Logo
image

আন্দোলন সামৰি ঘৰাঘৰি গ’ল ৬ জনগোষ্ঠী

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ জনজাতিকৰণৰ দাবীত কৰা আন্দোলন সামৰি ঘৰাঘৰি গ’ল ছয় জনগোষ্ঠী৷ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাছত নৱেম্বৰ পৰ্যন্ত সকলো প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখি ঘৰমুৱা হ’ল মৰাণ, মটক, চুতীয়া, টাই আহোম, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ উমৈহতীয়া সংগঠন ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ নেতাসকল৷ ইতিপূৰ্বে জনজাতিকৰণ তথা পৃথক কমতাপুৰ ৰাজ্য ঘোষণাৰ দাবীত ২৪ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা ফোনকলৰ পাছতে সামৰিছিল কোঁচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছুৱে৷ অৱশ্যে ইয়াকে লৈ দুটা মেৰুত বিভক্ত হৈছে আক্ৰাছু৷ মুখ্যমন্ত্ৰীৰ মৌখিক আশ্বাসতে প্ৰতিবাদী কাৰ্যসূচী নৱেম্বৰ পৰ্যন্ত স্থগিত ৰখাকলৈ ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ নেতা-কৰ্মীৰ মাজতো দূৰত্ব বৃদ্ধি পাইছে৷ ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ ভূমিকাত অসন্তুষ্ট ছয় জনগোষ্ঠীৰ একাংশ জনতা৷ মুখ্যমন্ত্ৰীৰে আলোচনাত বহা একাংশ নেতাৰ মতে মৰাণ, মটক, চুতীয়া আৰু কোঁচ ৰাজবংশী সকলক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই৷ আহোম আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাত কিছু কাৰিকৰী অসুবিধা আছে৷ আহোমসকলৰ জনজাতিকৰণত তীব্ৰ আপত্তি কৰিছে ট্ৰাইবেল সংঘই৷ মুখ্যমন্ত্ৰীয়ে নৱেম্বৰৰ ভিতৰত ট্ৰাইবেল সংঘ আৰু আহোম জনগোষ্ঠীৰ প্ৰতিনিধিৱে এখন বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিছে৷ উল্লেখ্য, আন্দোলন এৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শুকুৰবাৰে দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিছিল ছয় জনগোষ্ঠীৰ প্ৰতিনিধি৷ বৃহস্পতিবাৰে ছয় জনগোষ্ঠীৰ কেইবাশ প্ৰতিবাদকাৰীয়ে জনজাতিকৰণৰ দাবীত গুৱাহাটী কঁপোৱাৰ পাছত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল ৰাজ্য চৰকাৰে৷ সেইমতে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে বিয়লি তিনি বজাত আলোচনাত মিলিত হয় ছয় জনগোষ্ঠীৰ প্ৰতিনিধি৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত চৰকাৰে ছমাহৰ পৰা এমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আশ্বাস দিয়ে৷ ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ প্ৰতিনিধিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিয়ে৷ সেইমতে ৰাজ্য চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে আৰু চৰকাৰে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰৰ বাবে আহ্বান জনায়৷ ইয়াৰ পাছত ছয় জনগোষ্ঠী ঐক্যমঞ্চই ২৬ ছেপ্টেম্বৰৰ অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত সদৰি কৰামতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অক্টোবৰৰ শেষত অথবা নৱেম্বৰৰ প্ৰথম ভাগত অনুষ্ঠিত কৰা হ’ব ত্ৰিপাক্ষিক বৈঠক৷ বৰ্তমানৰ জনজাতি আৰু ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ মাজতো বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্ৰী হাজৰিকাই কয়৷ উল্লেখ্য, জনজাতিকৰণৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ প্ৰতিবাদকাৰী দিছপুৰ ঘেৰাও কৰিবলৈ আহিছিল৷ কিন্তু দিছপুৰ জনতা ভৱন পোৱাৰ পূৰ্বে বাধা দিয়া হয় ছয় জনগোষ্ঠী ঐক্যমঞ্চক৷ ইয়াকে লৈ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় দিছপুৰ লাষ্টগেটত৷ প্ৰতিবাদকাৰীসকলে দিছপুৰ লাষ্টগেটতে জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷  উল্লেখ্য, বৃহস্পতিবাৰৰ প্ৰতিবাদ বিফল কৰিবলৈ বুধবাৰৰ পুৱাৰ পৰা বিভিন্ন ষড়যন্ত্ৰমূলক কৌশল অৱলম্বনৰ জৰিয়তে  প্ৰতিবাদী জনতাক ভাগ ভাগ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছিল ৰাজ্য চৰকাৰে৷ চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বদ্ধ পৰিকৰ ছয় জনগোষ্ঠীৰ জনতাক আৰক্ষী-প্ৰশাসনৰ যোগেদি চৰকাৰী পক্ষই বুধবাৰৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰে৷ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলক কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ উপৰি কাৰ্যসূচীলৈ আহি থকা অৱস্থাত প্ৰতিবাদীসকলক আৱদ্ধ কৰি ৰাখে৷ এই বাধা নেওঁচি বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ বাবে গৈ থকা প্ৰতিবাদীসকলক পূৰ্বৰে পৰা সাজু হৈ থকা আৰক্ষীৰ লোকে বাধা প্ৰদান কৰে৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য, ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্তৰ্গত সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনী, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনায়৷ ইয়াৰ পাছতে ছয় জনগোষ্ঠী ঐক্যমঞ্চক বুধবাৰে নিশা দিছপুৰলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ প্ৰথম অৱস্থাত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ঐক্যমঞ্চক৷ কিন্তু ঐক্যমঞ্চই এই আমন্ত্ৰণ নাকচ কৰাত পৰৱৰ্তী সময়ত বুধবাৰে নিশাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনাৰ প্ৰতিশ্ৰুতি দিয়া হয় ঐক্যমঞ্চৰ নেতৃত্বক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে নতুন দিল্লীত ব্যস্ত থকাৰ বাবে এই আলোচনাৰ সময় নিশা ১১ বজাত নিৰ্ধাৰণ কৰা হয়৷ কিন্তু ঐক্যমঞ্চই মাজনিশাৰ এই আলোচনাৰ আমন্ত্ৰণক নাকচ কৰে৷ উল্লেখ্য, জনজাতিকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ২০১৯ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীগোট গঠন কৰি দিয়া হৈছিল৷ মন্ত্ৰীগোটে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দিব বুলিও কৈছিল৷ কিন্তু আজি পৰ্যন্ত দিয়া নহ’ল উক্ত প্ৰতিবেদন৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ হৈ আক্ৰাছুৰ একাংশ নেতাই প্ৰচাৰ চলালে তেওঁলোকৰ জনজাতিকৰণ ৯০ শতাংশ হৈ গৈছে৷ কিন্তু কালি আলোচনাত কোৱা হ’ল যে জনজাতিকৰণ ৪০ শতাংশহে হৈছে৷ অৰ্থাৎ এবছৰত জনজাতিকৰণ ৫০ শতাংশ পিছুৱাইহে আহিল৷

