Logo
image

কৃষ্ণগুৰু আশ্ৰমত সেৱা ল’লে সোণোৱালে

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ বিগত দুদিন ধৰি যেন মিনি দিছপুৰত পৰিণত হৈছে কাজিৰঙা৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলা-বিষয়া বাহৰ পাতি আছে কাজিৰঙাত৷ সকলোৱে ব্যস্ত এতিয়া চৰকাৰৰ চিন্তন শিবিৰক লৈ৷ ইয়াৰ মাজতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিগত দুদিন ধৰি গুৱাহাটীত বাহৰ পাতি অংশ লৈছে বিভিন্ন চৰকাৰী আৰু দলীয় কাৰ্যসূচীত৷ বেংগালুৰুৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে প্ৰথমে অংশ লয় ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এক বিশেষ কাৰ্যসূচীত৷ গুজৰাটত আয়োজিত ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশ লোৱা অসমৰ খেলুৱৈসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে৷ শনিবাৰে সন্ধিয়া সোণোৱালে গুৱাহাটীৰ ৰিহাবাৰীস্থিত মাতৃ ধামত উপস্থিত হৈ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে মত বিনিময় কৰে৷ আজি গুৱাহাটীৰ জ্যোতিকুছিৰ শতাব্দী পথত দলৰ বুথ কেন্দ্ৰত ‘মত কী বাত’ অনুষ্ঠানত অংশ লয়৷ ইয়াৰ পিছতে তেওঁ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম অভিমুখে ৰাওনা হয়৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন সোমবাৰে নতুন দিল্লীলৈ উভতি যাব৷ আনহাতে সোমবাৰে অন্ত পৰিব ৰাজ্য চৰকাৰৰ তিনিদিনীয়া চিন্তন বৈঠকৰ৷

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আবেলি ডেৰ বজাত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়৷ ভাৰত চৰকাৰৰ মন্ত্ৰীজনে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ পোনে পোনে সেৱাশ্ৰমখনৰ সুৱৰ্ণকূড়লৈ যায় আৰু তাত প্ৰায় পয়ত্ৰিশ মিনিট সময় কৃষ্ণগুৰু একনাম যপ কৰে৷ সুৱৰ্ণকূড়ৰ পৰা সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমখনৰ প্ৰতিষ্ঠাতা আধ্যাত্মিক গুৰুজনাৰ সমাধিক্ষেত্ৰলৈ যায় আৰু তাত শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পৰা তেওঁ পোনে পোনে গুৰুগৃহলৈ যায় আৰু সেৱাশ্ৰমখনৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভূ আৰু ভক্তি মাতৃ কুন্তনা পাটোৱাৰী গোস্বামীৰ সৈতে বাৰ্তালাপ কৰে৷ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে সমাজৰ বাবে দেশৰ বাবে ভালদৰে কাম কৰিবৰ বাবে প্ৰভূৰ কৃপা বিচাৰিছোঁ৷ কেন্দ্ৰীয়মন্ত্ৰীজনে সেৱাশ্ৰম খনত প্ৰায় চাৰে তিনি ঘণ্টা সময় অতিবাহিত কৰে৷ সোণোৱালক সেৱাশ্ৰমখনত বিজেপিৰ বজালী জিলা কমিটীৰ সভাপতি নগেন চৌধুৰী, বৰপেটা জিলা কমিটীৰ সভাপতি অনিল দাস, সৰুক্ষেত্ৰী মণ্ডলৰ সভাপতি ৰূপজ্যোতি ডেকা, পাকা বেতবাৰী মণ্ডলৰ সভাপতি ধনমণি ডেকাই সম্বৰ্ধনা জনায়৷