Logo
image

মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-আমোলাৰ বিবেকক ‘শুদ্ধি’ কৰিলে ৰবিশংকৰে

কাজিৰঙাত চিন্তন শিবিৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ দেওবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে শুদ্ধিকৰণ কৰিলে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী, আমোলা বিষয়াক৷ সদগুৰুৱে কয় যে এজন নেতা হ’বলৈ হ’লে কেইবাটাও গুণৰ অধিকাৰী হ’ব লাগিব৷ সকলোকে ব্যৱহাৰ কৰিব পৰাজনেই ভাল নেতা৷ কাৰণ নিম্ন স্তৰৰ লোকৰ পৰাও কেতিয়াবা ভাল পৰামৰ্শ পোৱা যায়৷ সকলোৰে পৰা পৰামৰ্শ লৈ কাম কৰিলে সফল হ’ব পাৰি৷ মানুহৰ মাজত প্ৰাচীৰ সৃষ্টি কৰাতকৈ সংযোগ স্থাপন কৰি কাম কৰিলে আগুৱাই যাব পাৰি৷ অনুষ্ঠানত অংশ লোৱা মন্ত্ৰী, বিধায়ক আৰু বিষয়াসকলক উদ্দেশ্যি তেওঁ কয় যে হিংসামুক্ত সমাজ, ৰোগমুক্ত দেহ, বিভ্ৰান্তিমুক্ত মন, বাধাহীন জ্ঞান, আঘাতমুক্ত স্মৃতিশক্তি আৰু দুখমুক্ত আত্মা প্ৰতিজন ব্যক্তিৰ জন্মন্বত্ব অধিকাৰ৷ খঙক মানুহৰ এটা সহজাত প্ৰবৃত্তি বুলি উল্লেখ কৰি কয় যে এই খং চিৰস্থায়ী হ’লে ক্ষতিৰ আশংকা বাঢ়ি যায়৷ আচলতে খং কৰি নিজকহে শাস্তি দিয়া হয়, কাৰণ খঙে মানুহৰ ইমানেই ক্ষতি কৰে যে ব্যক্তিসত্ত্বাৰ মাজত থকা ইতিবাচক ধাৰণাসমূহ লোপ পাবলৈ আৰম্ভ কৰে৷ তেওঁ ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন হেতু ‘‘মাল্টি ক্ৰপিং‘‘ অৰ্থাৎ কেইবাবিধো শস্যৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ অসমৰ মানুহক ভাল আৰু শান্তিপ্ৰিয় বুলি প্ৰশংসা কৰে৷ আধ্যাত্মিক গুৰুগৰাকীয়ে মানসিক স্বাস্থ্য সবল কৰি ৰখাত গুৰুত্ব আৰোপ কৰি কয় যে ধ্যানে বহু সমস্যা সমাধানৰ পথ উলিয়াব পাৰে৷ তেওঁ সকলোকে পুৱা কাৰ্যালয়লৈ অহাৰ পূৰ্বে কিছু সময় ধ্যান কৰিবলৈ আহ্বান জনায়৷ আনহাতে উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মূল সুঁতিলৈ ওভতাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকাৰ তেওঁ শলাগ লয়৷ তেওঁ কয় যে কেৱল কথা পাতিয়েই বহু সমস্যা সমাধান কৰিব পাৰি৷ তেওঁ বিষয়াসকলক উদ্দেশ্যি কয় যে অধিকাংশ সংঘাত আলোচনাৰ অভাৱৰ বাবে হোৱা দেখা যায়৷ তেওঁ কাৰ্যালয়ৰ যিকোনো বৰ্গৰ কৰ্মচাৰীসকলক হেয় জ্ঞান নকৰি এটা মানৱীয় সম্পৰ্ক ৰক্ষা কৰি ‘টিম’ হিচাপে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায়৷ তেওঁ কয় যে নিম্নবৰ্গৰ কৰ্মচাৰী এজনকো নিজৰ ধাৰণা আৰু চিন্তাসমূহ ব্যক্ত কৰাৰ সুযোগ দিয়া উচিত, কিয়নো কেতিয়াবা তেনে এজন কৰ্মচাৰীৰ পৰাই সৃজনীমূলক নব্য ধাৰণা ওলাই আহিব পাৰে৷ তেওঁ কয় যে যদি চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নিজৰ কাম পেলাই নোথোৱাকৈ উদ্যমেৰে সময়মতে সম্পন্ন কৰে, তেনেহ’লে সমাজলৈ আমূল পৰিৱৰ্তন আহিব৷ আজিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী ক্ৰমে ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰনোজ পেগু, অশোক সিংহল,  যোগেন মহন, সঞ্জয় কিষাণ, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল৷ আজিৰ অনুষ্ঠানৰ অংশৰূপে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ আব্বাচিয়ে উদ্যোগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনী শীৰ্ষক বিষয় লৈ আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত বিভিন্ন বিভাগৰ আলোচনাত অংশ লয়৷ আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত কেইবাটাও বিভাগে অনুষ্ঠানত প্ৰেজেণ্টেচন আগবঢ়ায়৷ ইয়াৰ ভিতৰত লোকনিৰ্মাণ, শক্তি, জলসিঞ্চন, সংহত বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থাপনা, জল জীৱন অভিযান, উদ্যোগ, পৰিবহণ আৰু তথ্য-প্ৰযুক্তি আদি খণ্ড অন্যতম৷ আটাইকেইটা বিভাগে যোৱা প্ত বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায়৷ তদুপৰি এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সন্মুখীন হ’ব পৰা সম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও অৱলোকন কৰা হয়৷ আনহাতে ৰাজহ প্ৰশাসন সন্দৰ্ভত কৰ্ণাটকৰ জৰীপ, বন্দোৱস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্ত মুনিষ মৌদগীলে প্ৰেজেণ্টেচন আগবঢ়ায়৷ অনুষ্ঠানত ইজ অৱ ডুয়িং বিজনেছ সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব সমীৰ শৰ্মা আৰু নগৰীয়া আন্তঃগাঁথনি আৰু নগৰ পৰিক্ৰমা বিষয় লৈ উত্তৰ প্ৰদেশৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰই প্ৰেজেণ্টেচন আগবঢ়ায়৷  অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ দেওবাৰে পুৱাৰ ভাগত বৰগছ ৰিজৰ্টত আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা মন্ত্ৰী-বিষয়াসকলক যোগাভ্যাসো কৰোৱা হয়৷