Logo
image

বিজেপি নেতাৰ ৰিজ’ৰ্টত যুৱতী কৰ্মীক ধৰ্ষণ, হত্যা

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ উত্তৰাখণ্ডৰ শীৰ্ষস্থানীয় বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যই হত্যা কৰা বুলি অভিযোগ উঠা তেওঁৰ ৰিজৰ্টৰ ৰিচিপছনিষ্ট অংকিতা ভাণ্ডাৰীৰ মৃতদেহ শনিবাৰে চিলা পাৱাৰাহাউছৰ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে৷ বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যই সুন্দৰী ৰিচিপছনিষ্ট অংকিতা ভাণ্ডাৰীক তেওঁৰ ঋষিকেশস্থিত ভানাতাৰা নামৰ ৰিজৰ্টখনলৈ অহা নামী-দামী অভ্যাগতৰ সৈতে শয্যাসংগিনী হ’বলৈ প্ৰবল হেঁচা দিছিল৷ অভিযোগ অনুসৰি ১৯ বছৰীয়া অংকিতা সেই প্ৰস্তাৱত ৰাজী নোহোৱাৰ বাবেই ৰিজৰ্টখনৰ মালিক পুলকিতে আন দুই সংগীৰ সৈতে অংকিতাক এটা দ খাললৈ গতিয়াই দি হত্যা কৰে৷ এই ঘটনা সংঘটিত হয় যোৱা দেওবাৰে৷ অংকিতাৰ পৰিয়ালৰ অভিযোগমৰ্মে শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্ত পুলকিত আৰু তেওঁৰ দুই সংগী সৌৰভ ভাস্কৰ আৰু অংকিত গুপ্তক গ্ৰেপ্তাৰ কৰিছিল৷ শনিবাৰে উত্তৰাখণ্ড ৰাজ্যিক বিজেপিয়ে আগশাৰীৰ নেতা বিনোদ আৰ্য আৰু তেওঁৰ আন এজন পুত্ৰ অংকিত আৰ্যক দলৰ পৰা বহিষ্কাৰ কৰে৷ বিনোদ আৰ্য উত্তৰাখণ্ডৰ মাটি কালা বৰ্ডৰ অধ্যক্ষ আছিল, য’ৰ পদমৰ্যাদা ৰাজ্যিক মন্ত্ৰীৰ সমপৰ্যায়ৰ৷ আনহাতে হত্যাত অভিযুক্ত পুলকিতৰ ভাতৃ অংকিত আছিল ৰাজ্যিক অ’বিচি আয়োগৰ উপাধ্যক্ষ৷ অংকিতাৰ গাঁৱৰ বিক্ষুদ্ধ জনতাই শনিবাৰে ঋষিকেশৰ ভানাতাৰা নামৰ ৰিজৰ্টখন জ্বলাই দিয়ে৷ আনহাতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত প্ৰশাসনে বুলডজাৰ চলাই ৰিজৰ্টখন ভাঙি পেলায়৷

