Logo
image

নিবিদা বাতিল! সাপ মৰিল লাঠীও নাভাঙিল

মন্ত্ৰী সিংঘালৰ অন্য খেলা

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ গুৱাহাটীৰ নাগৰিকৰ পৰা পৌৰ সম্পত্তি কৰ সংগ্ৰহ কৰাৰ লক্ষ্যৰে বহিঃৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানক ঠিকা দিয়াৰ বাবে নিবিদা আহ্বান কৰাক লৈ শাসকপক্ষৰ গুৱাহাটীৰ তিনি বিধায়কৰ সৈতে মন্ত্ৰী অশোক সিংঘালৰ সংঘাত সৰ্বজনবিদিত৷ অৱশ্যে পৌৰ সম্পত্তি কৰৰ নিবিদাক লৈ এইবাৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ শীতল যুদ্ধ পৰিলক্ষিত হৈছে৷ পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ সিদ্ধান্তক লৈ মন্ত্ৰী সিংঘালে জি এম চিত একনায়কত্ববাদ চলোৱাৰ অভিযোগ কৰি পদত্যাগৰো দাবী জনাইছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ আনকি স্থানীয় বিধায়কৰ সৈতে আলোচনা নকৰাকৈ লোৱা সিদ্ধান্তৰ বাবেও মন্ত্ৰী সিংঘালৰ বিৰুদ্ধে ৰাজহুৱাকৈ ক্ষোভ ব্যক্ত কৰা দেখা গৈছিল সতীৰ্থ বিধায়ক অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক৷ এনে সংঘাতৰ মাজতে এইবাৰ সম্পত্তি কৰক লৈ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ দোহাই দি মেয়ৰ মৃগেন শৰণীয়াই শনিবাৰে ‘মেয়ৰ ইন কাউঞ্চিল’ৰ বৈঠক বহুৱাই সংবাদ মাধ্যমযোগে সম্পত্তি কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা জি এম চিয়ে আহ৩ান কৰা নিবিদা সাময়িকভাৱে বাতিল কৰা বুলি প্ৰকাশ কৰে৷ অৱশ্যে মেয়ৰ শৰণীয়াই জিএমচিত ব্যক্তিগত প্ৰতিষ্ঠানক যিকোনো কামৰ ঠিকা দিয়াৰ নিয়ম আছে বুলি সদৰি কৰি পৌৰ কৰ সংগ্ৰহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলিও জানিবলৈ দিয়ে৷ অৰ্থাৎ মেয়ৰ শৰণীয়াই সম্পত্তি কৰ সংগ্ৰহৰ বৰ্তমানৰ নিবিদা প্ৰত্যাহাৰ কৰাৰ কথা প্ৰকাশ কৰিলেও পৰৱৰ্তী সময়ত  ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তেই পৌৰ কৰ সংগ্ৰহৰ পদক্ষেপ লোৱাৰো ইংগিত দিয়ে৷ অৰ্থাৎ মেয়ৰ মৃগেন শৰণীয়াৰ এই স্থিতিয়ে মন্ত্ৰী অশোক সিংঘালৰ সৈতে চলি থকা শীতল যুদ্ধখনকে প্ৰতীয়মান কৰা বুলিও পৌৰ নিগমৰ ভিতৰচ’ৰাত চৰ্চা লাভ কৰিছে৷ স্বাভাৱিকতে সম্পত্তি কৰক লৈ ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা কমিচনৰ অংকক কেন্দ্ৰ কৰি পৌৰ নিগমত শেহতীয়াকৈ ৰাজনৈতিক যুদ্ধ আৰম্ভ হোৱা বুলিও অভিযোগ উঠিছে৷ এই যুদ্ধত নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে ‘সাপো মৰক লাঠীও নাভাগক’ নীতি গ্ৰহণ কৰা বুলি চৰ্চা চলিছে৷ কিয়নো চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহতে গুৱাহাটী পৌৰ নিগমে ৫০ কোটি টকাৰ অভিলেখ সংখ্যক সম্পত্তি কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ সহায় নোলোৱাকৈয়ে