Logo
image

গেৰুকামুখত প্ৰলয়ৰ আগজাননী

বিশেষজ্ঞ, ৰাইজৰ মতামতলৈ কৰ্ণপাত নকৰিলে এনএইচপিচিয়ে

চিইএ ৰিপ’ৰ্ট ধোঁৱাচাঙত

প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি প্ৰকল্প, এনএইচপিচিৰ দম্ভ-অহংকাৰ চূৰ্ণঃ ছাত্ৰ সন্থা

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ এন এইচ পি চিৰ দ্বাৰা গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াভাৱে সংঘটিত ঘটনা প্ৰবাহে ভয়াৱহ জল প্ৰলয়ৰ আগজাননী দিছে৷ বিভিন্ন দল-সংগঠন তথা বিশেষজ্ঞৰ বাধা আৰু পৰামৰ্শ সম্পূৰ্ণৰূপে আওকান কৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন এইচ পি চিয়ে গেৰুকামুখত অব্যাহত ৰাখিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য৷ যাৰ ফলত প্ৰকল্পস্থলীত সংঘটিত হৈ আছে ইটোৰ পিছত সিটোকৈ ডাঙৰ দুৰ্ঘটনা৷ উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় বিদ্যুৎ কতৃৰ্পক্ষৰ [চিইএ] উচ্ছস্তৰীয় প্ৰতিনিধি দল এটা প্ৰকল্পস্থলীলৈ চৰজমিন পৰ্যবেক্ষণৰ বাবে অহাৰ সময়ত ইয়াৰ নিৰ্মাণ কাৰ্য আৰু আন্তঃগাথনিক লৈ শংকিত হৈ পৰে৷ যাৰ বাবে সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বিশেষজ্ঞৰ দ্বাৰা পুনৰ মূল্যায়ণৰ পৰামৰ্শ দিয়ে আয়োগৰ বিশেষজ্ঞসকলে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তুলাৰাম গগৈয়ে এই তথ্য সদৰি কৰি কয়– গেৰুকামুখৰ পৰা উভতি যোৱাৰ পিছত আয়োগৰ উচ্ছ ক্ষমতা সম্পন্ন প্ৰতিনিধি দলটোৱে নিজৰ প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদনতো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বিশেষজ্ঞৰ দ্বাৰা পুনৰ মূল্যায়ণৰ পৰামৰ্শ যথেষ্ট গুৰুত্ব সহকাৰে সন্নিবিষ্ট কৰিছিল৷ এনে ধৰণৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প যি পাহাৰীয়া স্থানত নিৰ্মাণ কৰা হয় সেই পাহাৰীয়া এলেকাত বিশেষকৈ বান্ধৰ নিকটৱৰ্তী অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা মুঠেই থাকিব নালাগে৷ কিন্তু বিদ্যুৎ নিয়ামক আয়োগৰ বিশেষজ্ঞসকলে গেৰুকামুখৰ প্ৰকল্পস্থলীত ভূমিস্খলন নিজে প্ৰত্যক্ষ কৰিছিল৷ প্ৰকল্পস্থলীত যি ৫টা ডাইভাৰ্ছন টানেল নিৰ্মাণ কৰা হৈছে ইয়াৰ আয়ুস অতি কমেও ১০০ বছৰ বুলি এন এইচ পি চি কতৃৰ্পক্ষই আয়োগৰ বিশেষজ্ঞসকলক পতিয়ন নিয়াবলৈ চেষ্টা চলাইছিল৷ কিন্তু আয়োগৰ বিশেষজ্ঞসকলে এন এইচ পিচিৰি এই ভাষ্যত মুঠেই বিশ্বাস কৰা নাছিল আৰু ডাইভাৰ্ছশ্বন টানেল নিৰ্মাণক লৈ নিজৰ অসন্তোষ প্ৰতিবেদনত উল্লেখ কৰিছিল৷ কিবা কাৰণত ডাইভাৰ্ছশ্বন টানেল খহি গলে সম্পূৰ্ণ পাহাৰখনে বহি যাব