Logo
image

সোৱণশিৰিক ভেটিব কোনে

পুনৰ খহিল পাহাৰ

এনএইচপিচিৰ ৫টা ইনটেক্‌ টানেলৰ দুটা সম্পূৰ্ণ বন্ধ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ প্ৰকল্পটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চৰম অনিশ্চয়তাৰ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বছৰৰ পাছত বছৰ ধৰি বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ বা ৰাজ্য চৰকাৰে এনে প্ৰতিবাদী কাৰ্যসূচীক সম্পূৰ্ণ আওকাণ কৰি পূৰ্ণগতিত অব্যাহত ৰাখিছে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য৷ আনকি এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰো সহায় লৈছে৷ কিন্তু এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ ওপৰত যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি৷ এটাৰ পাছত আনটো অঘটন সংঘটিত হৈ আছে প্ৰকল্পটোৰ অভ্যন্তৰত৷ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিও এইপৰ্যন্ত সোৱণশিৰি নৈক ভেটিব পৰা নাই এনএইচপিচিয়ে৷ উল্লেখ্য, যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি পৰিছে৷ ইফালে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকৃতিয়ে ধাৰাবাহিকভাৱে ৰুষ্ট হৈ অহাত প্ৰকল্প নিৰ্মাণত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে পূৰ্বে দুটাকৈ ডাইভাৰ্ছন টানেল বন্ধ হৈ থকাৰ ফলত যোৱা নিশাৰ পৰা নিৰ্মীয়মান প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে পানী অত্যাধিকৰূপত ব’বলৈ ধৰাত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ প্ৰকৃতিৰ ওচৰত একপ্ৰকাৰে হাৰ মানিছে নিৰ্মাণকাৰী সংস্থাটোৱে৷ ইফালে প্ৰকৃতিয়ে ৰুষ্টৰূপ ধাৰণ কৰাত প্ৰকল্পস্থলীৰ পৰা নিৰ্মাণকাৰী সংস্থাটোৱে বিভিন্ন সা-সৰঞ্জামৰ লগতে একাংশ শ্ৰমিক-কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছে৷ প্ৰকল্পটোত এতিয়া কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলে একপ্ৰকাৰে আতংকৰ মাজেৰে সময় পাৰ কৰিছে৷ উল্লেখনীয় কথা যে, কিছুদিনৰ পূৰ্বে এনে ভূমিস্খলনৰ ফলত দুটাকৈ ডাইভাৰ্ছন টানেল বন্ধ কৰাৰ লগতে প্ৰকল্পৰ সোঁপাৰে পাহাৰ খান্দি সুৰঙ্গ নিৰ্মাণেৰে প্ৰকল্পস্থলীত শ্ৰমিক-কৰ্মচাৰী বিষয়াসকল উপস্থিত হোৱাৰ বাবে পথ নিৰ্মাণ কৰা হৈছে৷ সঘনাই গেৰুকামুখৰ থুনুকা পাহাৰ খহি পৰাত এন এইচ পি চি কতৃপক্ষও বিমোৰত পৰিছে৷ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়া প্ৰকল্পটোৰ এনে অথন্তৰে নিৰ্মাণকাৰ্যত বাৰে বাৰে যতি পেলাই আহিছে৷ লক্ষণীয় কথা যে, ১১৬ মিটাৰ উচ্ছতাৰ এই বান্ধটোৰ নিৰ্মাণকাৰ্য সামগ্ৰিকভাৱে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে আৰু শেহতীয়াকৈ মূল বান্ধত সংলগ্ন ৯ খনকৈ গেটৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত অব্যাহত থকাৰ সময়তে বৃহৎ নদীবান্ধ প্ৰকল্পটোত অথন্তৰৰ সৃষ্টি হৈছে৷ মূলতঃ দুটাকৈ ডাইভাৰ্ছন টানেল বন্ধ হৈ থকাৰ ফলত আৰু সোৱণশিৰিৰ বক্ষৰে অভাৱনীয় হাৰত পানী বৈ অহাত এই পানীভাগ প্ৰচণ্ড শব্দৰে নিৰ্মীয়মান গেটসমূহৰ ওপৰেৰে তথা মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে৷ নামনিত এই পানীয়ে একপ্ৰকাৰে বিভীষিকাৰ সৃষ্টি কৰাৰ লগতে ঠায়ে ঠায়ে প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰাত নৈপৰীয়া লোকসকল চিন্তিত হৈ পৰিছে৷

