তন শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী, বিধায়ক আৰু উচ্ছ পদস্থ বিষয়াৰ থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি সূত্ৰ এটাই জানিবলৈ দিয়ে৷ গুৰু শ্ৰীশ্ৰী ৰবিশংকৰ আৰু সদগুৰুৰ থকা, খোৱাকে ধৰি সকলো আতিথ্যৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷ এই দুজন গুৰুৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে কেইবাজনো বিষয়াক আছুতীয়া দ্বায়িত্ব অৰ্পণ কৰা হৈছে৷ দেশৰ ভিতৰতে এনে ধৰণে কেৱল বিকাশ আৰু ৰাজ্যৰ উন্নয়নৰ উদ্দেশ্যে চিন্তন শিবিৰ প্ৰথম বাৰলৈ অনুষ্ঠিত কৰাত সকলোৰে দৃষ্টি আকৰ্ষণ বৃদ্ধি কৰিব৷