Logo
image

এতিয়াও নিষিদ্ধ পৰ্যটক

কাজিৰঙাত সদ্‌গুৰুৰ নাইট ছাফাৰীক লৈ বিতৰ্ক, গোচৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ ‘বন্যপ্ৰাণী সংৰক্ষণ আইন-১৯৭২’ উলংঘা কৰি শনিবাৰে নিশা কাজিৰঙাত জীপ ছাফাৰী কৰি বিপদত পৰিল আধ্যাত্মিক গুৰু জগদীশ জগ্গী বাসুদেৱ চমুকৈ সদগুৰু৷ উল্লেখ্য যে শনিবাৰে ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰত দীক্ষা দিয়াৰ অন্তত সদগুৰুৱে নিজে ছাফাৰী গাড়ী চলাই কাষৰ আসনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পাছফালৰ আসনত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বহুৱাই কাজিৰঙাত নৈশ ছাফাৰী কৰিছিল৷ ইয়াৰ  পাছতেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া তথা বিতৰ্কৰ৷ বিষয়টোক লৈ আজি থানাত এজাহাৰো দাখিল কৰে৷ বন্যপ্ৰাণী সংৰক্ষণ আইন ভংগৰ অভিযোগ তুলি আজি কৃষক সংগঠন ‘জীপাল’-এ বোকাখাত থানাত এখন এজাহাৰ দাখিল কৰি সদগুৰু, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ জীপালৰ নেতা সোণেশ্বৰ নৰহ আৰু প্ৰবীণ পেগুৱে আজি সদগুৰু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কয়–  ‘কাজিৰঙাৰ দাঁতিকাষৰীয়া সচেতন নাগৰিক হিচাপে  আমি ক’বলৈ বাধ্য হৈছোঁ যে বন্যপ্ৰাণী সংৰক্ষণ আইন– ১৯৭২ উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আধ্যাত্মিক গুৰু জগদীশ জগ্গী বাসুদেৱ [সদগুৰু]ৱে কালি যি কাণ্ড কৰিলে ইয়াৰ বাবে তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে৷  এই গৰ্হিত কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী তথা সঁজাতী দলটোক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আমি দাবী জনাইছো৷  কাজিৰঙাৰ পৰম্পৰাগত সুৰক্ষা নীতি বেআইনীভাৱে শিথিল কৰা এনে প্ৰৱণতাই ভৱিষ্যত দিনত কাজিৰঙাৰ বাবেই ভাবুকি হৈ পৰিব পাৰে৷ এই দাবী সমূহৰ ঐতিহাসিক কাৰণ সমূহ হ’ল কাজিৰঙাৰ বন্য প্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত শ শ বিঘা মাটি কাজিৰঙা সংবৰ্ধনৰ নামত থলুৱা জনসাধাৰণে দান কৰা অথবা এৰি দিয়া৷ থলুৱাভৱে পৰিচালিত হৈ অহা বহু বিল, জলাশয় কাজিৰঙা সংবৰ্ধনৰ স্বাৰ্থত এৰি দিছে থলুৱা লোকে৷  পৰম্পৰাগতভাৱে পালিত হৈ অহা উৎসৱ পৰৱ সমূহত জনজাতীয় লোকসকলে