বুলি আয়োগৰ বিশেষজ্ঞসকলে আশংকা কৰে৷ এই ৫টা টানেলৰ নিৰ্মাণৰ মানদণ্ডকলৈ সন্তুষ্ট হোৱা নাছিল বিশেষজ্ঞসকলে৷ উল্লেখ্য যে পাহাৰ খান্দি যি ৫টা টানেল নিৰ্মাণ কৰা হৈছে ইয়াৰ প্ৰতিটোৰে আকাৰ প্ৰায় ৮ বৰ্গ মিটাৰ ব্যাসাৰ্ধ৷ বিশেষজ্ঞসকলৰ আশংকা সচা প্ৰমাণিত হ’ল তেওঁলোক উভতি যোৱাৰ পিছতে৷ নিম্ন মানদণ্ডৰ নিৰ্মাণকাৰ্যৰ ফলত ২, ৩ আৰু ৫ নম্বৰ টানেল ইতিমধ্যে বন্ধ হৈ গৈছে৷ ৪ নম্বৰ টানেলটোও বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ মাত্ৰ ৰ নম্বৰ টানেলটোহে কাৰ্যকম হৈ আছে৷ কিবা কাৰণত টানেল বিলাক ভাঙি যোৱাৰ ফলত যদি পাহাৰ খহি যায় তেন্তে পাহাৰ খহি প্ৰকল্পস্থলীত ধবংসলীলা সংঘটিত হ’ব বুলি বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছিল৷ আজিৰ তাৰিখতো প্ৰকল্পস্থলীত পাহাৰ খহিয়ে আছে৷ দ্বিতীয়বাৰৰ কাৰণে গাৰ্ড ৱাল ভাঙি পাৱাৰ হাউছত পানী সোমোইছে৷ বিদ্যুৎ উৎপাদনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত পাৱাৰ হাউচত পানী সমোৱা এক নজিৰবিহীন ঘটনা৷ কেন্দ্ৰীয় বিদ্যুৎ নিয়ামক আয়োগৰ বিশেষজ্ঞসকলে পাৱাৰ হাউচক লৈও আশংকা প্ৰকাশ কৰিছিল৷ যাৰ বাবে উৎপাদন আৰম্ভৰ পূৰ্বে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰু ইয়াৰ আন্তঃগাথনি বিশেষজ্ঞৰ দ্বাৰা পুণৰীক্ষণৰ পৰামৰ্শ দিছিল আয়োগে৷ প্ৰকল্পটোৰ আন্তঃগাথনি অধিক শক্তিশালী হোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছিল বিশেষজ্ঞসকলে৷ কেৱল কেন্দ্ৰীয় বিদ্যুৎ নিয়ামক আয়োগৰ বিশেষজ্ঞই নহয়, ২০১২ চনতো অসমৰ বিশেষজ্ঞসকলে প্ৰকল্পটোত ক্ষেত্ৰত দিয়া কোনো এটা পৰামৰ্শ কাৰ্যকৰী নকৰিলে এন এইচ পি চি কতৃৰ্পক্ষই৷ প্ৰকল্পস্থলীৰ পাহাৰৰৰ গঠন, গাৰ্ড ৱাল, পাৱাৰ হাউচ, ডাইভাৰ্ছন টানেল আদিক লৈ অসমৰ বিশেষজ্ঞই ২০১২ চনতে যথেষ্ঠ আশংকা প্ৰকাশ কৰি ইয়াৰ আহি নতুনকৈ প্ৰস্তুতৰ পৰামৰ্শ দিছিল৷ আনকি মূল বান্ধৰ উচ্ছতা ৮ মিটাৰ কমাবলৈও পৰামৰ্শ দিছিল বিশেষজ্ঞসকলে৷ প্ৰকল্পটোৰ আকাৰ সৰু কৰাৰ ক্ষেত্ৰতো ঐক্যমত পোষণ কৰিছিল বিশেষজ্ঞ সকল৷ কিন্তু এন এইচ পি চি কতৃৰ্পক্ষই এই ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ অধিকাংশ পৰামৰ্শ উলাই কৰি নিজৰ খেয়াল খুচি মতে নিৰ্মাণকাৰ্য আৰম্ভ কৰে৷ যাৰ ফলত ৬ হাজাৰ কোটিটকীয়া প্ৰকল্পটোৰ বাজেট এতিয়া বৃদ্ধি হৈ ১৯ হাজাৰ কোটি টকা হৈছে৷ ক্ৰুটিপূৰ্ণ নিৰ্মাণৰ ফলত ২০০৩ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা প্ৰকল্পটোৰ নিৰ্মাণ আজিও সম্পূৰ্ণ নহ’ল৷ শেহতীয়া ঘটনা প্ৰবাহে প্ৰকল্পটোলৈ আকৌ চৰম অনিশ্চয়তা কঢ়িয়াই আনিলে৷