পৌৰ নিগমৰ কৰ্মচাৰীয়েই উক্ত অভিলেখ পৰিমাণৰ কৰ সংগ্ৰহ কৰাত চলিত বৰ্ষটোত ২০০ কোটি টকা সম্পত্তি কৰ সংগ্ৰহৰো লক্ষ্য নিৰ্ধাৰণ কৰে জিএমচিয়ে৷ সেই সূত্ৰেই ব্যক্তিগত প্ৰতিষ্ঠানক সংগৃহীত সম্পত্তি কৰৰ ১৬ শতাংশ ধন আদায় দিয়াৰ সন্মতি প্ৰকাশ কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে৷ এই সন্মতি মৰ্মেই গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ নিবিদা আহ্বান কৰি বিজ্ঞাপন প্ৰকাশ কৰে যদিও উক্ত নিবিদাত পৌৰ নিগমে মন্ত্ৰী অশোক সিংঘালৰ ‘সু-পৰিকল্পনা’ক কিছু সাল সলনি কৰি ঠিকাদাৰী প্ৰতিষ্ঠানক লাভাংশ প্ৰদানৰ হাৰ হ্ৰাস কৰি কেতবোৰ কঠোৰ চৰ্ত আৰোপ কৰে৷ কিন্তু জিএমচিৰ উক্ত চৰ্তক লৈ ছত্তীশগড়ৰ নিৰ্দিষ্ট এটা ঠিকাদাৰী প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিবলৈ অপৰাগতা প্ৰকাশ কৰে৷ স্বাভাৱিকতেই উক্ত নিবিদাৰ চৰ্তক লৈ মন্ত্ৰী অশোক সিংঘাল আৰু জিএমচিৰ আয়ুক্তৰ সৈতে সংঘাত হোৱা বুলিও জিএমচিৰ ভিতৰৰ্চৰাত চৰ্চা চলিছে৷ ফলত ছত্তীশগড়ৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে নিবিদাত অংশ ল’বলৈ অস্বীকাৰ কৰাত গুৱাহাটী পৌৰ নিগমে নিবিদাৰ বিজ্ঞাপন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ পৰৱৰ্তী সময়ত ব্যক্তিগত প্ৰতিষ্ঠানৰ সুবিধা হোৱাকৈ জি এম চিয়ে পুনৰ নতুনকৈ সম্পত্তি কৰ সংগ্ৰহৰ নিবিদা আহ্বান কৰিব বুলিও জানিব পৰা গৈছে৷ এই কথা পৌৰ নিগমৰ ভিতৰ চ’ৰাত মুকলিকৈ চৰ্চা চলিছে যদিও শনিবাৰে মেয়ৰ মৃগেন শৰণীয়াই ৰাইজৰ আপত্তিৰ বাবেহে উক্ত নিবিদা সাময়িকভাৱে প্ৰত্যাহাৰ কৰা বুলি দাবী কৰে৷ এই সন্দৰ্ভত শনিবাৰে মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয়–  ‘গুৱাহাটী পৌৰ নিগমে ৰাইজৰ বিৰোধী কোনো ধৰণৰ কাম নকৰে৷ পৌৰ নিগমে সকলো পক্ষৰ পৰাই কৰ সংগ্ৰহ কৰিব৷ উন্নয়নমূলক কামৰ বাবে কৰ সংগ্ৰহ কৰিবই লাগিব জিএমচিয়ে৷ বিগত বিত্তীয় বৰ্ষত গুৱাহাটীত ২.৫৮ লাখ কৰদাতাৰ ভিতৰত ৮০ হাজাৰ লোকেহে নিয়মীয়া কৰ আদায় দিছে৷ গুৱাহাটী পৌৰ নিগমৰ পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱৰ বাবেই নাগৰিকৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়েহে কৰ সংগ্ৰহৰ বাবে চেষ্টা অব্যাহত থাকিব৷ গুৱাহাটী পৌৰ নিগমে যিকোনো কামেই নিবিদাৰ জৰিয়তে ব্যক্তিগত প্ৰতিষ্ঠানক দিয়ে৷ জাৱৰ নিষ্কাষণ বা নলা চাফা কৰা কাম ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া হৈছে৷ কেৱল উক্ত নিবিদাসমূহ জিএমচিৰ নিয়ম-নীতি অনুসৰি হ’ব লাগিব৷ সাময়িকভাৱে পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে প্ৰকাশ কৰা নিবিদা প্ৰত্যাহাৰ কৰা হ’ব৷ বিষয়টো চালিজাৰি চাই পৰৱৰ্তী পৰ্যায়ত সম্পত্তি কৰ সংগ্ৰহৰ ভাল ব্যৱস্থা লোৱা হ’ব৷