শুকান খৰি লোৰা, সেউজীয়া শাক-লতা আহৰণ কৰা সংস্কৃতিকো পৰিত্যাগ কৰি কাজিৰঙাৰ বাবে উচ্ছৰ্গা কৰিছে৷ এই ত্যাগসৰ্বোচ্ছ জনসাধাৰণৰ তুলনাত কাজিৰঙাৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আমাৰ দৃষ্টিত অতি সামান্য আৰু অতি নগণ্য৷ আইন সকলোৰে বাবে সমান, গতিকে উক্ত আইনৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সঁজাতী দলটোক গ্ৰেপ্তাৰ কৰিব লাগে৷ আমি কাজিৰঙাৰ এতিহ্য আৰু পৰম্পৰা ৰক্ষা হোৱাটো বিচাৰো আৰু আইনৰ সন্মান অটুট থকাটো মনে-প্ৰাণে কামনা কৰো৷’ লক্ষণীয় যে শনিবাৰে সদগুৰুৰ জীপ ছাফাৰীৰ কৰাৰ পাছতে বনমন্ত্ৰীৰ অনুপস্থিতিত কাজিৰঙা উদ্যান খোল খোৱা বুলি ঘোষণা কৰে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ পৰ্যটনমন্ত্ৰীৰ শনিবাৰৰ নিশাৰ এই ঘোষণাৰ পাছতে দেওবাৰে পুৱাৰ পৰাই কাজিৰঙা দৰ্শনৰ বাবে ঢাপলি মেলে দেশ-বিদেশৰ বহু পৰ্যটক৷ কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই এই পৰ্যটকসকলক উদ্যানৰ ভিতৰত প্ৰৱেশৰ অনুমতি নিদিলে৷ ইফালে, দেওবাৰে নিশা এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়– বন্যপ্ৰাণী প্ৰতিৰোধ আইন মতে ৰাজ্যৰ ছীফ ৱাইল্ড লাইফ ৱাৰ্ডেনে যিকোনো মুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে৷ ইয়াক লৈ কোনো সমস্যা হ’ব নালাগে৷ এইবাৰ আধ্যাত্মিক গুৰু সদ্‌গুৰুৰ পৱিত্ৰ হাতেৰে কাজিৰঙা উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে৷ গতিকে এইবাৰ পৰ্যটকৰ আগমণ বৃদ্ধি পোৱাটো নিশ্চিত৷ সদ্‌গুৰু আৰু ৰবিশংকৰৰ বহুসংখ্যক শিষ্য আছে৷ এইদুজন গুৰুৰ দেশে-বিদেশে থকা শিষ্যসকলৰ মাজতে এই বাৰ্তা যাব৷ গতিকে কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব৷ শনিবাৰে সদ্‌গুৰুৱে কাজিৰঙা উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিলে যদিও বাট-পথৰ মেৰামতিৰ কাম চলি আছে৷ অতি কম দিনৰ ভিতৰতে সকলো পৰ্যটকৰ বাবে উদ্যান মুকলি কৰিব পৰা যাব৷ আমাৰ ৰাজ্যত পূৰ্বে নিৰ্দিষ্ট বিভাগে নিৰ্দিষ্ট কাম কৰিছিল যদিও কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰৰ জৰিয়তে নিৰ্দিষ্ট বিভাগৰ সৈতে সংগতি থকা আন বিভাগৰ লগত কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা জানিব পৰা যায়৷

