Logo
image

‘আমাৰ অসম’ৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ অকাল বিয়োগ

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ ‘মোৰ দেহাটোৰ বাবে আজি ৰাইজৰ উপস্থিতিত এটি মহৎ অনুষ্ঠানৰ সংকল্প ল’লোঁ৷ আৰ্শীবাদ কৰিব৷’ –চাৰি ঘণ্টাৰ আগতে ফেচবুকৰ নিজৰ পেজত এই মন্তব্য কৰি চিৰদিনৰ কাৰণে বিদায় ল’লে বোকাখাতৰ বিশিষ্ট সাংবাদিক প্ৰদু্যত মহন্তই৷ ‘আমাৰ অসম’ কাকতৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তই আজি সন্ধিয়া নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ দীৰ্ঘদিন বোকাখাতৰ পৰা ‘আমাৰ অসম’ৰ প্ৰতিবেদক হিচাবে সংবাদসেৱা আগবঢ়াই অহা প্ৰদ্যুৎ মহন্ত ‘নিউজ ১৮ অসম’ৰো প্ৰতিবেদক আছিল৷ বোকাখাতৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত সাংবাদিক প্ৰদ্যুৎ মহন্ত বোকাখাতৰ ইলেক্ট্ৰ’নিক মিডিয়া জাৰ্নেলিষ্টি সন্থাৰ সম্পাদক, কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব, গোলাঘাট জিলা সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক হিচাবে কৰ্মৰত আছিল৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা প্ৰদ্যুৎ মহন্ত আজি বিয়লি অসুস্থ হৈ পৰাত নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসালয়তে প্ৰদু্যৎ মহন্তই শেষ নিশ্বাস ত্যাগ কৰে৷ জনহিতৈষী তথা সাংবাদ জগতত অতি জনপ্ৰিয়, অমায়িক ৪৯ বছৰীয়া প্ৰদু্যৎ মহন্তৰ অকাল বিয়োগত সমগ্ৰ বোকাখাত শোকস্তব্ধ হৈ পৰিছে৷ বোকাখাতৰ ইলেক্ট্ৰ’নিক মিডিয়া জাৰ্নেলিষ্টি সন্থা, কাজিৰঙা নিউজ নেটৱৰ্কৰ উপৰি বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব, নাট্যমন্দিৰ সমিতি আদি বিভিন্ন দল-সংগঠনে যুৱ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ অকাল বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত প্ৰদ্যুৎ মহন্তই পত্নী জ্যোতিৰেখা শইকীয়াৰ উপৰি দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়৷ অকালতে জীৱনবন্তি নিৰ্বাপিত হোৱা যুৱ সাংবাদিক প্ৰদ্যুৎ মহন্তই ‘আমাৰ অসম’ৰ বাবে আজি আবেলি প্ৰায় চাৰি বজাত লিখি উলিয়াইছিল এটা বাতৰি৷ এটা নামঘৰক লৈ লিখা এই বাতৰিটোৱেই আছিল প্ৰদ্যুৎ মহন্তৰ জীৱনৰ শেষ বাতৰি৷ কিন্তু বাতৰিটো লিখাৰ পাছতেই তেওঁ অসুস্থ হৈ পৰাত বাতৰিটো ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা নহ’ল৷ মুহূৰ্তৰ ব্যৱধানত প্ৰদ্যুৎ মহন্ত নিজেই হৈ পৰিল এটা দুখৰ বাতৰি৷ ‘আমাৰ অসম’ পৰিয়ালে প্ৰদ্যুৎ মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰিছে গভীৰ সমবেদনা৷ ‘আমাৰ অসম’ৰ গুৱাহাটী আৰু যোৰহাটস্থিত কাৰ্যালয়ত প্ৰদ্যুৎ মহন্তৰ স্মৃতিত সহকৰ্মীসকলে শোক প্ৰকাশ কৰে৷