Logo
image

উকীলৰ বেশ ধৰি ক’ৰ্টত হাজিৰ জেকুলিন

প্ৰৱঞ্চনাৰ গোচৰত অন্তৰ্ৱৰ্তীকালীন জামিন

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ ২০০ কোটি টকাৰ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ দিল্লীৰ পাটিয়ালা হাউছ আদালতলৈ উকিলৰ পোচাক পৰিধান কৰি আহিল বলীউডৰ অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ৷ পাটিয়ালা হাউছ আদালতত উকিলৰ ক’লা ট্ৰাউজাৰ, বগা চাৰ্ট আৰু তাৰ ওপৰত ক’লা কোট পৰিধান কৰি অহা জেকুলিনক জামিনৰ বাবে আদালতকক্ষত সোমোৱালৈকে কোনো সাংবাদিকে চিনিবই নোৱাৰিলে৷ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰি যেতিয়া জেকুলিনে উকিলৰ কোট খুলি কেৱল চাৰ্ট আৰু ট্ৰাউজাৰ পৰিধান কৰি বাহিৰলৈ ওলাই আহিল তেতিয়াহে সাংবাদিকে জানিব পাৰিলে ইতিমধ্যে তেওঁলোকৰ চকুত ধুলি দি আদালতত সোমাই জামিন ল’লে বলীউডৰ অভিনেত্ৰীয়ে৷ অৱশ্যে তেতিয়াও তেওঁ এদল অধিবক্তাৰ বেষ্টনীত সোমাই আহিছিল৷ মুখত আছিল মাস্ক আৰু যিটো দিশে ফটোগ্ৰাফাৰ তথা সাংবাদিক ভৰি আছিল, সেই দিশে জেকুলিনে তেওঁৰ দীঘল চুলিৰে নিজৰ মুখখন ঢাকি ৰাখিছিল৷ জেকুলিনৰ এই কৌশলত সকলোৱেই আচৰিত হৈছে৷ সোমবাৰে তেওঁ দিল্লীৰ পাটিয়ালা হাউছ আদালতত জামিনৰ বাবে উপস্থিত থাকিব বুলি জানি বৃহৎ সংখ্যাত সাংবাদিক, অনুৰাগীৰ আদালতৰ বাহিৰত সমাৱেশ ঘটিছিল৷ কিন্তু তাৰ মাজতেই জেকুলিনে তেতিয়া উকিলৰ ভেশত সকলোৰে চকুত ধুলি দি আদালতত সোমালগৈ সেয়া কোনোও তৰ্কিবই নোৱাৰিলে৷ উল্লেখ্য, আদালতে শ্ৰীলংকাৰ অভিনেত্ৰীগৰাকীক ২০০ কোটি টকাৰ প্ৰবঞ্চনাৰ গোচৰত সোমবাৰে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে৷ অহা ২২ অক্টোবৰত এই গোচৰৰ জামিনৰ পূৰ্ণ শুনানি গ্ৰহণ কৰিব আদালতে৷ সেইদিনাহে জেকুলিনে স্থায়ী জামিন লাভ কৰে  নে নকৰে নিশ্চিত হ’ব৷ যদিহে তেওঁ সেইদিনা জামিন লাভ নকৰে তেন্তে উক্ত গোচৰত গ্ৰেপ্তাৰবৰণ কৰিব লাগিব জেকুলিনে৷ সোমবাৰে অৱশ্যে তেওঁ গ্ৰেপ্তাৰৰ পৰা প্ৰায় এমাহৰ বাবে হাত সাৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, কনমান সুকেশ চন্দ্ৰশেখৰ নামৰ এজন প্ৰবঞ্চকৰ পৰা জেকুলিন ফাৰ্ণাণ্ডেজে কেইবাকোটি টকাৰ উপহাৰ লৈছিল৷ তাৰ ভিতৰত আছিল বিলাসী গাড়ী, বিদেশী ঘোঁৰা, পাৰ্চিয়ান মেকুৰী, দামী বেগ ইত্যাদি৷ সেই সকলো উপহাৰৰ মূল্য ২০ কোটি টকাৰো অধিক আছিল৷ প্ৰথমে প্ৰলোভনৰ জৰিয়তে তেওঁ সুকেশৰ জালত পৰিলেও পাছত সুকেশ প্ৰবঞ্চক বুলি জানিছিল জেকুলিনে৷ তথাপি তেওঁ সুকেশৰ পৰা কোটি কোটি টকাৰ উপহাৰ আৰু নগদ ধন লৈ আছিল৷ সেই গোচৰত ইতিমধ্যে সুকেশ কাৰাবন্দী হৈ আছে৷ ইডিয়ে অলপতে সেই গোচৰৰ যি অভিযোগনামা দাখিল কৰিছিল তাত প্ৰবঞ্চনাত জেকুলিনো জড়িত থকা বুলি নাম অন্তৰ্ভুক্ত কৰিছিল৷ ইয়াৰ ফলতে বলীউডৰ অভিনেত্ৰীগৰাকী গ্ৰেপ্তাৰ হোৱাৰ আশংকাৰ সৃষ্টি হৈছিল৷ ইডিয়ে কৰা জেৰাত জেকুলিনে সকলো কথা স্বীকাৰ কৰিছিল আৰু সেই স্বীকাৰোক্তিৰ ভিত্তিত প্ৰস্তুত কৰা অভিযোগনামত তেওঁৰ নামৰ অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল৷ জেকুলিনৰ উপৰি এই গোচৰত ইডিয়ে বলীউডৰ আন এগৰাকী বিদেশী অভিনেত্ৰী নোৰা ফটেহীকো জেৰা কৰি আছে৷