Logo
image

ৰ’জাৰ ফেডাৰাৰক অশ্ৰুসিক্ত বিদায়

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ টেনিছক বিবৰ্ণ কৰি বিদায় ল’লে ফেডাৰাৰে৷ দুচকুত লোতক লৈ কৰ্ট এৰিলে ৰ’জাৰ ফেডাৰাৰে, পৰাজয়েৰে; কিন্তু এটা  সম্পূৰ্ণ নিখুঁত যাত্ৰাৰে৷ যি ৰাফাল নাডালক সদায় নেটৰ সিপাৰে কৰ্টত প্ৰতিপক্ষ হিচাপে পাইছিল, সেই নাডালক নেটৰ এইপাৰে, অৰ্থাৎ সংগী হিচাপে লৈ লেভাৰ কাপত শেষখন মেচ খেলিলে ফেডাৰাৰে৷ তেওঁৰ বাবে সেয়া আছিল অনন্য অনুভূতি৷ দুয়ো মেচখন পৰাজয়েৰে সামৰিলে, টেনিছ বুকৰ পৰিসংখ্যাত লিখা থাকিব মেচখনৰ এই ফলাফল পৰাজিত প্ৰতিদ্বন্দ্বীৰূপে৷ কিন্তু বিগত দুটা দশকত তেওঁ বিশ্বৰ তামাম টেনিছপ্ৰেমীক যি অনবদ্য টেনিছৰ যাদু উপহাৰ দি গ’ল–তাৰ পাছত বিদায়ৰ পৰাজয় স্বত্বেও পৰাজিত নহয় ফেডাৰাৰ, আজীবন বিজয়ী এক টেনিছ নায়ক৷ যাৰ বিদায়ত বিবৰ্ণ হৈ পৰে সমগ্ৰ বিশ্বৰ টেনিছ ক্ষেত্ৰ, উকা হৈ পৰে টেনিছ কৰ্ট৷ স্বৰূপাৰ্থতে আজিৰ পৰা ফেডাৰাৰবিহীন টেনিছ বিবৰ্ণ৷

টেনিছ চাৰ্কিটত চৰ্চা হয়–ফেডাৰাৰৰ খেল আল্পছ পৰ্বতৰ দৰেই সুন্দৰ কিন্তু সমানেই ভয়ংকৰ৷ ৰ’জাৰ ফেডাৰাৰৰ হাতত পৰি টেনিছ হৈ পৰিছিল শিল্প, ঠিক ষ্টেফি গ্ৰাফৰ দৰে৷ কৰ্টত তেওঁৰ পদসঞ্চাৰ ৰেম্পত খোজকঢ়া মডেলৰ দৰে, অথচ সেই সাবলীল পদসঞ্চাৰেৰে ফেডাৰাৰে প্ৰতিপক্ষ শত্ৰুলৈ হাতৰ ৰেকেটৰ পৰা এৰি দিয়ে বিষ৷ দেহত সুষমা, খেলত বিষ–যি কথা কোৱা হয় ষ্টেফিৰ খেলক, ঠিক সেই একে কথাই প্ৰযোজ্য ফেডাৰাৰৰ খেলতো৷ নিমাখিত, নিষ্কলুষ এক মুখাবয়ব, ঠিক যেন ‘বেবী ফেচ’, অথচ তেওঁৰ ৰেকেটত লুকাই থাকে দুৰ্জেয় শক্তি৷ হাঁহি হাঁহি শত্ৰুপক্ষলৈ এৰি দিয়ে দুইহতীয়া ক্ৰছকৰ্ট ফ’ৰহেণ্ড, স্পৰ্শাতীত বেকহেণ্ড আৰু গভীৰতকৈয়ো গভীৰতৰ গ্ৰাউণ্ডষ্টোক৷ কৰ্টত তেওঁৰ সাবলীল গতিত খেলত বিষ থাকে, কিন্তু মুখাবয়ব সদায় শান্ত, কেতিয়াও দেখা নাযায় প্ৰতিপক্ষৰ প্ৰতি দুৰ্দান্ত শক্তিৰে জপিয়াই পৰা শত্ৰুতাৰ চিহ্ন৷ তেনে স্নিগ্ধ খেলেৰেই ফেডাৰৰে যোৱা ২৪ বছৰ ধৰি সংহাৰ কৰি গ’ল কৰ্টৰ সিপাৰৰ শত্ৰুক৷ ঠিক আল্পছৰ দৰেই তেওঁৰ মূৰ্তি–সুন্দৰ অথচ ভয়ংকৰ৷ শিল্পৰ সমাহাৰেৰে স্নিগ্ধ আক্ৰমণ, কিন্তু কাৰ্যকৰী৷ নহ’লে ১৯৯৮ চনত পেছাদাৰী টেনিছত ভৰি থোৱাৰ পাছত তেওঁৰ বিজয়ৰথ কোনোৱে স্তব্ধ কৰিব নোৱাৰিলেহেতেন নে? ২৪ বছৰৰ কেৰিয়াৰত ২০ টা গ্ৰেণ্ডশ্লাম মুকুট কেৱল টেনিছ খেলুৱৈৰ বাবে ঈৰ্ষাৰ কাৰণেই নহয়, স্পৰ্শাতীতো৷ ৰাফাল নাডালে পৰ্বতসম প্ৰতিদ্বন্দ্বী হৈ তেওঁৰ বিপক্ষে থিয় নোহোৱাহ’লে আৰু কেইটামান ফ্ৰেন্স অপেন খিতাপ সোমালহেঁতেন তেওঁৰ জোলোঙাত৷ একমাত্ৰ নাডালৰ বাবেই তেওঁ মাত্ৰ এটা ফ্ৰেন্স অপেন খিতাপতে সন্তুষ্ট থাকিল, কিন্তু বাকী তিনিখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাৰ ১৯ টা মুকুট তেওঁ সংগ্ৰহ কৰিলে সূদে-মুলে, ইচ্ছামতে৷ বিশ্ব টেনিছত নিজকে এক শক্তিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা ফেডাৰাৰক কেন্দ্ৰ কৰি আবৰ্তন ঘটিছিল টেনিছ জগতৰ৷ কিন্তু বাঢ়ি অহা বয়স আৰু বাৰে বাৰে সন্মুখীন হোৱা আঁঠুৰ আঘাতে তেওঁক অৱশেষত থমকি ৰ’বলৈ বাধ্য কৰিলে৷ সেয়ে টেনিছক বৰ্ণহীন কৰি বিদায় ল’লে ফেডাৰাৰে শনিবাৰে নিশা, একেবাৰে কৰ্টৰ পৰা৷