১৫ অক্টোবৰতহে খুলিব কাজিৰঙা

বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গড়ঁৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ পাছত দেওবাৰে উদ্যান কতৃৰ্পক্ষই সাধাৰণ পৰ্যটকৰ প্ৰৱেশ পুনৰ বন্ধ কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কাজিৰঙাত অনুষ্ঠিত হৈ থকা চিন্তন শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা আধ্যাত্মিক গুৰু সদগুৰুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত শনিবাৰে ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে দেশ-বিদেশৰ পৰ্যটকে দৰ্শন কৰাত সুবিধা হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে৷ পৰিতাপৰ কথা যে মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আদিৰ উপস্থিতিত সদগুৰুৱে পৰ্যটকৰ দৰ্শনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পাছত উদ্যান কতৃৰ্পক্ষই সাধাৰণ পৰ্যটকক প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াত কাজিৰঙা জীপ ছাফাৰী সন্থা, পৰ্যটন ব্যৱসায়ী আদিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কাজিৰঙা জীপ ছাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি মুখ্যমন্ত্ৰীয়ে টুইট কৰি সকলোকে অৱগত কৰাৰ পাছতো কি ৰহস্যজনক কাৰণত উদ্যানলৈ সাধাৰণ পৰ্যটকক প্ৰৱেশ কৰিব দিয়া নাই ই এক ডাঙৰ সাঁথৰ হৈ পৰিছে৷ সাধাৰণ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আগন্তুক ১৫ অক্টোবৰৰ পৰাহে অনুমতি দিয়া হ’ব যদিও কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পহিলা অক্টোবৰৰ পৰাই উদ্যানলৈ পৰ্যটকক প্ৰৱেশৰ অনুমতি দিবলৈ আহ্বান জনায় সভাপতি বৰদলৈয়ে৷ উল্লেখ্য, ইতিমধ্যে কাজিৰঙাৰ প্ৰায়সংখ্যক পৰ্যটন নিবাস পৰ্যটকে আগতীয়াকৈ সংৰক্ষণ কৰিছে৷ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান মুকলি অনুষ্ঠানলৈ কাজিৰঙা জীপ ছাফাৰী সন্থা, পৰ্যটন ব্যৱসায়ী আদিক আমন্ত্ৰণ জনাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে যদিও এইবাৰ কোনো লোকক আমন্ত্ৰণ নজনোৱাত সভাপতি তুলসী বৰদলৈয়ে আক্ষেপ প্ৰকাশ কৰিছে৷ বিগত বৰ্ষত পহিলা অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাত অভিলেখসংখ্যক পৰ্যটকে উদ্যান দৰ্শন কৰাত ৰাজহ সংগ্ৰহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ছয় কোটি টকাতকৈও অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বুলি কাজিৰঙা জীপ ছাফাৰী সন্থাই মত ব্যক্ত কৰে৷ ইফালে শনিবাৰে আন্ধাৰ হোৱাৰ পাছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সদগুৰুকে ধৰি মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী, ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষ আদিয়ে বন আইন ভংগ কৰি জীপ ছাফাৰী কৰাক লৈ চৰ্চা আৰম্ভ হৈছে৷ আন্ধাৰ নামি অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰাটো বন্যপ্ৰাণী প্ৰতিৰোধ আইন মতে নিষিদ্ধ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে জীপ ছাফাৰী কৰা বাট, পথ, দলং আদি বৰ্তমানলৈকে মেৰামতি কৰি থকা হৈছে৷ বাট-পথ মেৰামতি কৰাত বতৰে সমস্যা সৃষ্টি কৰাত কিছু সময়ৰ প্ৰয়োজন হৈছে৷ যাৰ ফলত আন্তঃগাঁথনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পৰ্যটকক জীপ ছাফাৰী কৰিবলৈ অনুমতি দিয়াটো অসম্ভৱ বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ ইফালে কাজিৰঙাত অনুষ্ঠিত হৈ থকা চিন্তন শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা বিশিষ্ট অতিথিক উদ্যান ভ্ৰমণ কৰোৱাৰ বাবে আংশিক পথ মুকলি কৰা হৈছে বুলি উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়ে৷

নিশা দেৰগাঁৱত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে নিশা কাজিৰঙাৰ পৰা আহি হঠাতে দেৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ সভাকক্ষ মুখ্যমন্ত্ৰীজনে পৰিদৰ্শন কৰে৷ এই নৱনিৰ্মিত সভাকক্ষতেই ৯ আৰু ১০ অক্টোবৰত অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকসকলৰ সন্মিলন৷ এই সন্মিলন উদ্বোধন কৰিব  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ এই ভৱন পৰিদৰ্শন কৰাৰ লগতে আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈ মুখ্যমন্ত্ৰীজনে পুনৰ নিশায়েই কাজিৰঙালৈ উভতি যায়৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ দেৰগাঁৱলৈ এই আকস্মিক ভ্ৰমণৰ সময়ত তেওঁ লগত আছিল মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা৷ সাংবাদিকৰে হোৱা সাক্ষাতৰ সময়ত দেৰগাঁৱত বৰ্তমান নিৰ্মাণকাৰ্য চলি থকা অসম পুলিচ একাডেমীৰ প্ৰথম পৰ্যায়ৰ কাম আগষ্ট মাহৰ ভিতৰত সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে৷