Logo
image

নিতৌ ৯জনে আত্মহত্যা কৰে অসমত

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ ক্ৰমাৎ যেন সামাজিক ব্যাধিত পৰিণত হৈছে আত্মহননৰ ঘটনা৷ সাম্প্ৰতিক সমাজ ব্যৱস্থাত যেন ধৈৰ্য্য শক্তি হ্ৰাস হৈ আহিছে মানুহৰ৷ সাধাৰণ কিছু কাৰ্য তথা ঘটনাৰ বাবেই বহুতে আত্মহননৰ দৰে চৰম পথ বাছি লৈছে৷ সামান্য দুখ-কষ্ট সহ্য কৰিব নোৱাৰি মৃত্যুকেই জীৱনৰ পৰা মুক্তিৰ পথ হিচাপে শেষ সিদ্ধান্ত গ্ৰহণ কৰে৷ মুক্তিৰ পথ বিচাৰি বিভিন্নজনে আত্মহত্যাৰ বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ মনো বিজ্ঞানী সকলেও আত্মহত্যাৰ প্ৰৱণতা ৰোধ কৰিব নোৱৰা পৰিৱেশৰ উদ্ভৱ ঘটিছে৷ বিশেষকৈ ক’ভিড পৰিস্থিতিৰ পাছতেই বহুতৰ সপোন থান-বান হৈ পৰাত দাৰিদ্ৰতাৰ বাবে আত্মহননৰ বিকল্প যেন কোনো বিছাৰি পোৱা নাই৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসমত প্ৰতিদিনে গড়ে ৯জনকৈ লোকে আত্মহত্যাৰ পথ বাছি লৈছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদন অসমত অনুসৰি অসমত বিগত ২০২১ বৰ্ষত ৩,২৬২ জন লোকে আত্মহত্যাৰ পথ বাছি লয়৷ আত্মহত্যা কৰা লোকৰ ২৩৫১ জন পুৰুষ আৰু ৯১১ গৰাকী মহিলা৷ উদ্বেগজনকভাৱে অসমত আত্মহত্যা কৰা সকলৰ ভিতৰত ৬৫৯ জনেই হৈছে শ্ৰমজীৱী লোক৷ প্ৰতিখন জিলাতে কিছু কিছু স্থান এতিয়া যেন আত্মহত্যাৰ হটস্পটত পৰিণত হৈছে৷ আৰক্ষীয়ে এনে স্থানসমূহ চিনাক্ত কৰি নিৰীক্ষণৰো ব্যৱস্থা কৰিছে৷ গুৱাহাটী মহানগৰীত শৰাইঘাট দলং আত্মহত্যাৰ হটস্পৰ্টত পৰিণত হৈছে৷ যাৰ বাবে গুৱাহাটী আৰক্ষীয়ে শৰাইঘাট দলংখনক বিশেষ নজৰত ৰাখিছে৷ চলিত বৰ্ষত বৰ্তমানলৈ শৰাইঘাট দলঙৰ পৰা ১২ জন লোকে আত্মহত্যাৰ চেষ্টা চলাইছিল৷ ইয়াৰে ৮ জনকে ৭০ শতাংশ লোককে আৰক্ষী তথা স্থানীয় লোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে চাৰি জন লোকৰ মৃত্যু হৈছে যদিও দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ভঙাগড়ৰ নয়নজ্যোতি তালুকদাৰ আৰু কাৰ্তিক বৰপেটাৰ চন্দ্ৰ ৰাজবংশী নামৰ লোক দুজনৰ আজিও মৃতদেহ উদ্ধাৰ নহ’ল৷ জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসে প্ৰকাশ কৰা মতে শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া অধিকাংশই দৰিদ্ৰতা আৰু কৰ্ম সংস্থাপনহীনতাৰ বাবেই আত্মহননৰ চেষ্টা চলাইছিল৷ ইয়াৰোপৰি ঘৰুৱা হিংসা আৰু প্ৰেমজনিত কাৰণতো অন্য জিলাৰ পৰা আহি শৰাইঘাটত আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাও সংঘটিত হৈছে৷ আনহাতে মানসিক সমস্যাত ভোগা দুজন লোকেও আত্মহত্যাৰ চেষ্টা চলোৱা দেখা গৈছে৷ বিভিন্নজনে আত্মহত্যাৰ স্থান হিচাপে বাছি লোৱাত শৰাইঘাট দলখনক জালুকবাৰী আৰক্ষীয়ে বিশেষ নিৰীক্ষণত ৰখাৰ লগতে উদ্ধাৰকাৰী দল সদা সষ্টম হৈ থকা বুলিও আৰক্ষী বিষয়াজনে প্ৰকাশ কৰে৷