চৰকাৰৰ ভূমিকাক সমালোচনা কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ

কোঁচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় ডাবল ইঞ্জিন চৰকাৰে হোহকা পিছলা স্থিতি গ্ৰহণ কৰি সুদীৰ্ঘ দিন ধৰি চৰম প্ৰতাৰণা কৰি আহিছে বুলি কোঁচ ৰাজবংশী জাতীয় পৰিষদে গুৰুতৰ অভিযোগ কৰিছে৷ কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে কয়– ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক বাৰেই তথাকথিত আলোচনাৰ নামত জনগোষ্ঠী কেইটাক কণা হাঁহক পতান দিয়াৰ নামত জনগোষ্ঠী কেইটাৰ মুষ্টিমেয় শাসনাধিষ্ঠ চৰকাৰৰ তথাকথিত জনগোষ্ঠীয় নেতাৰ উন্নয়ন উন্নতিৰ নামত ললিপপ দি জনগোষ্ঠী কেইটাক নায্য অধিকাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে৷ কালি মুখ্য মন্ত্ৰীৰ সতে ছয় জনগোষ্ঠীৰ অনুষ্ঠিত আলোচনাই জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ৰাজ্য চৰকাৰৰ স্থিতিয়ে জনজাতিকৰণৰ ইচ্ছুক যে চৰকাৰে গুৰুত্বই দিয়াই নাই আৰু সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যে কোনো সদিচ্ছা তথা আন্তৰিকতা নাই তাকে স্পষ্ট কৰিছে৷ ইতিমধ্যেই জনজাতিকৰণৰ সকলো বৈশিষ্ট্যপূৰ্ণ কৰা বুলি অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাই প্ৰদান কৰাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিলখনক ৰাজ্য সভাত উত্থাপন কৰিছিল৷ তেনেস্থলত মুখ্য মন্ত্ৰীয়ে আলোচনা কালত জনজাতিকৰণৰ কাম চল্লিশ শতাংশ হে আগবঢ়া বুলি কোৱাটো ষড়যন্ত্ৰমূলক৷ মুখ্য মন্ত্ৰীৰ জনজাতিকৰণৰ কাম চল্লিশ শতাংশ হে আগবঢ়াইছিল বুলি কোৱাৰ পিছতো ইতিমধ্যেই ইয়াৰ পূৰ্বে ছয় জনগোষ্ঠীক ৯০ শতাংশ জনজাতিকৰণৰ কাম আগবঢ়া বুলি ঢাক ঢোল বজাই নিজকে জনগোষ্ঠীয় ৰাইজৰ সন্মুখত টেটু ফলা আভুৱা ভাৰা নেতাসকল কোন সতে মানি লৈ আলোচনা আশাব্যঞ্জক বুলি সংবাদ মাধ্যমত কোৱাটো গৰিহণা যোগ্যই নহয় চৰম লজ্জাজনক৷ সুদীৰ্ঘ কাল চোৱাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হোৱাৰ পিছত যদি ৪০ শতাংশ হে জনজাতিকৰণৰ কাম আগ বাঢ়িছে তেন্তে বাকী থকা৬০ শতাংশ কাম আগবাঢ়িবলৈ আৰু ষাঠি বছৰৰ অধিক কাল লাগিব৷ কোঁচ ৰাজবংশীক জনজাতিকৰণৰ কাম যদি ৪০ শতাংশই বাঢ়িছে তেনেস্থলত ১৯৯৬ চনত কোঁচ-ৰাজবংশীক ভূতপূৰ্ব ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে কি দৰে জনজাতিকৰণ কৰিছিল? মুখ্যমন্ত্ৰীৰ বক্তব্যই সাংসদ ড॰ অমৰ ৰায় প্ৰধাণী নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিৰ কোঁচ-ৰাজবংশীৰ সপক্ষে জনজাতিকৰণৰ প্ৰতিবেদনখনকো নসাৎ কৰিলে৷