Logo
image

আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰত অসমতে বেছি

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতিজন শিশুৱেই শিক্ষা লাভ কৰাটো বাধ্যতামূলক যদিও বাস্তৱত বহু শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে৷ ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ফটা ঢোল কোবালেও মাধ্যমিক স্তৰত আধাতে শিক্ষানুষ্ঠান এৰা [ড্ৰপ আউট] শিক্ষাৰ্থীৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম৷ স্বাভাৱিকতেই ড্ৰপ আউট শিক্ষাৰ্থীৰ এই পৰিসংখ্যাৰে অসমে অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে৷ শিক্ষাক মৌলিক অধিকাৰ বুলি কোৱা হয় বিভিন্ন কাৰণত আধাতে বিদ্যালয় ত্যাগ কথা আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে বহু ছাত্ৰ-ছাত্ৰীয়ে৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা মতে মাধ্যমিক স্তৰত অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত অসমৰ ৩১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে আধাতে আনুষ্ঠানিক শিক্ষা সামৰিবলগীয়া হৈছে৷ অথচ আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সৰ্বভাৰতীয় হাৰ ১৪.৬ শতাংশ যদিও অসমত এই হাৰ দুগুণ স্পৰ্শ কৰিছে৷ কেৱল অসমেই নহয় দেশৰ এক ডজন ৰাজ্যৰ মাধ্যমিক স্তৰত ড্ৰপ আউটৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক৷ যাৰ পৰিপ্ৰেক্ষিততেই আধাতে শিক্ষা সমাপ্ত কৰা কাৰ্য হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকল্প অনুমোদন পৰিষদৰ অধীনত বিশেষ একচন প্লেন গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ প্ৰকল্প অনুমোদন ব’ৰ্ডৰ ২০২২-২৩ বৰ্ষৰ ‘সমগ্ৰ শিক্ষা’ অভিযানৰ কাৰ্যবিৱণীত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ২০৩০ চনৰ ভিতৰত শিক্ষানু্‌ষ্ঠানত নামভৰ্তিৰ হাৰ ১০০ শতাংশ কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ শিক্ষা মন্ত্ৰণালয়ৰ প্ৰকল্প অনুমোদন পৰিষদৰ প্ৰতিবেদন অনুসৰি ২০২০-২১ বৰ্ষৰ অসমত মাধ্যমিক স্তৰত শিক্ষা বাদ দিয়া ছাত্ৰৰ অনুপাতে ছাত্ৰীৰ হাৰ অধিক৷ সেই অনুসৰি ২৯.৭ শতাংশ ছাত্ৰই আনুষ্ঠানিক শিক্ষা এৰাৰ বিপৰীতে ৩২.১ শতাংশ ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰিছে৷ অতি উদ্বেগজনকভাৱে ২০২০-২১ বৰ্ষত অসমত মাধ্যমিক পৰ্যায়ত ১৯খন জিলাতে শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ হাৰ ৩০ শতাংশতকৈ অধিক৷ আনহাতে  অসমৰ লগতে চুবুৰীয়া নাগালেণ্ডৰো ৮খন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৩০ শতাংশতকৈ অধিক৷ অৱশ্যে অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বিপৰীতে মাধ্যমিক পৰ্যায়ত কেৰালাত ৭.১ শতাংশ, উত্তৰাখণ্ডত ৮.৪১ শতাংশ আৰু গোৱাৰ ১০.১৭ শতাংশ শিক্ষাৰ্থীয়ে আধাতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ ইউনিচেফৰ সমীক্ষাত কোৱা হৈছে যে ভাৰতত ঘৰুৱা সমস্যাৰ বাবেই ৩৩ শতাংশ ছোৱালীয়ে আৰু বিবাহৰ বাবে ২৫ শতাংশ ছোৱালীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিবলগীয়া হয়৷ আধাতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰা বহুসংখ্যক শিক্ষাৰ্থীয়ে পঢ়াৰ বয়সতে জীৱন সংগ্ৰামত নামি বিভিন্ন কাম কৰিবলগীয়া হয়৷