Logo
image

গেৰুকামুখত ভয়ংকৰ পৰিস্থিতি দুমাহলৈ বন্ধ নদীবান্ধৰ কাম

সোৱণশিৰি প্ৰকল্পৰ পাৱাৰ হাউছত সোমাল পানী, খহিল গাৰ্ডৱাল

৪ সহস্ৰাধিক শ্ৰমিকক স্থানান্তৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল৷ যাৰ ফলত এতিয়া নামনি সোৱণশিৰি বান্ধৰ কাম এনএইচপিচিয়ে দুমাহলৈ বন্ধ ৰাখিছে৷ কেৱল সেয়ে নহয়, পাৱাৰ হাউছৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক-কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷ পৰৱৰ্তী সময়তে পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ আশংকাও নুই কৰা নাই এনএইচপিচিৰ সূত্ৰই৷ ইফালে ভূমিস্খলনত ব্যৱহৃত এখন অত্যাধুনিক এছকাভেটৰ পাহাৰৰ মাটিয়ে পুতি পেলাইছে৷ উল্লেখ্য, ২,০০০ মেগাৱটৰ এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ অহাৰ সময়তে নিতৌ অথন্তৰে দেখা দিছে৷ শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলনৰ ফলত কাম-কাজ বন্ধ হৈ পৰাৰ লগতে নিৰ্মীয়মান বান্ধটোৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰাত কেৱল এনএইচপিচি চৌহদতে নহয়, নামনিৰ বিভিন্ন এলেকাত আতংকৰ সৃষ্টি হৈছে৷ অৰুণাচল পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰিৰ বক্ষত জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ফলত ইতিপূৰ্বে দুটা ডাইভাৰ্ছন টানেল বন্ধ হৈ পৰিছে৷ ভূমিস্খলনত এই টানেল দুটা বন্ধ হৈ পৰাত নদীখনৰ বক্ষৰে অহা বৃহৎ পানীভাগ এতিয়া নিৰ্মীয়মান প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে অহৰহ বাগৰিবলৈ ধৰাত এনএইচপিচিত একপ্ৰকাৰে হাহাকাৰ লাগিছে আৰু প্ৰকল্পটোৰ কাম-কাজ বন্ধ হৈ পৰিছে৷ এনএইচপিচি কতৃৰ্পক্ষই প্ৰকল্পটো হাজাৰ বাধা সত্বেও সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে প্ৰকৃতিৰ ৰোষত পৰিছে প্ৰকল্পটো৷ শুকুৰবাৰে এনএইচপিচিত ভয়ংকৰ ভূমিস্খলন ঘটাৰ পাছত শনিবাৰে নিশা প্ৰকল্পটোৰ মূল চালিকা শক্তি পাৱাৰ হাউছৰ এখন গাৰ্ড ৱাল সোৱণশিৰি নৈত খহি পৰাৰ ফলত নৈৰ পানী পাৱাৰ হাউছত সোমাই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ফলত পাৱাৰ হাউছৰ সকলো কাম-কাজ বন্ধ হৈ পৰাৰ লগতে নিৰ্মাণ যন্ত্ৰসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে৷ কেৱল এয়াই নহয়, সোমাই অহা পানীয়ে নিৰ্মীয়মান টাবাৰ্ইনতো প্ৰভাৱ পেলাইছে৷ প্ৰায় সম্পূৰ্ণ হৈ উঠা দুটা টাৰ্বাইনৰ লগতে ৬টা নিৰ্মীয়মান টাৰ্বাইনৰ কাম-কাজত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ আৰু বাধাৰ মাজতো গেৰুকামুখত কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতত এনএইচপিচিয়ে বৃহৎ নদীবান্ধ প্ৰকল্প তথা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আহিছে৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়া এই বৃহৎ জলবান্ধ প্ৰকল্পটোত ইতিমধ্যে সৃষ্টি হৈছে বিভিন্ন অথন্তৰ৷ এনে কাৰ্য অব্যাহত থাকিলে আগন্তুক বৰ্ষত এনএইচপিচিয়ে প্ৰথম অৱস্থাত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰিব নে নোৱাৰে তাক লৈ অনিশ্চয়তাই দেখা দিছে৷ 

