Logo
image

আহি আছে ৰাষ্ট্ৰপতি আহিব প্ৰধানমন্ত্ৰী মোদীও

২৬ ছেপ্টেম্বৰত আহিব মোহন ভাগৱত

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ শাৰদীয় বতৰতে অৰ্থাৎ অক্টোবৰ মাহতে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বৃহৎ চাকৰিৰ নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানতে কয় যে অহা ১২ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অসমলৈ আহিব৷ চাহ বাগিছা অঞ্চলৰ আৰু এশখন উচ্ছ মাধ্যমিক বিদ্যালয় স্থাপনৰ পদক্ষেপ লোৱা হৈছে৷ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰিব৷ ইফালে তেজপুৰৰ কলিয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলঙৰ উদ্বোধন কৰিবলৈ অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব৷ ৪১৩ কোটি টকাৰে ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই দলংখন পৰ্যবেক্ষণ কৰি শুকুৰবাৰে কেন্দ্ৰীয়মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা সদৰি কৰে৷ উল্লেখ্য তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী এই দলংখনৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে৷

অসমলৈ আহিব মোহন ভাগৱত 

কাইলৈৰ পৰা চাৰিদিনীয়া ভ্ৰমণসূচী লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড॰ মোহন ভাগৱত অসম ক্ষেত্ৰৰ উত্তৰ অসম প্ৰান্তৰ মেঘালয়ত উপস্থিত হ’ব৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালকগৰাকীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৰা নিয়মিত প্ৰৱাসৰ এয়া অনুৰূপ কাৰ্যসূচী বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰপ্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে৷ দীৰ্ঘদিনৰ বিৰতিৰ পাছত তেওঁ মেঘালয়লৈ দুদিনীয়া কাৰ্যসূচী লৈ কাইলৈ বিয়লিৰ ভাগত চিলঙত উপস্থিত হ’ব৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালকগৰাকীৰ চিলঙৰ এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ চিলঙৰ দুদিনীয়া এই প্ৰৱাসত ড॰ ভাগৱতজীয়ে ৰাজ্যখনৰ স্বয়ংসেৱক কাৰ্যকৰ্তাসকলৰ উপৰিও সমভাৱাপন্ন, শুভচিন্তকসকলৰ লগত মত বিনিময় অনুষ্ঠানত মিলিত হোৱাৰ লগতে ৰাজ্যখনত সংঘৰ কৰ্মবিস্তাৰ সম্পৰ্কেও চৰ্চা কৰিব৷ সৰসংঘচালকগৰাকীয়ে চিলঙত সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক সমাবেশত ভাগ ল’ব৷ উক্ত সময়ত তেওঁ কিছুমান গুৰুত্বপূৰ্ণ বিষয় যেনে পৰিৱেশ সংৰক্ষণ, গ্ৰাম্য উন্নয়নৰ লগতে পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰীয় প্ৰমূল্য গুৰত্বৰ ওপৰতো বিশ্লেষণ আগবঢ়াব৷ আনহাতে, ডাঃ মোহন ভাগৱতে ২৬ ছেপ্টেম্বৰত চিলঙৰ পৰা গুৱাহাটীত উপস্থিত হ’ব৷ সৰসংঘচালকগৰাকীয়ে গুৱাহাটীত ২৭ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যবিস্তাৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব বুলি প্ৰান্তঃ প্ৰচাৰপ্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে৷ ২৮ ছেপ্টেম্বৰত সৰসংঘচালকগৰাকী উভতি যাব৷

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং

তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, গেমন আৰু ছিংলা নামৰ নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা দলংখনৰ সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ নগাঁৱৰ কলিয়াবৰৰ পৰা তেজপুৰৰ দোলাবাৰীপৰ্যন্ত নিৰ্মীয়মান চাৰিশৰীয়া পথৰ ৩.০৪ কিলোমিটাৰৰ এক অংশ এই দলংখনৰ নিৰ্মাণত ব্যয় হৈছে ৪১৩কোটি টকা৷ আজি এই দলংখন পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে এই তথ্য প্ৰকাশ কৰে৷ সাংসদ কামাখ্যা প্ৰসাদ তাছাসহ কলীয়াভোমোৰা অঞ্চলত নিৰ্মিত দলংখন আজি পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী মোদী অৰুণাচল প্ৰদেশৰ ইটানগৰত নিৰ্মিত বিমানকোঠ আৰু কামেং নদীত নিৰ্মিত ছশ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম প্ৰকল্প উদ্বোধন কৰিবলৈ আহিব আৰু এই সময়তে একেলগে তেজপুৰ-নগাঁও সংযোগী দলংখনো উদ্বোধন কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা কৰা হ’ব৷ ৰিজিজুৱে কয় যে, দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এতিয়া মাত্ৰ এইখন উদ্বোধনৰ বাবেহে ৰৈ থকা হৈছে৷ গতিকে এই বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা দলংখন উদ্বোধনৰ এটা দিন থিৰাং কৰা হ’ব৷ তেওঁ এই প্ৰসংগতে কয় যে, অহা মাহত প্ৰধানমন্ত্ৰী অৰুণাচল প্ৰদেশলৈ আহিব আৰু সেই ভ্ৰমণসূচীতে এইখন দলঙো উদ্বোধন কৰাৰ চেষ্টা কৰা হ’ব৷ ৰিজিজুৱে কয় যে, কলীয়াভোমোৰাৰ প্ৰথমখন দলঙৰ ওপৰৰে যাতায়াত বহু অধিক হৈছে আৰু এনে অৱস্থাত দলংখনে বহনক্ষমতা হেৰুৱাইছে৷ গতিকে দ্বিতীয়খন দলং উদ্বোধন হ’লে সেই সমস্যা লাঘৱ হ’ব৷ তেওঁ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰে জড়িত প্ৰতিষ্ঠান দুটাৰ অভিযন্তাসকলৰে আলোচনা কৰে৷ ৰিজিজুৱে কয় যে, ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু ৰাজ্যৰ মধ্যভাগত এই দুখন দলং আছে আৰু এই দুখন দলঙে ৰাজ্যৰ উত্তৰ পাৰৰ লগতে অৰুণাচল প্ৰদেশ তথা ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু নাগালেণ্ড, মণিপুৰ সকলোকে সংযোগ কৰিছে৷ এই দুখন দলঙৰ গুৰুত্ব অতি বেছি বুলি প্ৰকাশ কৰি তেওঁ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তথা ব্যৱসায়, বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নৰ বাবেও এই নতুন দলংখনৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে৷  কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয় যে, উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাত সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই দলংখনে৷ দৈনিক দেশৰ সেনাৰ অহা-যোৱা লগতে অন্যান্য সুৰক্ষা বিভাগৰ বাবে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত সুবিধাজনক হ’ব বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰই বাংলাদেশলৈকে সংযোগ কৰা জলপথৰ সংযোগৰ দিশটোও যোগাত্মকভাৱে আগবাঢ়িছে৷ ৰিজিজুৱে কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী কাৰণতে কিছু পলম হোৱাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে দায়িত্ব গ্ৰহণৰ পাছতে দেশৰ উত্তৰ-পূৰ্বাঞ্চল যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে৷ তেওঁ এই প্ৰসংগত কয় যে অৰুণাচল প্ৰদেশতে যি দূৰত্ব অতিক্ৰম কৰিবলৈ দুদিন লাগিছিল বৰ্তমান সেই দূৰত্ব দুঘণ্টাত অতিক্ৰম কৰিব পাৰি৷ আনহাতে, ১৯৭০ৰ শেষৰ ফালে আৰু ১৯৮০ ৰ আৰম্ভণিত তেজপুৰ হৈ নৈপথেৰে যাত্ৰাৰ স্মৃতি স্মৰণ কৰে ৰিজিজুৱে৷ ইপিনে, কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং উদ্বোধনৰ পাছতে প্ৰথমখন দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গেমনৰ অভিযন্তাসকলে৷