যিকোনো মুহূৰ্ততে ছিঙিব পাৰে সোৱণশিৰিৰ ঘন চৰাই মথাউৰি

লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ ঘন চৰাইত সোৱণশিৰি নৈয়ে প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে৷ বিশেষকৈ এন এইচ পি চিৰ ধলে ঘন চৰাইত সোৱণশিৰিৰ ভীমপৰা মথাউৰিত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত ভীমপৰা মথাউৰিটো বিপন্ন হৈ পৰিছে৷ নৈখনৰ খহনীয়াই কালৰূপ ধাৰণ কৰি মথাউৰিটোৰ অধিকাংশ খহাই নিয়াৰ ফলত নৈখনে মথাউৰিটো ছিঙি নিয়াৰ আশংকা ঘনীভূত হৈ পৰিছে৷ নিশ্চিত বানৰ আশংকাত ইতিমধ্যে উক্ত স্থানত জলসম্পদ বিভাগে যুদ্ধকালীন প্ৰস্তুতিৰে কাম চলাই থকাৰ বিপৰীতে লখিমপুৰ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে৷ গেৰুকামুখৰ পাহাৰৰ পৰা বৈ অহা সোৱণশিৰিৰ প্ৰচণ্ড ধলে নৈখনৰ মথাউৰিত খুন্দা মৰাত বিভীষিকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, অৰুণাচল পাহাৰত হৈ থকা প্ৰচণ্ড বৃষ্টিপাতৰ ফলত সোৱণশিৰিৰ জলধাৰা তীব্ৰগতিৰে প্ৰকল্পৰ নিৰ্মীয়মান বান্ধৰ ওপৰেৰে বাগৰি আহি লখিমপুৰৰ নামনিত আতংকৰ সৃষ্টি কৰিছে৷ উক্ত ঢলে লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ ৰক্ষাকৱচ ভীমপৰা মথাউৰিৰ ঘনচৰাইত এটা বৃহৎ অংশ খহাই নিয়াৰ ফলত সমগ্ৰ অঞ্চলটোলৈ তীব্ৰ ভাবুকি নামি আহিছে৷ ফলত যিকোনো মুহূৰ্ততে মথাউৰিৰ অৱশিষ্ট অংশটো ছিঙি পৰাৰ আশংকা পৰিস্ফূট হৈ পৰিছে৷ উল্লেখ্য যে, ঘনচৰাইত সোৱণশিৰি নৈয়ে মথাউৰি ছিঙিলে তেলাহী মৌজাৰ অৰ্ধশতাধিক গাঁও বানত বুৰ যোৱাতো প্ৰায় নিশ্চিত৷ অৱশ্যে মথাউৰিটো ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে আপ্ৰাণ চেষ্টা চলোৱাৰ লগতে যিকোনো বিপদৰ লগত মোকাবিলা কৰিব পৰাকৈ লখিমপুৰ জিলা প্ৰশাসনে মথাউৰিৰ ওপৰত প্ৰশাসন বাহিনীক সষ্টম কৰি ৰাখিছে৷ উল্লেখ্য যে, সোৱণশিৰি নৈয়ে ঘনচৰাইত মথাউৰি ছিঙিবলৈ আৰু মাত্ৰ কেইমিটাৰমানহে বাকী আছে৷ ফলত সমগ্ৰ অঞ্চলটোত সাম্ভাৱ্য বানৰ আশংকাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বহুতে ইতিমধ্যে ওখ তথা নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