‘মহালয়া’ৰে আৰম্ভ দেৱীপক্ষ, দুৰ্গা পূজা পদূলিত
আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ পৱিত্ৰ মহালয়াৰে আৰম্ভ হয় দেৱীপক্ষ৷ মহালয়াতে পদুলিত শাৰদীয় দুৰ্গাপূজা৷ পৌৰানিক বিশ্বাস অনুসৰি এই মহালয়াৰ দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমনৰ বাবে দেবী দুৰ্গাৰ সৃষ্টি কৰিছিল৷ মহালয়া উপলক্ষে দেওবাৰে পুৱা ৰাজ্যৰ প্ৰায় প্ৰতিখন নগৰ-ৰাজ্যৰ উজনি-নামনি, পাহাৰস ভৈয়াম সকলোতে পুৱাৰ নিশাই হৈ পৰিল উখল মাখল পৰিৱেশ৷ মহালয়াৰ পুৱা পিতৃকূলৰ শান্তিৰ কামনাৰে বোঁৱতী নদীৰ পাৰত পিণ্ডদান কৰে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে৷ সমষ্ট প্ৰেতলোক বাসী অশৰীৰী চিন্ময় আত্মাগণ প্ৰিয়জনৰ দৰ্শন অৰ্থে মৃত্যু লোকত আশ্ৰয় গ্ৰহণ কৰে সেই সময়েই হৈছে মহালয়া৷ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি যি ক্ষণত পৰমাত্মা অৰ্থাৎ পৰম ব্ৰহ্মৰ লয় প্ৰাপ্তি ঘটে অৰ্থাৎ মৃত্যু লোকৰ দিশত কম্পন সৃষ্টি হয় সেয়াই হৈছে মহালয়৷ কিছু বছৰৰ পৰা পিতৃপক্ষৰ ঘোৰ অমাৱস্যাৰ দিনত অৰ্থাৎ মহালয়া মুহূৰ্তত বহু ঠাইত ৰাতিৰে পথত ফুৰাৰ নামত বহুতেই কোলাহল সৃষ্টি কৰা দেখা যায়৷ মহালয়াৰ শুভেচ্ছাও প্ৰদান কৰা দেখা য়ায়৷ মহালয়া স্বৰ্গগামী পূৰ্বজৰ চিন্ময় আত্মাৰ প্ৰতি শ্ৰদ্ধা আৰু তৰ্পন নিবেদনৰহে সময়৷ আকৌ বহু লোক বিনা কাৰণত ব্ৰহ্ম মুহূৰ্তত পৰম শান্তিৰ মুহূৰ্তত পথত বিচৰণ কৰি কোলাহল সৃষ্টিৰে মহালয়াৰ মুহূৰ্তত শান্তি বিনষ্ট কৰি তোলে৷ ইয়াৰ ফলত মৃত লোকৰ আশ্ৰয় লোৱা অৰ্থাৎ মহালয়া সৃষ্টি কৰা বা মৃত্যু লোকত সমাবেশ ঘটা চিন্ময় আত্মাই কষ্ট পাই আৰু ক্ৰোধান্বিত হৈ পৰে৷ মহালয়াৰ সময়ত পিতৃকুলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত শ্ৰদ্ধা অঞ্জলি নিবেদন কৰাহে নিয়ম আৰু হিতকাৰক৷
জল তৰ্পন অৰ্ঘ্য সমৰ্পন মন্ত্ৰ.../‘ময়া দত্তেন তোয়েন তৃপ্যান্ত ভুবনত্ৰয়ম/আব্ৰহ্ম স্তম্ভ পৰ্যন্তং জগৎ তৃপ্যন্তু’৷
মহালয়াৰ আগমণৰ পাছতেই সৃষ্টিৰ আধাৰ নবদুৰ্গাৰ আগমণ হয়৷ ত্ৰেতা যুগত ভগবান শ্ৰীৰাম চন্দ্ৰ দক্ষিণায়ণ কালত অৰ্থাত দেৱশয়ন কালত অৰ্থাত অকালত মহামায়া মহাশক্তি, প্ৰলয়ৰ সিপাৰে বিৰাজমান, শক্তিৰূপেনসংস্থিতা মা দুৰ্গাৰ আৰাধনা কৰিছিল৷ মহা প্ৰতাপী ৰাৱণৰ পৰাজয় অৰ্থে আৰু সীতাক উদ্ধাৰৰ বাবে মহাশক্তি মহামায়া দুৰ্গা দেৱীৰ আৰাধনা কৰিছিল৷ সেই সময়ত দৈত্য ৰাজ ৰাৱনেই একমাত্ৰ দৈত্য কুলৰ ব্ৰাহ্মণ আছিল যি তিনি সন্ধ্যা পালনেৰে নিজৰ অস্তিত্ব ৰক্ষাত সমৰ্থ আছিল৷ ৰাৱনৰ অবিহনে দেৱী দুৰ্গাক সন্তুষ্ট কৰা কাৰো পক্ষে সম্ভৱ নাছিল৷ শ্ৰীৰামৰ দেৱী পূজাৰ বাবে ৰাৱনকেই আমন্ত্ৰণ জনোৱা হৈছিল৷ ৰাৱণ দেৱী উপাসক আছিল সেয়ে নিজৰ মৃত্যুৰ বাবে দেৱীৰ আশীৰ্বাদ বিচাৰি পালন কৰা শ্ৰীৰাম চন্দ্ৰৰ যজ্ঞ উপাসনাত ৰাৱণ পুৰোহিতৰ দায়িত্বৰ পৰা অকণো বিচলিত হোৱা নাছিল আৰু মহামায়াৰ শ্ৰীচৰণত শ্ৰীৰামৰ হৈ পূজা সম্পন্ন কৰাৰ অনুৰোধ ব্ৰাহ্মণ ৰূপে স্বীকাৰ কৰিছিল৷ সেই সময়টো আছিল শৰৎ কাল৷ শ্ৰীৰাম চন্দ্ৰই অসময়ত, অকালত দেৱীৰ বোধন যুক্ত পূজা যজ্ঞ পালন কৰিছিল৷ ‘বোধন’ শব্দৰ অৰ্থ হৈছে ‘জাগ্ৰত কৰা’৷ সেয়ে এই পূজাক বোধন যুক্ত শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয়৷ প্ৰকৃততে দেৱী মহাশক্তিৰ পূজা পালন হয় বসন্ত কালত যেতিয়া ৰবিৰ উত্তৰায়ণ কাল চলি থাকে৷ সেয়ে এই পূজাক বাসন্তী পূজাও কোৱা হয়৷ সনাতন ধৰ্মত কোনো শুভ অনুষ্ঠান আৰম্ভ পূৰ্বক প্ৰথম পূৰ্বজৰ সন্তুষ্টিৰ অৰ্থে তথা স্বৰ্গগামী সমষ্ট জীৱ জগতৰ বাবে শ্ৰাদ্ধ তৰ্পনাদি কৰা হয়৷ ব্ৰহ্ম বৈবৰ্ত পুৰাণ অনুসাৰে দেবতাসকলক সন্তুষ্ট কৰাৰ আগত একজন ব্যক্তিৰ পিতৃপুৰুষক সন্তুষ্ট কৰা উচিত৷ ভগৱান মহাবিষ্ণুৰ স্বৰূপ শ্ৰীৰাম চন্দ্ৰই দেৱী পূজাৰ পুৰ্বত সমষ্ট জীৱ কুলৰ মঙ্গল অৰ্থে শ্ৰদ্ধা অঞ্জলিৰে ইয়াকেই পালন কৰিছিল৷ মহালয়া উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ, ব্ৰহ্মপুত্ৰৰ শুক্ৰেশ্বৰ ঘাট, অশ্বকান্তৰ ঘাটত লোক পিতৃকূলক পিণ্ডদান কৰে৷ মহালয়ো গুৱাহাটীৰ ৰাজপথত হাতীৰে বিশাল শোভাযাত্ৰা উলিওৱাৰ উপৰি দেৱী দুৰ্গীক মৰ্তলৈ আদৰে৷ মহালয়া উপলক্ষে মিউজিকেলি ইউনাইটেডৰ তৰফৰ পৰা গুৱাহাটীৰ লাল গণেশস্থিত আনন্দ মাৰ্গ আশ্ৰমৰ অনাথ শিশুক বস্ত্ৰ বিতৰণ কৰা হয়৷
বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ মন্দিৰত শ্ৰাদ্ধ-তৰ্পন
মহালয়াই ধৰালৈ বোৱাই আনে শাৰদীয় দুৰ্গোৎসৱক৷ বৰ্তমান সময়ত সৰ্বত্ৰে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনা৷ সেই সময়তে দেওবাৰে মহালয়াই পৃথিৱীলৈ শুভ আগমন জনালে মা দুৰ্গাক৷ বটদ্ৰৱাৰ সোণাই নৈ পাৰত ৰাইজে প্ৰাতঃভ্ৰমণ কৰাৰ লগতে নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত সমূহ ভক্তপ্ৰান ৰাইজে মহালয়াৰ পাৰ্বন শ্ৰাদ্ধ প্ৰাকক্ষণত তৰ্পন কাৰ্য্যসূচী সম্পন্ন কৰে৷ গৌৰীনাথ শিৱ মন্দিৰত পঞ্চম বাৰ্ষিক দুৰ্গা পূজা উদ্যাপন কৰা হ’ব৷
লোকাৰণ্য যোৰহাটৰ ৰাজপথ
মহালয়াৰ বৰ্ণাঢ্য শোভাযাত্ৰাৰে যোৰহাটৰ পূজা সমিতি সমূহে দুৰ্গোৎসৱৰ মহা আয়োজন আৰম্ভ কৰিছে৷ মহালয়া উপলক্ষে আজি পুৱা পূজা সমিতিসমূহৰ শোভাযাত্ৰাৰ উপৰি অগণন লোকে যোৰহাটৰ ৰাজপথত ভিৰ কৰে৷ বিশ্বাস আছে যে মহালয়াৰ পুৱা স্বৰ্গৰ পৰা দেৱী দুৰ্গা ধৰালৈ নামে৷ সেয়ে নিচেই পুৱাতে যোৰহাট নগৰৰ উপৰি সমীপৱৰ্তী অঞ্চলৰ লোকলকল নগৰখনৰ গড়আলিলৈ ওলাই আহি পদব্ৰজে ভ্ৰমণ কৰে৷ আবাল-বৃদ্ধ-বনিতাই শাৰদীয় পুৱা সমদলেৰে দুৰ্গোৎসৱৰ মহানন্দ অনুভৱ কৰে৷ অৱশ্যে মহামাৰী কভিড পৰিস্থিতিত যোৱা দুবছৰ মহালয়াৰ শোভাযাত্ৰা প্ৰশাসনে বন্ধ ৰাখিছিল৷ ক’ভিড পৰিস্থিতিৰ পাছত এইবাৰ গড়আলিলৈ পদব্ৰজে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ বিজাৰ লোক ওলাই আহে৷ নিচেই পুৱাতে নগৰখনৰ গড়আলিত হোৱা এই জনসমাগমৰ বাবে আৰক্ষী প্ৰশাসনেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ ইফালে পথৰ দাঁতিত ব্যৱসায়ীসকলে জেলেপী, বেলুন আদিৰে পূজাৰ আমেজ দিয়ে৷ অগণন লোকে পদযাত্ৰা কৰাৰ পাছত পথৰ দাঁতিত জেলেপীৰ জুটি লয়৷ উল্লেখ্য, যোৰহাটত অৰ্ধ শতাধিক পূজা সমিতিয়ে দেৱী বন্দনাৰ আয়োজন কৰিছে৷ ইতিমধ্যে পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে৷ প্ৰতিমাৰ খনিকৰসকলেও দেৱী দুৰ্গাক জীৱন্ত ৰূপত সজাই তুলিবলৈ দিন ৰাতি একাকাৰ কৰিছে৷
মহালয়াত দেৰগাঁৱত উখল- মাখল পৰিৱেশ
আজি পবিত্ৰ মহালয়া৷ মহালয়া উপলক্ষে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দেৰগাঁৱতো পুৱতি নিশা প্ৰায় দুই বজাৰ পৰাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে৷ দেৰগাঁৱৰ প্ৰতিটো বাট-পথতে দৰ্শনাৰ্থীৰ অভাৱনীয় ভিৰ৷ দেৰগাঁও নগৰৰ প্ৰাণকেন্দ্ৰ দেৰগাঁও চাৰিআলি আৰু দেৰগাঁও পৰিবহণ নিগমৰ সমীপৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ নিৰ্মীয়মান মণ্ডপস্থলীত সৰ্বাধিক দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়৷ অৱশ্যে হঠাতে অহা এজাক বৰষুণে দৰ্শনাৰ্থীসকলৰ এই উৎসাহ-উদ্দীপনা বহুলাংশে ম্লান কৰে৷
ৰাজ্যখনৰ অন্যান্য স্থানৰ লগতে আজি তিতাবৰ মেলামাটিতো মহালয়া উপলক্ষে অঞ্চলটোত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়৷ লোকবিশ্বাস অনুসৰি আজি এই পবিত্ৰ দিনটোতেই ধৰিত্ৰীলৈ আগমন ঘটে দুৰ্গতিনাশিনী দুৰ্গাদেৱীৰ৷ কাজেই সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ আজি প্ৰতিকুল বতৰকো নেওচি মেলামাটি বিভিন্ন ৰাজপথত পুৱতি নিশা পৰাই উখল-মাখল পৰিৱেশ৷ লোকাৰণ্য হৈ পৰে মণ্ডপস্থলী৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ বুলি ওলাই আহিল কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী, বয়োজ্যেষ্ঠসকল৷
মহালয়া উপলক্ষে লিডুত উখল-মাখল পৰিৱেশ৷ লোকাৰণ্য হৈ পৰে বাট-পথ৷ সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ সকলোৰে মাজত আনন্দ-উৎসাহ-উদ্দীপনা৷ সেই সময়তে আজি মহালয়াই পৃথিৱীলৈ শুভ আগমন জনালে মা দুৰ্গাক৷ শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত৷ শৰতৰ আগমনত সকলোৰে মন মতলীয়া৷ আনন্দত সকলো আপোন পাহৰা৷ শাৰদী ৰাণীক আদৰিবলৈ সকলো যেন সাজু৷ লিডুৰ মৃদু সুহাসিনী নৃত্যাঞ্জলিয়ে ‘দশৰূপে মা আদ্যশক্তি মহামায়া’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে৷ বাপী সৰকাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী এছ চৌধুৰী, শিল্পী ববিতা দাস চৌধুৰী আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷






