Logo
image

ৰহস্য কি! ভিক্টৰে কোৱা মধ্যভোগীক বিচৰাই নাই আৰক্ষীয়ে

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ চাকৰিৰ নামত সঁচাকৈয়ে প্ৰাক্তন বিধায়কৰ নেতৃত্বত দালাল তথা মধ্যভোগী চক্ৰই ধন সংগ্ৰহ কৰিছে নেকি? তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত অনিয়ম, কেলেংকাৰিৰ অভিযোগ উঠিছিল যদিও অভিযোগকাৰী ভিক্টৰ দাস নামৰ টে’ট শিক্ষকজনকেই ওলোটাই নাটকীয়ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ অথচ ভিক্টৰ দাস নামৰ শিক্ষকজনে তদন্তকাৰী আৰক্ষীক দালাল-মধ্যভোগীয়ে প্ৰাৰ্থীৰ সৈতে চাকৰিৰ নামত দৰ-দাম কৰা মোবাইল বাৰ্তালাপৰ অডিঅ’ ক্লিপিং পৰ্যন্ত দাখিল কৰিছিল৷ কেৱল ইমানেই নহয়, প্ৰাক্তন বিধায়কৰ নেতৃত্বত প্ৰতিজন প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকাকৈ ধন সংগ্ৰহত নামি পৰা বিশেষ চক্ৰটোৰ ফোন নম্বৰ পৰ্যন্ত দাখিল কৰিছিল আৰক্ষীক৷ কিন্তু অতি আচৰিতভাৱে আৰক্ষীয়ে ভিক্টৰ দাসকহে ওলোটাই সামঞ্জস্যহীন ধাৰাত গ্ৰেপ্তাৰ কৰে যদিও ভিক্টৰে উল্লেখ কৰা কোনো এটা দালালকে অজ্ঞাত কাৰণত প্ৰাথমিক সোধা-পোছা কৰাও প্ৰয়োজনবোধ নকৰিলে স্মাৰ্ট আৰক্ষীয়ে৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে ভিক্টৰৰ সকলো অভিযোগ মিছা আৰু মুখ্যমন্ত্ৰীয়েও ভিক্টৰক জেম্‌চ বণ্ডৰ লগত তুলনা কৰি কেলেংকাৰিৰ কথা অস্বীকাৰ কৰে৷ মুখ্যমন্ত্ৰী বা অসম আৰক্ষীয়ে ২৬ হাজাৰ পদত অনিয়ম হোৱাৰ কথা অস্বীকাৰ কৰিলেও ভিক্টৰে তদন্তকাৰী আৰক্ষীক দাখিল কৰা এটা অডিঅ’ ক্লিপিং শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ য’ত স্পষ্টকৈ দালাল তথা মধ্যভোগী আৰু প্ৰাৰ্থীৰ মাজত চাকৰিৰ দৰ-দামৰ তথ্য প্ৰকাশ পাইছে৷ কিন্তু ভিক্টৰে তদন্তকাৰী আৰক্ষীক উক্ত ভিডিঅ’ ক্লিপিংটো দাখিল কৰা লগতে দালালজনৰো তথ্য দিছিল৷ কিন্তু পৰীক্ষাত অনিয়ম কৰিলে পিঠি ফালি দিম বুলি বেপৰো¸ৱা মন্তব্য কৰা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বাধীন স্মাৰ্ট অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে চাকৰি বজাৰৰ দালালটোক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা পৰিচয়ো ৰাজহুৱা কৰিবলৈ সাহস নকৰিলে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে আৰক্ষী বিভাগৰ দৰে কঠিন শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নথকা তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদক লৈ চৰকাৰৰ যেন কৰ’বাত দুৰ্বলতা আছে৷ নহ’লে ৰাকেশ পালৰ এ পি এছ চি চাকৰিৰ দৰে ২৬ হাজাৰ পদৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ দৰ-দামত লিপ্ত হোৱা দালালটোক গ্ৰেপ্তাৰ নকৰাৰ কাৰণ কি? সামাজিক মাধ্যমত ভাইৰেল অডিঅ’টোত দালাল আৰু প্ৰাৰ্থীৰ কথোপকথন আছিল এনেধৰণৰ– 

দালালঃ তোমাৰ দেউতাই কিবা উল্টা-পুল্টা কথা পাতিছে৷ পইচা দিবলৈ কোৱা৷ পইচা নিদিলে ভাইটি কাম নহ’ব নহয়৷ মই আগতীয়াকৈ সকলো পইচা খোজা নাই৷ প্ৰথমে অলপ পইচা দি ৰাখা৷ ডকুমেণ্ট... কাগজ-পত্ৰখিনি দিয়া৷ বাকী যেতিয়া মেৰিট লিষ্টত তোমাৰ নাম আহিব, এপইণ্টমেণ্টৰ বাকী পইচাটো দিব লাগিব৷ 

প্ৰাৰ্থীঃ নহয়, দেউতাই এনেকৈ কৈছিল যে– মানে আগতে কিমান দিব লাগিব আৰু পাছত কিমান দিব লাগিব? সেইটো সুধিছিল মানে...৷ 

দালালঃ অ’ অ’... দেউতাই আগতীয়াকৈ বেছি পইচা দিব নালাগে৷ ৩০-৪০ হাজাৰ মান কিবা এটা দিয়ক৷ বাকী পইচা এপইণ্টমেণ্ট হোৱাৰ পাছত ল’ম৷ 

প্ৰাৰ্থীঃ আপোনাক কিমান তাৰিখ মানত দিব লাগিব? 