সুন্দৰী ৰিচিপছনিষ্ট অংকিতা ভাণ্ডাৰীক উত্তৰাখণ্ডৰ শীৰ্ষ স্থানীয় বিজেপি নেতাজনৰ পুত্ৰই তেওঁৰ মালিকানাধীন ৰিজৰ্টত ক্ষমতাশালী অভ্যাগতৰ সৈতে শয্যাসংগিনী হ’বলৈ হেঁচা প্ৰয়োগ কৰা বুলি অংকিতাৰ পৰিয়ালে তোলা অভিযোগত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰিজৰ্টলৈ অহা পৰ্যটকক দৈহিক সুখ দিবলৈ অস্বীকাৰ কৰাৰ বাবেই বিজেপি নেতাৰ পুত্ৰই তেওঁৰে ৰিজৰ্টৰ কৰ্মচাৰীক হত্যা কৰাৰ ঘটনায়ো নিৰ্বাচনমুখী ৰাজ্যখনৰ ৰাজনীতিত প্ৰবল জোকাৰণি তুলিছে৷ অংকিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি পুলকিত আৰ্যই ইতিপূৰ্বে বলপূৰ্বকভাৱে অংকিতাৰ দ্বাৰা অনৈতিক কাৰ্য সংঘটিত কৰোৱাইছিল৷ হত্যাৰ ঠিক পূৰ্বে অংকিতাই পুলকিতৰ পূৰ্বৰ সকলো কথা ৰাজহুৱা কৰি দিব বুলি ভাবুকি দিয়াত তিনি বন্ধুৱে মিলি অংকিতাক খাললৈ গতিয়াই দিয়ে বুলি প্ৰাথমিক অনুসন্ধানতে ওলাই পৰিছে৷ ফলত বিজেপি নেতাজনৰ পুত্ৰই পূৰ্বৰে পৰা তেওঁৰ ৰিজৰ্টত অংকিতাক অনৈতিক কাৰ্যত বলপূৰ্বকভাৱে ব্যৱহাৰ কৰা বুলি পৰিয়ালে যি অভিযোগ উত্থাপন কৰিছে সেয়া যথাৰ্থ প্ৰমাণিত হৈছে৷ উল্লেখ্য, হত্যাৰ দিনা ৰিজৰ্টৰ স্বত্বাধিকাৰ পুলকিত, তেওঁৰ দুই বন্ধু অংকিত আৰু সৌৰভৰ সৈতে ৰিজৰ্টৰ পৰা কান্দি কান্দি ওলাই আহিছিল অংকিতা৷ তাৰ পূৰ্বে ৰিজৰ্টতে অংকিতা-পুলকিতৰ কথা কটাকটি হৈছিল৷ ধাৰণা কৰা অনুসৰি পুলকিতে সেইদিনাও অংকিতাক ৰিজৰ্টৰ আলহীৰ সৈতে শয্যা সংগিনী হ’বলৈ হেঁচা দিছিল৷ কিন্তু অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰে আৰু হেঁচা উপেক্ষা কৰে৷ তেতিয়া তিনিও বন্ধুৱে অংকিতাক একপ্ৰকাৰ বলপূৰ্বক ঋষিকেশৰ দিশে লৈ যায়৷ অংকিতাই ৰিজৰ্টৰ পৰা কান্দি কান্দি ওলাই অহা বুলি ৰিজৰ্টৰ কৰ্মচাৰীয়ে আৰক্ষীক জনাইছে৷ আনকি অংকিতাই ওলাই আহোতে নিজৰ ভেমিটী বেগটোও লগত লৈ আহিব পৰা নাছিল৷ তাৰ পৰা ওলাই তেওঁলোকে ঋষিকেশ বেৰেজ হৈ প্ৰথমে এইমছ আৰু তাৰ পাছত চিলা ৰোডলৈ যায়৷ তাৰ কাষতে চিলা খাল, য’ত এটুকুৰা অন্ধকাৰ স্থানত চাৰিজন বহি কোনো বিষয় আলোচনা কৰে আৰু পুনৰ অংকিতা-পুলকিত তৰ্কত লিপ্ত হয়৷ ইতিমধ্যে তিনিও বন্ধুৱে মদ্যপান কৰিছিল৷ উত্তপ্ত বাক্য বিনিময়ৰ মাজতে অংকিতাই কয় যে ৰিজৰ্টত তেওঁৰ সৈতে যি যি ঘটিছে সেই সকলো কথা তেওঁ ৰাজহুৱা কৰি দিব৷ তেতিয়াই পুলকিতে অংকিতাক খানলৈ গতিয়াই দিয়ে৷ পানীত ককবকাই থাকি অংকিতাই তিনিওকে বহুবাৰ পানীৰ পৰা তুলিবলৈ অনুৰোধ জনালেও তেওঁলোকে খালৰ পাৰতে বহি সেই অনুৰোধ উপেক্ষা কৰি ম’ম’ৰ সৈতে মদ্যপান কৰে৷ পাছত তেওঁলোকে মৃত অংকিতাক এৰি সেই স্থান ত্যাগ কৰে৷ সুন্দৰী ৰিচিপছনিষ্ট অংকিতা ভাণ্ডাৰীক হত্যাৰ পূৰ্বে বিজেপি নেতাৰ পুত্ৰই দুই বন্ধুৰে মিলি বলাৎকাৰ কৰিছিল বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে৷ নিহত অংকিতাৰ মৰণোত্তৰ পৰীক্ষাৰ সামগ্ৰিক ফলাফলত সেই তথ্য ধৰা পৰিব পাৰে৷ কিন্তু যোৱা শনিবাৰেই মৃত্যু হোৱা ১৯ বছৰীয়া অংকিতা সঁচাকৈ মৃত্যুৰ পূৰ্বে বলাৎকাৰৰ বলি হৈছিল নে নাই, সেয়া নিৰূপন কৰা কঠিন কাম বুলি মন্তব্য কৰিছে ফৰেনচিক বিশেষজ্ঞই৷ নিৰ্বাচনমুখী উত্তৰাখণ্ডত এই ঘটনাই বিজেপিক শলঠেকত পেলাব বুলি আশংকা কৰিয়েই গেৰুৱা দলটোৱে তাৎক্ষনিকভাৱে অভিযুক্তৰ পিতৃ-ভাতৃক দলৰ পৰা বৰ্খাস্ত কৰিছে৷ উত্তৰ প্ৰদেশত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ [ৰাজ্যিক] পুত্ৰই গাড়ীৰে খুন্দিয়াই আন্দোলনকাৰীক হত্যা কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীয়ে পদত্যাগ কৰা নাছিল৷ উত্তৰাখণ্ডত বিজেপিয়ে একমাত্ৰ নিৰ্বাচনৰ স্বাৰ্থতে  এই কঠোৰতা প্ৰদৰ্শন কৰা বুলি চৰ্চা হৈছে৷