Logo
image

হ্ৰস্বম্যাদী লক্ষ্য লওক ব্যয় কমাওক! মুখ্যমন্ত্ৰী

কাজিৰঙাত আমোলাক পৰামৰ্শ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ ‘২০২৬’ক লক্ষ্য কৰি হ্ৰস্বম্যাদী ৰ’ডমেপ বনাওক৷’– কাজিৰঙাৰ চিন্তন বৈঠকত ৰাজ্যৰ আমোলাসকলক এই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শমৰ্মে শণিবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত কৰা চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে আমি আটায়ে লগ হৈ অসম বিকাশ এটা ৰ’ডমেপ প্ৰস্তুত কৰিব লাগিব৷ ইয়াৰ বাবে আমি ইয়াত সমৱেত হৈছোঁ৷ এই ৰ’ডমেপ অহা ১০-১৫ বছৰৰ বাবে নহয়৷ এই ৰ’ডমেপ ২০২৬ৰ বাবে৷’ মুখ্যমন্ত্ৰীয়ে কয় যে অসম এসময়ত অতি সমৃদ্ধিশালী ৰাজ্য আছিল আৰু ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় হাৰতকৈও অধিক আছিল৷ ৰাজ্যখনৰ জনমুৰি আয়ও ৰাষ্ট্ৰীয় জনমুৰি আয়তকৈ অধিক আছিল৷ ৰাষ্ট্ৰৰ বিকাশত অসমে যথেষ্ট অৰিহণা যোগাই আহিছে যদিও যোৱা ৭৫ বছৰত ৰাজ্যখনৰ বিকাশ যি ধৰণে হ’ব লাগিছিল সেয়া আশা কৰা ধৰণে হৈ উঠা নাছিল৷ ১৯৫০ চনৰ বৰ ভূমিকম্প আৰু তাৰ ফলস্বৰূপে ধাৰাবাহিক  পৰিঘটনা হিচাপে দেখা দিয়া বানপানী আৰু অন্যান্য ঘটনা প্ৰৱাহৰ ফলত ৰাজ্যবাসীৰ  মনোজগতত নেতিবাচক প্ৰভাৱ পৰিছিল৷ এই মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত একাধিক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত অসমে আজি উন্নয়নৰ দিশত এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনক বিকাশৰ চৰম শিখৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে এক নিৰ্দিষ্ট ভৱিষ্যদৰ্শনেৰে কাম কৰি আহিছে৷ ইয়ে জনসেৱাৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে৷ চিন্তন শিবিৰক সম্বোধন কৰিবলৈ কাজিৰঙালৈ অহা বাবে সদগুৰুক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে সদগুৰুৰ প্ৰজ্ঞা আৰু তেওঁৰ চিন্তা-চৰ্চ্ছাই চৰকাৰখনক ৰাজ্যৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক আৰু শৈক্ষিক সৱলীকৰণৰ দিশত সহায় কৰিব আৰু ইয়াৰ উন্নয়নৰ ফল ৰাজ্যৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰীয়ে ব্যয় সংকোচন কৰিবলৈও মন্ত্ৰী, বিষয়াসকলক পৰামৰ্শ দিয়ে৷ উল্লেখ্য, আজিৰ পৰা কাজিৰঙাত অনুষ্ঠিত হোৱা চিন্তন শিবিৰৰ বাবে কাজিৰঙা মিনি দিছপুৰলৈ পৰিণত হৈছে৷ সকলো শীৰ্ষ বিষয়াই গুৱাহাটী এৰি বাহৰ পাতিছে কাজিৰঙাত৷ মুখ্যমন্ত্ৰী, মন্ত্ৰীসভাৰ সকলো সদস্য, ৰাজ্যখনৰ মুখ্য সচিব পৰা আৰম্ভ কৰি সকলো বিভাগৰ উচ্ছ পদস্থ বিষয়াৰ উপস্থিতিত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চাৰ উদ্দেশ্যে আজিৰ পৰা অৰ্থাৎ চ্ছ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত চিন্তন শিবিৰ আৰম্ভ হৈছে৷ ফলত আজিৰ পৰা কাজিৰঙাৰ চাৰিওফালে মন্ত্ৰী-বিধায়কৰ নিৰাপত্তাৰ বাবে দেখা গৈছে কেৱল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক৷ ইফালে, দিনৰ দুই বজাত কাজিৰঙাৰ শিলডুবি গাঁৱত অৱস্থিত ব্যক্তিগত বৰগছ পৰ্যটন নিবাসত ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰে আদৰণি ভাষণ দিয়াৰ পাছত সদগুৰু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে তিনিদিনীয়া চিন্তন শিবিৰ উদ্বোধন কৰে৷