Logo
image

সোণোৱাল চৰকাৰে পুনৰ তদন্ত কৰিব নেকি হাগ্ৰামা-খাম্ফাৰ অপৰাধ গোচৰৰ

... বিগত দিনত বিটিএডিত অবাধ হাৰত হত্যা-হিংসা-অশান্তিৰ ঘটনা সংঘটিত হৈ থকা দেখিও সোণোৱাল-হিমন্ত মৌন হৈ আছিল৷ কিন্তু আজি হঠাৎ উক দিছে সেই প্ৰসংগই– কাৰণ ক্ষমতা দখল৷ ৰাইজক ন্যায় দিয়াটোৱেই যদি প্ৰধান উদ্দেশ্যই হ’লহেঁতেন, তেন্তে হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় অনুসন্ধান 

সংস্থা ‘নিয়া’ক দিয়া হ’লহেঁতেন ...

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত-স্বাস্থ্য-শিক্ষা দপ্তৰৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিগত দিনত বিটিএডিত হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ বাবেই হত্যা-হিংসা সংঘটিত হৈছে, অশান্তি বিয়পিছে, অপশাসন চলি আহিছে৷ অসম চৰকাৰৰ দুয়োজন মন্ত্ৰীৰ এই বক্তব্য নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ৷ কিন্তু ইয়াৰ সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে যে বিটিএডিৰ বিগত দিনত সংঘটিত বিভিন্ন হত্যালীলা-উৎপীড়ন, সংঘৰ্ষ, অপহৰণ আদি হিংসাত্মক ঘটনাত অভিযুক্ত ‘ডাঙৰ নেতা’ বা ৰাজনৈতিক ব্যক্তিক সুৰক্ষা দি আহিছে কোনে? যি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে খোদ মুখ্যমন্ত্ৰী সোণোৱাল বা চৰকাৰৰ অন্যতম জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে বা বিটিচি প্ৰশাসনৰ অপশাসনৰ বাবেই অঞ্চলটোত হত্যা-হিংসা-অশান্তিয়ে বিৰাজ কৰি অহা বুলি মুকলিকৈ ঘোষণা কৰিছে, সেইজন হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ৰুজু হৈ থকা হত্যাকাণ্ডৰ দৰে অপৰাধৰ গোচৰৰ তদন্ত ৰাজ্য চৰকাৰে সম্পন্ন নকৰাকৈ আছে কিয়? ২০১৪ চনতে হাগ্ৰামা মহিলাৰীক অভিযুক্ত কৰি ৰুজু হোৱা গোচৰ তদন্ত সম্পন্ন কৰি হত্যাকাণ্ডৰ ভুক্তভোগী পৰিয়ালৰ ন্যায় প্ৰদানৰ পৰা সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা আঁতৰি আছে কিয়? বিটিচিত আজি ‘অপশাসন’ আৰু ‘অশান্তি’ দেখা পোৱা সোণোৱাল-হিমন্তই কিয় বিটিচিৰ তদানীন্তন উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে ৰুজু হৈ থকা অজস্ৰ অপৰাধ গোচৰৰ তদন্ত অসম আৰক্ষীৰ জৰিয়তে সম্পন্ন কৰোৱা নাই? অকল এয়াই নহয়, বহু অপৰাধ গোচৰৰ আচামীৰ নাম তালিকাত ‘জিলিকি’ আছে বিপিএফৰ নেত্ৰী তথা বিধায়িকা প্ৰমীলাৰাণী ব্ৰহ্মৰ নাম৷ বিপিএফৰ বিৰুদ্ধে আজি দুই মন্ত্ৰীয়ে সৰ্বাধিক সৰৱ হৈ সাধাৰণ জনতাক ‘শান্তি’ৰ বাণী বিলাইছে, সেই