Logo
image

চালক সদ্‌গুৰু, যাত্ৰী মুখ্যমন্ত্ৰী

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰত মন্ত্ৰী, আমোলা, বিষয়াক দীক্ষা দিবলৈ কাজিৰঙালৈ অহা ঈশা ফাউণ্ডেশ্বনৰ মুৰব্বী সদগুৰু জগ্গী বাসুদেৱ চমুকৈ সদ্‌গুৰুৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সন্মুখৰ আসনত বহুৱাই নিজে চালকৰ আসনত বহি চলালে জীপ্‌ছী গাড়ী৷ সদগুৰুৰ জীপছীৰ দ্বিতীয় শাৰীৰ আসনত স্থান পালে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ সদ্‌গুৰুৱে শণিবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ ভিতৰত জীপ ছাফাৰী কৰি আনন্দিত হৈ পৰে৷ বন বিভাগৰ জীপছীৰে সদ্‌গুৰু মুখ্যমন্ত্ৰীৰ সৈতে বনৰ বহু ভিতৰলৈ সোমাই যায়৷ হাতী, গঁড় আদি বন্যজন্তু প্ৰত্যক্ষ কৰি কাজিৰঙাক প্ৰশংসাৰে উপচায় পেলায় সদ্‌গুৰুৱে৷ কাজিৰঙাত গঁড় চিকাৰ হ্ৰাস পোৱা তথা গঁড়ৰ সংখ্যা বৃদ্ধিত সদগুৰুৱে সন্তুষ্টি প্ৰকাশ কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে সদগুৰুৰ উপস্থিতিত শণিবাৰে কাজিৰঙাৰ মিহিমুখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰে৷ ইয়াৰ পূৰ্বে সদ্‌গুৰুৱে মুখ্যমন্ত্ৰীৰ সৈতে কঁহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰত বন বিভাগে নিৰ্মাণ কৰা মাক-পোৱালীৰ সৈতে তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি পৰ্যটকৰ আকৰ্ষণৰ বাবে মুকলি কৰে৷ উল্লেখ্য, বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰৰ দিনটোত বোকাখাত ৰাজহুৱা খেলপথাৰত দাহ কৰা ২,৪৭৯টা গঁড়ৰ চিতাভস্মৰে উক্ত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে বুলি মুখ্য প্ৰধান বন সংৰক্ষকে জানিবলৈ দিয়ে৷ এই তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰিয়েই  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুখ্যমন্ত্ৰীৰ সৈতে ভ্ৰমণ কৰে সদগুৰুৱে ৷ উল্লেখ্য যে বিশেষ বিমানেৰে যোৰহাটলৈকে অহা সদগুৰুৱে যোৰহাটৰ পৰা এখন গাড়ীৰে কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙাত উপস্থিত হৈয়েই সদগুৰুৱে সাংবাদিকৰ আগত কয় যে এই ভূমিৰ পৰিৱেশ অতি সুন্দৰ৷ প্ৰাকৃতিক মনোমোহা৷ সেউজ ধৰা৷ এই ভূমিত বাস কৰা লোকসকল ভাগ্যৱান৷