Logo
image

ৰাইজক কেতিয়া পানী দিব? কঠোৰ ন্যায়ালয়

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ এটা দশক অতিক্ৰম কৰিলে যদিও গুৱাাটীবাসীয়ে আজিও লাভ নকৰিলে বিশুদ্ধ খোৱাপানী৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে চাৰিখনকৈ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো উক্ত কোনো এখন আঁচনিয়েই আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ নহ’ল৷ লক্ষণীয়ভাৱে নতুনকৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত আগষ্ট মাহতে গুৱাহাটীৰ বৃহৎসংখ্যক নাগৰিকে ঘৰে ঘৰে প্ৰকল্পৰ পানী লাভ কৰিব বুলি প্ৰচাৰ চলাইছিল যদিও শেষমুহূৰ্তত মধ্য গুৱাহাটী পানী যোগান প্ৰকল্প ৰূপায়ণৰ দায়িত্বত থকা ঠিকাদাৰী কোম্পানী গেমনক কাম সম্পূৰ্ণ  নকৰাকৈ টালি-টোপোলা বান্ধি খেদিহে পঠিয়াই জিএমডিএয়ে৷ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা সম্পূৰ্ণ নোহোৱাত শেহতীয়াকৈ চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল৷ গুৱাহাটীৰ পানী যোগান প্ৰকল্পকেইটা ক্ষীপ্ৰ নিৰ্মাণ কাৰ্যৰ আৰ্জিৰে দাখিল কৰা আবেদনৰ ভিত্তিত ৰুজু হোৱা ৫/২০২১ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰি জিএমডিএ আৰু জল ব’ৰ্ডৰ কাম-কাজত ক্ষুব্ধ হৈ পৰে ন্যায়ালয়৷ শুনানিত গোচৰীয়া পক্ষৰ প্ৰশ্নৰ বিপৰীতে চৰকাৰে দায় সৰাৰ বাবে নিৰ্দিষ্ট বিষয়ৰ পৰা ফালৰি কাটি শপতনামা দাখিল কৰাত ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হ’ব ৰাজ্য চৰকাৰ৷ যাৰ পৰিপ্ৰেক্ষিতত উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াক গুৱাহাটীবাসীয়ে কেতিয়া খোৱা পানী লাভ কৰিব আৰু কেতিয়া প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব তাৰ দিন-বাৰ সুস্পষ্ট কৰি শপতনমা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনকি ২৭ অক্টোবৰৰ ভিতৰত এই শপতনামা দখিল কৰিব লাগিব বুলিও ন্যায়ালয়ে নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়ে৷ ইফালে, গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিলম্ব সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতৃত্বই শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত দলটোৰ উপ-সভাপতি বলেন ভৰালীয়ে কয়– গুৱাহাটীবাসীৰ বিশুদ্ধ খোৱাপানীৰ বাবে জৱাহৰলাল নেহৰু আৰবান ৰেণুৱেল মিছন আঁচনিৰ যোগেদি দক্ষিণ পশ্চিম পানী যোগান প্ৰকল্প গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটীৰ যোগেদি ২০০৯ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি গুৱাহাটীবাসী ৰাইজক খোৱাপানী যোগান ধৰাৰ পৰিকল্পনা কৰিছিল৷ এই আঁচনিৰ যোগে ১ নং ৱাৰ্ডৰ পৰা ১৩ নং ৱাৰ্ডৰ লগতে আজাৰা ধাৰাপুৰৰ কিছু অঞ্চল সামৰি এই পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য্য কৰা হৈছিল৷ এই নিৰ্মাণ কাৰ্য্য ২০১৩ চনত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা আছিল, যদিও ২০২২ বৰ্ষ প্ৰায় সম্পূৰ্ণ হ’বৰ হ’ল যদিও আঁচনি আজিকোপতি অসম্পূৰ্ণ হৈয়ে থাকিল৷ অথচ অসমৰ নিৰ্বাচনসমূহত এই আঁচনিক লৈ বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিলে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী পোৰ নিগমৰ নিৰ্বাচনৰ সময়ত বিগত জুন মাহৰ ভিতৰতে পানী যোগান আঁচনি কাৰ্যক্ষম হৈ উঠিব বুলি ঘোষণা কৰিছিল৷ এতিয়া ক’ত গ’ল সেই প্ৰতিশ্ৰুতি? কেন্দ্ৰত যোৱা প্ৰায় ৯ বছৰ আৰু অসমত ৬ বছৰে বিজেপি চৰকাৰ৷ কিন্তু গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱা পানীৰ পৰিবৰ্তে পালে বোকা কেলেংকাৰি, পালে হ’ল্ডিং নম্বৰৰ বাবে বিদ্যুৎ কৰ্তনৰ ভাবুকি, পালে কৰ আদায়ৰ নামত ব্যক্তিগত কোম্পানীক গুৱাহাটী পৌৰ নিগম বিক্ৰীৰ উপহাৰ৷ অথচ ২০০৯ চনৰ এই নিৰ্মাণ কাৰ্য্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰৰ ৯০ শতাংশ অনুদান আৰু অসম চৰকাৰৰ মাত্ৰ ১০ শতাংশ অনুদানৰ পাছতো নিৰ্মাণকাৰ্য আজিকোপতি সম্পূৰ্ণ নকৰি ব্যক্তিগত খণ্ডৰ পৰা গুৱাহাটীবাসী ৰাইজে পানী খাবলৈ বাধ্য হৈছে৷ ইফালে, ২০০৯ চনত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত সেই সময়ৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ নেতৃত্বত দক্ষিণ গুৱাহাটী পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্যৰ বাবত ১২০০ কোটি টকা জাপান ইণ্টাৰনেচনেল কো-অপাৰেচন এজেন্সি চমুকৈ জাইকাই ঋণ হিচাপত আৱণ্টন দিছিল৷ জাপানৰ বেংকে ঋণ প্ৰদান কৰা এই ১২০০ কোটি টকা দক্ষিণ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য্যৰ বাবে যোগান ধৰিছিল৷ এই পানী যোগান আঁচনিৰ ২০১১ চনত নিৰ্মাণ কাৰ্য্য আৰম্ভ আৰু ২০১৫ বৰ্ষত সম্পূৰ্ণ কৰিব লাগিছিল যদিও কেন্দ্ৰত বিজেপি অসমত বিজেপি চৰকাৰ থকা সত্বেও কিহৰ বাবে এই পানী যোগান আঁচনিৰ সম্পূৰ্ণ কৰাত বিফল হ’ল চৰকাৰী পক্ষই ৰাইজক অৱগত কৰিবনে?