দালালঃ কিমান তাৰিখ বুলি কথা নাই৷ যিমান সোনকালে পাৰা দিয়া৷ কাৰণ এতিয়া ভেকেন্সী আছে৷ ভেকেন্সী যদি ফিলাপ হৈ যায়, পাছত তোমাৰ পৰা আৰু পইচা ল’ব নোৱাৰিম নহয়৷ কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ’ব নহয়৷ বেলেগত নহয় অকল এছ টি পোষ্টহে আছে৷ বেলেগ অ’ বি চি, এম অ’ বি চি আৰু বাকী ক্লাচবোৰ ফিলাপ হৈয়ে গ’ল৷ 

প্ৰাৰ্থীঃ আপোনাক কেছ দিব লাগিব নে একাউণ্টত? 

দালালঃ সেইটো তোমালোকৰ কথা৷ কেচ দিলে তোমালোকৰ হাতত প্ৰমাণ নাথাকে৷ তুমি মোক হাতে-হাতে দিলে প্ৰমাণ নাথাকিব৷ একাউণ্টত দিলে কেতিয়া দিলা, কিমান তাৰিখত দিলা তাৰ সকলো প্ৰমাণ থাকিব৷ বাকী তোমালোকৰ কথা৷ একাউণ্টত দিলে ভাল, তোমালোকৰ প্ৰমাণ থাকি যাব৷ 

প্ৰাৰ্থীঃ আপোনাক লগ পাব পাৰিম নেকি? 

দালালঃ মই এতিয়া ভাইটি বহুত ব্যস্ত হৈ আছোঁ৷ পৰীক্ষা চলি আছে৷ ইচ্ছা আছে যদি মোৰ লগত প্ৰথমে ফোনতে যোগাযোগ কৰা৷ পইচা পাতি কেনেদৰে দিবা সেইটো কবা৷ আৰু এছ টিৰ ল’ৰা ২-৩টা লাগে? আছে নেকি আৰু এছ টি ল’ৰা? 

প্ৰাৰ্থীঃ আছে... নহয় মানে আমাৰ খুৰাৰ লগত কথা পাতি ল’ব৷ 

দালালঃ খুৰা-চুৰা বাদ দিয়া৷ তোমাৰ যদি ইণ্টাৰেষ্ট আছে বেছি দেৰি নকৰিবা৷ শুনা ভাইটি এছ টি পোষ্ট খালি আছে কাৰণেহে কৈছোঁ৷ এছ টি ল’ৰা সোমাব লাগিলে মোৰ দ্বাৰাই সোমাব লাগিব৷ গতিকে তোমাৰ যদি ইচ্ছা আছে ঘৰত কথা পাতা৷ সোনকালে পইচা এটা পেমেণ্ট কৰি দিয়া– তোমাৰ পোষ্টটো কনফৰ্ম হৈ আছে বুলি নিশ্চিন্তমনে থাকিব পাৰিবা৷ মই পইচা দিবলৈ যাম... কথা পাতিবলৈ যাম... এইবোৰ আৰু দীঘলীয়া প্ৰচেছ কৰি লাভ নাই৷ তোমাৰ যদি পইচা দিবলৈ মন আছে, তুমি তাত থাকিও দিব পাৰিবা৷ মই একাউণ্ট নম্বৰ দিম৷ একাউণ্টত পেমেণ্ট কৰিবা৷ ডকুমেণ্টখিনি হোৱাটছএপত দিয়া৷ পাছত মই গোটেই কামখিনি কৰি ৰাখিম৷ ছাৰৰ লগত কথা পাতি সকলো কৰি ৰাখিম৷ 

প্ৰাৰ্থীঃ হ’ব বাৰু ছাৰ... মই যিমান পাৰো সিমান সোনকালে চেষ্টা কৰি চাম৷ 

দালালঃ মোক আৰু এছ টি ল’ৰা লাগে৷ এছ টি ল’ৰা আছে যদি দিব পাৰা৷ মই কিবা এটা তোমাক হেল্প কৰিম বাৰু৷ মোক এছ টি ল’ৰাৰ বহুত দৰকাৰ হৈ আছে৷ 

প্ৰাৰ্থীঃ মোৰ আৰু লগৰ দুজন ল’ৰা আছে৷ কথা পাতি চাই লওঁ৷ 

দালালঃ কিন্তু পইচা দিব পৰাহে চাবা৷ দিব নোৱাৰা ল’ৰাৰ নালাগে দেই৷

অৱশ্যে ভিক্তৰে ৰাজহুৱা কৰা দালাল আৰু প্ৰাৰ্থীৰ মাজত হোৱা মোবাইল বাৰ্তালাপৰ উক্ত অডিঅ’টো কিছু পুৰণি বুলি দাবী কৰিছে অসম আৰক্ষীৰ এটা সূত্ৰই৷ উক্ত ভাইৰেল অডিঅ’টো ইতিপূৰ্বে ইউটিউবতো উপলব্ধ হোৱা বুলি আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰিছে৷