বিপিএফৰ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম সোণোৱাল মন্ত্ৰীসভাৰ সদস্য হোৱা বাবেই নেকি ব্ৰহ্ম অভিযুক্ত হৈ থকা কেইবাটাও গোচৰৰ তদন্তৰ ফল কি হ’ল ৰাইজে একো গম নাপালে বা অভিযুক্তক সোধা-পোছা কৰা হ’লনে নাই ৰাইজে আজিকোপতি গম নাপালে? সোণোৱাল চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ এয়াই ৰূপ নেকি? আজি এনে প্ৰশ্ন উত্থাপন হৈছে এইবাবেই যে বিগত দিনত বিটিএডিত অবাধ হাৰত হত্যা-হিংসা-অশান্তিৰ ঘটনা সংঘটিত হৈ থকা দেখিও সোণোৱাল-হিমন্ত মৌন হৈ আছিল৷ কিন্তু আজি হঠাৎ উক দিছে সেই প্ৰসংগই– কাৰণ ক্ষমতা দখল৷ ৰাইজক ন্যায় দিয়াটোৱেই যদি প্ৰধান উদ্দেশ্যই হ’লহেঁতেন, তেন্তে হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা ‘নিয়া’ক দিয়া হ’লহেঁতেন৷ কিয়নো ২০১৪ চনৰ বিটিএডিত সংঘটিত যি হত্যা-হিংসাৰ ঘটনাৰ বাবে এই গোচৰসমূহ ৰুজু হৈছিল, সেই গোচৰৰ ভিতৰত মাত্ৰ তিনিটা গোচৰৰ তদন্ত কৰিবলৈ চৰকাৰে গতাই দিছে ‘নিয়া’ক৷ বাছি বাছি সেই তিনিটা গোচৰহে নিয়াক হস্তান্তৰ কৰিছে যিকেইটাত হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী, প্ৰমীলাৰাণী ব্ৰহ্মৰ নাম উল্লেখ নাই৷ তথ্য অনুসৰি, ২০১৪ চনৰ ১ আৰু ২ মে’ত বিটিএডিৰ নৰসিংবাৰী আৰু নন্‌কে খাগ্ৰাবাৰী অঞ্চলত সংঘটিত হৈছিল হিংসাত্মক ঘটনা৷ কোক্‌ৰাঝাৰ আৰু বাগ্‌সা জিলাৰ ভিন্ন স্থানত সংঘটিত সেই বৰ্ষৰ হিংসাত্মক ঘটনা সন্দৰ্ভত যিসমূহ অপৰাধ গোচৰ ৰুজু হৈছিল, তাৰ কিছুমানত অভিযুক্ত হিচাপে এজাহাৰত নাম আছিল হাগ্ৰামা মহিলাৰী, খাম্পা বৰগয়াৰী আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ দৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ নামো৷ উদাহৰণস্বৰূপে, গোবৰ্ধনা থানাৰ ৭৩/১৪নং গোচৰটোত   অভিযুক্তসকলৰ ভিতৰত নাম আছিল বিটিচিৰ তদানীন্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নাম৷ কিন্তু এই গোচৰটোৰ কি হ’ল? বিগত ছটা বছৰে গাপ দি ৰখা হ’ল৷ সেইদৰে বিটিচিৰ তদানীন্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী আৰু বিপিএফ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম অভিযুক্ত হৈ আছিল গোবৰ্ধনা থানাৰ কেইবাটাও গোচৰত৷ সেই গোচৰৰ নম্বৰসমূহ হ’ল– ৬৬/১৪, ৬৭/১৪, ৬৯/১৪, ৭০/১৪, ৭১/১৪, ৭২/১৪, ৭৩/১৪, ৭৪/১৪, ৭৫/১৪, ৭৬/১৪, ৭৮/১৪, ৭৯/১৪, ৮০/১৪, ৮২/১৪, ৮৪/১৪, ৮৫/১৪, ৯০/১৪, ৯১/১৪,  ৯৩/১৪, ৯৪/১৪, ৯৬/১৪, ৯৭/১৪, ১০২/১৪, ১০৩/১৪, ১০৪/১৪, ১০৬/১৪, ১০৮/১৪, ১১০/১৪, ১১১/১৪, ১১৩/১৪, ১১৪/১৪, ১১৫/১৪, ১১৬/১৪, ১১৮/১৪, ১১৯/১৪৷

এই গোচৰসমূহত  সশস্ত্ৰ আইনৰ আৰ/ডব্লিউ ২৫ [১-এ]/২৫ ধাৰা সংলগ্ন হৈ আছে৷ লগতে অধিকাংশ গোচৰতে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰা আৰু ১২০ [খ]/১৪৭/১৪৮/১৪৯/৪৩৬ ধাৰা সংযুক্ত হৈ আছে৷ এই গোচৰসমূহ জামিন অযোগ্য ধাৰাত ৰুজু হোৱাৰ পাছতো ইয়াৰ অভিযুক্তসকলক সুৰক্ষিত কৰি ৰাখিলে দিছপুৰৰ শাসকে৷ গুৰুতৰ কথাটো হ’ল– এই গোচৰসমূহ ৰুজু কৰাইছিল হত্যা-হিংসাৰ বলি হোৱা বহু ভুক্তভোগী লোকে৷ কিন্তু আজি সুশাসনৰ কথা কোৱা সোণোৱাল-হিমন্তই এই নিৰ্মম ঘটনাৰ ভুক্তভোগীক  বিগত দিনত ন্যায় প্ৰদানৰ বাটকটীয়া নহ’ল৷ হ’ল অভিযুক্তৰ ৰক্ষণাবেক্ষণ দিওঁতা৷

আন এক তথ্য অনুসৰি ভুক্তভোগী লোকে ন্যায় বিচাৰি ৰুজু কৰা বহু গোচৰৰ মাজৰ পৰা মাত্ৰ তিনিটা বছা বছা গোচৰৰ তদন্তৰ ভাৰ ‘নিয়া’ক হস্তান্তৰ কৰিছে৷ সেইকেইটা হ’ল– কোক্‌ৰাঝাৰ থানাত ৰুজু হোৱা ১৫৫/২০১৪নং গোচৰটো আৰু বাগ্‌সা জিলাৰ গোবৰ্ধনা থানাত ৰুজু হোৱা ৬২/১৪, ৬৩/১৪ আৰু ৬৪/১৪নং গোচৰকেইটা৷

তাৎপৰ্যপূৰ্ণ কথা যে এই চাৰিটা গোচৰত অভিযুক্ত হিচাপে হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী বা প্ৰমীলাৰাণী ব্ৰহ্মৰ নাম নাই আৰু সেইবাবেই চৰকাৰে এই চাৰিটা হস্তান্তৰ কৰিছে ‘নিয়া’ক তদন্ত কৰিবলৈ৷ প্ৰশ্ন উঠিছে, আজি অসমত কেৱল জনগণৰ আন্দোলনৰ নেতৃত্ব দিয়া বাবেই কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে অসম চৰকাৰে তদন্ত কৰিবলৈ দিছে নিয়াক৷ গুৱাহাটীৰ বোমা বিস্ফোৰণৰ সৈতে পৰোক্ষ সম্পৰ্ক থকাৰ সন্দেহত ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক আজিও নিয়াৰ জিম্মাত বন্দী কৰি ৰখা হৈছে৷ প্ৰশ্ন উঠিছে, হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী, প্ৰমীলাৰাণী ব্ৰহ্মক অভিযুক্ত হিচাপে ৰুজু কৰা গোচৰবোৰ বিগত দিনত ‘নিয়া’ক তদন্ত কৰিবলৈ সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাই দিয়া নাছিল কিয়? বিগত ছটা বছৰে হাগ্ৰামা-খাম্ফাই যদি বিটিএডিত অপশাসন চলাই আছিল, তেন্তে সোণোৱাল চৰকাৰে সুৰক্ষা দি আছিল কিয়? আজি সাহস হ’বনে সৰ্বানন্দ সোণোৱাল-হিমন্তৰ সেই নৰসিংবাৰী, খাগ্ৰাবাৰীৰ  ভুক্তভোগী লোকৰ ন্যায়ৰ সপক্ষে থিয় দি হাগ্ৰামা, খাম্ফা, প্ৰমীলাৰ বিৰুদ্ধে ছবছৰ পূৰ্বে ৰুজু কৰা গোচৰসমূহৰ তদন্ত ‘নিয়া’ক হস্তান্তৰ কৰাবলৈ অথবা সেই গোচৰসমূহৰ তদন্ত আজি কি অৱস্থাত আছে স্বচ্ছতাৰে প্ৰকাশ কৰিবলৈ?