Logo
image

উত্তৰ-পূবত কৰ্মৰত বিষয়া সকলৰ বিশেষ সুবিধা কৰ্তন

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত আই এ এছ আৰু আই পি এছ অৰ্থাৎ সৰ্বভাৰতীয় সেৱাৰ চাকৰিয়ালে যি বিশেষ সা-সুবিধা আৰু ভাট্টা লাভ কৰিছিল সেয়া তাৎক্ষণিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কৰ্তন কৰা হৈছে৷ উল্লেখ্য আই এ এছ, আই পি এছ, আই এফ  এছকে ধৰি সৰ্বভাৰতীয় সেৱাৰ যিসকল চাকৰিয়াল উত্তৰ-পূবৰ ৰাজ্যত কৰ্মৰত হৈ থাকে তেওঁলোকে ইমান দিনে মূল দৰমহাৰ সৈতে  তাৰ ২৫ শতাংশ ধন বিশেষ ভাট্টা হিচাপে লাভ কৰি আহিছিল৷ অৰ্থাৎ যিজন বিষয়াৰ মূল দৰমহা আছিল এক লাখ টকা, তেওঁ তাৰ সৈতে আৰু ২৫ হাজাৰ টকা ভাট্টা হিচাপে লাভ কৰি আহিছিল৷ ইয়াৰ উপৰি ২০০৯ চন পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত কৰ্মৰত সৰ্বভাৰতীয় সেৱাৰ বিষয়াই আৰু অতিৰিক্ত ভাট্টা লাভ কৰিছিল৷ সেই ভাট্টা ইউ পি এ চৰকাৰে কৰ্তন কৰাৰ পাছত এইবাৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাকী থকা ভাট্টাও কৰ্তন কৰিছে৷ এতিয়াৰ পৰা সৰ্বভাৰতীয় সেৱাৰ বিষয়াই দেশৰ আন যিকোনো স্থানৰ দৰেই উত্তৰ-পূবৰ ৮খন ৰাজ্যত চাকৰি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ নিৰিখ অনুযায়ী সমপৰ্যায়ৰ ভাট্টাহে লাভ কৰিব৷