নামনি সোৱণশিৰি প্ৰকল্প অসমৰ বাবে জলবোমা সদৃশঃ অখিল গগৈ

বিগত তিনিদিন অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰি বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে দেওবাৰে নলবাৰীত নদীবান্ধ বিৰোধী আন্দোলনৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়– নামনি সোঁৱণশিৰি জলবিদু্যৎ প্ৰকল্প অসমৰ মানুহৰ ওপৰত জলবোমা৷ এই জলবোমাই নামনিৰ মানুহবোৰক কেতিয়া ধবংস কৰে তাৰ নিশ্চয়তা নাই৷ সেই হেতুকে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম বন্ধ কৰিবৰ বাবে এক গণতান্ত্ৰিক আন্দোলনৰ প্ৰয়োজন আহি পৰিছে৷ সময় থাকোতে ইয়াৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি উঠিব লাগে৷ দেশত গণতান্ত্ৰিক আন্দোলন কম হৈ থকা বুলি উল্লেখ কৰি তেওঁ কয়– দেশত এতিয়া অগণতান্ত্ৰিক পৰিৱেশ বিৰাজমান৷ ধৰ্মৰ ভিত্তিত মানুহবোৰক বিভক্ত কৰাৰ প্ৰচেষ্টা চলি আছে৷  নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ বিবাহ ভৱনত আজি ‘ৰাইজৰ দল’ৰ নলবাৰী জিলা সমিতিৰ কৰ্মীসভা আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকি দলটোৰ সভাপতি গগৈয়ে কয়– ২০২৪ চনত বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাব নোৱাৰিলে দেশত বিপৰ্যয় নামি অহাটো খাটাং৷ সকলো বিৰোধী দল আৰু বিৰোধী শক্তি ঐক্যৱদ্ধ হ’লেহে বিজেপিক পৰাভূত কৰিব পৰা যাব৷ ২০২৪ত বিজেপিক পৰাভূত কৰিব নোৱাৰিলে সংবিধানৰ গণতান্ত্ৰিক চৰিত্ৰ সলনি কৰি পেলাব৷ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতা আঁতৰি যাব বুলি উল্লেখ কৰি শিৱসাগৰৰ বিধায়কজনে কয়– ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত এখন ৰাষ্ট্ৰত পৰিণত কৰিব বিজেপিয়ে৷ সেই হেতুকে ২০২৪ চনটো দেশবাসীৰ জীৱন মৰণৰ বছৰ হ’ব৷ জ্ঞানেন চক্ৰৱৰ্ত্তীয়ে সঞ্চালনা কৰা সভাখনত ৰাইজৰ দলৰ সাধাৰণ সম্পাদকদ্বয় ৰাছেল হুছেইন, আজিজুৰ ৰহমান, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈকে ধৰি বিভিন্নজন নেতাই ভাষণ ৰাখে৷ সভাত বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

অৰুণাচলত ভূমিস্খলন, পথ বন্ধ

ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ টিপ্পিত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে৷ শনিবাৰে বিয়লি লুমুন জলপ্ৰপাতৰ সমীত হঠাত পানী আৰু মাটিৰ ধলে উটুৱাই নিয়ে ভালুকপুং-অৰুণাচল পথৰে গৈ থকা তিনিখনকৈ বাহন৷ এএছ ১২ ই ৮৬৫৪ নম্বৰ টেংকাৰ, এএছ ১২ চিচি ০৯৬০ নম্বৰৰ বলেৰ’ পিকআপ আৰু এখন অ’মনি ভান ভূমিস্খলনত পথৰ পৰা উটি গৈ কামেং নৈৰ তীব্ৰ সোঁতত ভাহি যায়৷ সৌভাগ্যক্ৰমে বাহন তিনিওখনৰ চালকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়৷ ইয়াৰে ভিতৰত দুজন চালকক বিনয় কুমাৰ পাচোৱান [৪৮] আৰু মুক্তাৰ হুছেইন [৩৩] বুলি চিনাক্ত কৰা হৈছে৷ সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ভূমিস্খলনৰ পাছতে পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ লুমুন জলপ্ৰপাতৰ পৰা ৪৬ কিলোমিটাৰ দূৰত্বত বন্ধ হৈ পৰা পথৰ দুয়োপাৰে অসংখ্য যানবাহন আৱদ্ধ হৈ আছে৷ ইতিমধ্যে পথছোৱা মুকলি কৰাৰ বাবে চেষ্টা চলোৱা হৈছে যদিও অঞ্চলটোত বৰষুণ আৰু ইয়াৰ মাজে মাজে পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ থকাত মুকলি কৰাটো সম্ভৱ হোৱা নাই৷ সম্প্ৰতি একাঠু বোকামাটিৰ তলত পোত গৈ আছে এই গুৰুত্বপূৰ্ণ পথছোৱা৷