Logo
image

মন্ত্ৰী-আমোলাক সদ্‌গুৰুৰ দীক্ষা, মনোযোগী মুখ্যমন্ত্ৰীও

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ শণিবাৰৰে পৰা তিনিদিনীয়াকৈ কাজিৰঙাৰ শিলডুবিৰ বৰগছ ৰিজ’ৰ্টত আৰম্ভ হোৱা ৰাজ্য চৰকাৰৰ চিন্তন বৈঠকত উপস্থিত মন্ত্ৰী-বিধায়ক তথা প্ৰশাসনিক বিষয়া আমোলাক অনুপ্ৰেৰণামূলক ভাষণ তথা দীক্ষা দিলে সদগুৰুৱে৷ অত্যন্ত মনোযোগেৰে মুখ্যমন্ত্ৰীয়েও শুনিলে সদগুৰুৰ ভাষণ৷ মন্ত্ৰী-বিধায়ক, আমোলাক সম্বোধি সদগুৰুৱে ক’লে– ‘যদি আমি নিজৰ জীৱনটো সঁচাকৈ ঠিক কৰিব নোৱাৰোঁ, তেনেহ’লে আমি ভাবিব পাৰোঁ নে জগতৰ সকলো জীৱনৰ ভাল কৰিব পাৰিম৷’ অসম ভূমিৰ প্ৰশংসাত পঞ্চমুখ হৈ সদগুৰুৱে ক’লে– ‘মই অসমলৈ আগত আহিছোঁ যদিও গুৱাহাটীতে মোৰ যাত্ৰা সমাপ্ত হৈছিল৷ বেলেগ স্থানলৈ অহা নাছিলোঁ৷ কিন্তু আজি যোৰহাটৰ পৰা গাড়ীৰে আহি দেখিছোঁ অসমখন সুন্দৰ আৰু সমাহিত৷’ ‘মা’ কামাখ্যাৰ উল্লেখ কৰি সদগুৰুৱে কয় যে অসমত নাৰীক পূজা কৰা হয়৷ ভাষণত সদগুৰুৱে উল্লেখ কৰিলে সাতভনীৰ প্ৰসংগও৷ সদগুৰুৱে ক’লে বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমত আছে অমল সম্ভাৱনা৷ এখন দেশৰ বা ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে কেৱল জিডিপিয়েই শেষ সমল নহয়৷ উদ্যোগ  স্থাপন বা মাইনিঙে সহজাত জিডিপি উধবৰ্গামী কৰে৷ কিন্তু এয়া ক্ষণস্থায়ী৷ ৫০ বছৰৰ পাছত আমাৰ শিশুসকলে অভিশাপ দিব আমি কৰা কাৰ্যৰ বাবে৷ অসমৰ অৰ্থনীতি শক্তিসালী কৰিবলৈ ইক’ টুৰিজিমৰ গুৰুত্ব দিবলৈ আহ্বান জনালে সদগুৰুৱে৷ তেওঁ কয় যে অসমত ইক’ টুৰিজিমৰ বিপুল সম্ভাৱনা আছে৷ এতিয়া বিশ্বত মানুহে নৈসৰ্গিক প্ৰাকৃতিক শব্দ শুনিবলৈ আৰু প্ৰকৃতিৰ নিৰৱতাৰ সৈতে সহৱাস কৰিবলৈ হাবাথুৰি খাইছে, প্ৰকৃতি-বিশ্বৰ এতিয়া বৃহৎ আকৰ্ষণ হৈ পৰিছে৷ অসমত যেনেধৰণৰ জীৱজন্তু আছে এনেধৰণৰ বিশ্বৰ স্থানসমূহ এতিয়াও বিশ্ব পৰ্যটনৰ তালিকাত নাই৷ অসমে নিজৰ বন আৰু প্ৰকৃতি সুৰক্ষিত কৰিব লাগিব৷ পৰ্যটনখণ্ডৰ বিকাশে ভূমিৰ সংৰক্ষণৰ ক্ষেত্ৰতো কাম কৰিব বুলি সদ্‌গুৰুৱে মত পোষণ কৰে৷ অসমক উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডুৰ উন্নয়ন নালাগে বুলি মন্তব্য কৰি সদগুৰুৱে কয় যে আন্তঃগাঁথনিৰ নামত বনাঞ্চল ধবংস হ’ব নালাগে৷ পুৰণিকলীয়া শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ পোষকতা কৰি সদগুৰুৱে গুৰুত্ব দিয়ে শিশুক সংস্কৃত ভাষাৰ শিক্ষাদানত৷ তেওঁ কয় যে সংস্কৃত ভাষাৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ নিউমাৰিকেল জ্ঞান বৃদ্ধিত সহায় কৰে৷ ইংলেণ্ডৰ সকলো আগশাৰীৰ স্কুলতো ছাত্ৰ-ছাত্ৰীক সংস্কৃত ভাষাৰ শিক্ষা দিয়া হয়৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদগুৰুৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে৷ ভূমি বাচাওক শীৰ্ষক সজাগতা কাৰ্যসূচীৰ সূচনা কৰা সদগুৰুৰ ইশা ফাউণ্ডেশ্বনৰ সৈতে ৰাজ্য চৰকাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ এই বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ কৃষি পদ্ধতিৰ মাটিৰ বহনক্ষম ব্যৱস্থাৰ দিশত নিৰ্দেশাত্মক সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ সদগুৰুৱে মুখ্যমন্ত্ৰীক ৰাজ্যখন পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় কি কি গুণ থকা দৰকাৰ তাৰো ব্যাখ্যা আগবঢ়ায়৷ প্ৰায় এঘণ্টাতকৈও অধিক সময় ধৰি সদগুৰুৱে বিভিন্ন উপমাৰে বক্তব্য আগবঢ়ায়৷ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদ আৰু আমোলা-বিষয়াই সদগুৰুৰ প্ৰৱচন মন্ত্ৰমুগ্ধ হৈ শুনে৷ আজি পুৱা দ্বিতীয় দিনাৰ চিন্তন শিবিৰত শ্ৰীশ্ৰী ৰবিশংকৰে প্ৰৱচন আগবঢ়ায়৷ তিনিদিনীয়া কাৰ্যক্ৰমেৰে শণিবাৰৰে পৰা আৰম্ভ হোৱা চিন্তন শিবিৰত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, পৰ্যটন, স্বাস্থ্য, কৃষিকে ধৰি সকলো মন্ত্ৰী আৰু কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্ত৷