Logo
image

আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ ’৬০ আৰু ’৭০ৰ দশকৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আশা পাৰেখলৈ এইবাৰৰ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে৷ ভাৰতীয় ছবিলৈ আগবঢ়োৱা অবদানৰ বাবে দেশৰ ছবিজগতৰ এই সৰ্বোচ্ছ সন্মান আগবঢ়োৱা হৈছে অভিনেত্ৰীগৰাকীলৈ৷ অহা ৩০ ছেপ্টেম্বৰত তেওঁৰ হাতত এই বঁটা ৰাষ্ট্ৰপতিয়ে তুলি দিব৷ মঙলবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে৷ পূৰ্বে পদ্মশ্ৰী সন্মান লাভ কৰা আশা পাৰেখে ১৯৯৫ চনত ছবিজগতৰ পৰা  অৱসৰ ঘোষণা কৰে৷ আশা পাৰেখৰ বলীউডত পদাৰ্পণ ঘটিছিল শিশু শিল্পী হিচাপে৷ মাথোঁ ১০  বছৰ বয়সত তেওঁ পৰিচালক বিমল ৰায়ৰ ‘মা’ নামৰ ছবিখনত অভিনয় কৰিছিল৷ মাজতে শিক্ষা গ্ৰহণৰ বাবে তেওঁ কিছুদিন বিৰতি লৈ পুনৰ বলীউডলৈ উভতি আহে৷ সেইবাৰ তৰুণী আশা পাৰেশৰ সুন্দৰীৰ ৰূপত নতুনকৈ অভিষেক¸ ঘটে নাছিৰ হুছেইনৰ পৰিচালনাত ‘দিল দেকে দেখো’ নামৰ ছবি৷ সেই ছবিত তেওঁ শাম্মী কাপুৰৰ বিপৰীতে অভিনয় কৰিছিল৷ তাৰ পাছত আশা পাৰেখে ’৬০ৰ দশকত নাছিৰ হুছেইনৰ ‘ঘৰ প্যাৰ কিচিচে হোতা হে’, ‘তিছৰি মঞ্জিল’, ‘প্যাৰ কা মৌছম’কে ধৰি বহুকেইখন হিট ছবিত অভিনয় কৰে৷  ’৭০ৰ দশকতো তেওঁ বলীউডত নায়িকা হিচাপে বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিছিল৷ উল্লেখ্য বিগত বছৰ ভাৰতীয় ছবিৰ সৰ্বোচ্ছ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল দক্ষিণৰ অভিনেতা ৰজনীকান্তে৷