Logo
image

৬ জনগোষ্ঠীৰ বাবে মেডিকেলত আসন বৃদ্ধি

কেবিনেটৰ সিদ্ধান্ত

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ছয়জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেলত আসন বৃদ্ধি, চিকিৎসা মহাবিদ্যালয়ত নিযুক্তিৰ বাবে চিকিৎসকৰ বয়সৰ সৰ্বোচ্ছ সীমা বৃদ্ধি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দ্বিতীয় কিস্তি মুকলি, গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়লৈ এককালীন অনুদান প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্ত সমূহৰ বিষয়ে এক সংবাদ মেলত অৱগত কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়– ‘আজিৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে চিকিৎসা মহাবিদ্যালয়সমূহত বৰ্তমানে থকা ছয় জনগোষ্ঠীৰ আসনসমূহ প্ৰতিটো জনগোষ্ঠীৰ ক্ষেত্ৰতে দুখনকৈ বৃদ্ধি কৰা হ’ব৷ অহা শিক্ষাবৰ্ষৰ পৰা এই বৰ্ধিত আসনত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব৷ একেদৰে প্ৰাক্তন সৈনিকৰ ক্ষেত্ৰত এম বি বি এছৰ তিনিখন আৰু বি ডি এছত তিনিখন আসন বৃদ্ধি পাব৷ ৰাজ্য চৰকাৰে অসম ফিচাৰী ডেভলপমেণ্ট কৰ্প’ৰেশ্বনৰ অধীনত থকা বিলসমূহত সৌৰশক্তিৰ প্লেণ্ট বহোৱাবৰ বাবে এপিডিচিএলক অনুমতি দিয়ে৷ কেবিনেটে গৰুৰ খাদ্য বৃদ্ধিৰ বাবে সাত বছৰীয়া আসাম ফ’ডাৰ মিছনত অনুমোদন জনায়৷ কামৰূপ, যোৰহাট আৰু হাইলাকান্দি জিলাত অসমাপ্ত হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সম্পূৰ্ণ কৰিবৰ বাবে ৪৬.৩৮ কোটি টকাৰ অনুমোদন জনায়৷ দুৰ্গা পূজাত অসম চাহ নিগমৰ অধীনস্থ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ বাবে ৰাজ্য চৰকাৰে অসম চাহ নিগমক ১৮.০২ কোটি টকা ঋণ হিচাপে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ২৯ ছেপ্টেম্বত পূজাৰ বাবে আগতীয়া দৰমহা মুকলি কৰি দিবৰ বাবেও কেবিনেটে সিদ্ধান্ত লয়৷ এইবাৰ গুণোৎসৱত এ প্লাছ গ্ৰেড পোৱা ৰাজ্যৰ ৪,৮২৬ খন স্কুলত এককালীন সাহায্য হিচাপে ২৫ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে মাইক্ৰ’ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই হিচাপে একৰ পৰা ডেৰ লাখ মহিলাক বিশ হাজাৰ টকাকৈ কিস্তি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসকৰ চাকৰিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধৰ সীমা দুই বছৰ বৃদ্ধিৰ বাবেও কেবিনেটে সিদ্ধান্ত লয়৷