অসমৰ বিশেষজ্ঞক আওকাণ কৰাৰ পৰিণতি এয়াঃ আছু

এনএইচপিচিৰ সকলো দম্ভ-অহংকাৰ চূৰ্ণ কৰিলে প্ৰকৃতিয়ে৷ এনএইচপিচিৰ অবৈজ্ঞানিক কাম-কাজৰ বাবেই প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ –এই ভাষ্য সদৌ অসম ছাত্ৰ সন্থাৰ৷ সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰি থকা এন এইচ পি চি গেৰুকামুখ বৃহৎ নদীবান্ধ প্ৰকল্পত এতিয়া হাহাকাৰ পৰিস্থিতি৷ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী আই আই টিৰ বিশেষজ্ঞসকলৰ মতে বালিৰে নিৰ্মিত গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ কেতিয়াও সুৰক্ষিত নহয়৷ এই নদীবান্ধে নৈপৰীয়া সভ্যতা-উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, মাজুলীকে ধৰি বিশ্বনাথ জিলাক সম্পূৰ্ণৰূপে ক্ষতি কৰিব৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে এই বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰিবৰ বাবে ধাৰাবাহিক প্ৰতিবাদ জনাই আহিছিল যদিও অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি দাম্ভিকতাৰে নিৰ্মাণকাৰ্য চলাই গৈছিল৷ পাহাৰ খহা, বান্ধলৈ যোৱা ৰাস্তা উটুৱাই নিয়া, ভূমিস্খলনৰ ফলত দুটাকৈ টানেল বন্ধ হোৱা পাছত নদীবান্ধটোৰ পাৱাৰ হাউচৰ গাৰ্ডৱাল ভাঙি পাৱাৰ হাউচতো পানী সোমালে৷ এন এইচ পি চি কতৃৰ্পক্ষই বিশেষজ্ঞৰ পৰামৰ্শ আওকাণ কৰি উন্নত প্ৰযুক্তিৰে বান্ধ নিৰ্মাণ কৰি থকা কথাটো যে সম্পূৰ্ণ মিছা সেই কথা এতিয়া প্ৰমাণ হৈ গৈছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই দিনকদিনে সৃষ্টি কৰা ভয়াৱহতাই নামনিবাসী ৰাইজ তথা ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলাৰ জনগণ আজি শংকিত, নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধৰ টানেলটোৰ বৃহৎ এটা অংশ খহি যোৱা পাছত, পাৱাৰ হাউচৰ গাৰ্ডৱাল ভাঙি পাৱাৰ হাউচত পানী সোমোৱাত এতিয়া জনসাধাৰণৰ অধিক শংকিত হৈ পৰিছে৷ ছাত্ৰ সন্থা, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে শংকা কৰা বিষয়বোৰ এতিয়া সঁচা প্ৰমাণিত হৈছে৷ এন এইচ পি চিৰ দম্ভ-অহংকাৰ প্ৰকৃতিৰ হাতত বাৰে বাৰে তচ-নচ হৈ গৈছে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সোৱণশিৰি নদীৰ ভাৰ বহন কৰিব নোৱৰা ঠুনুকা পাহাৰৰ প্ৰতিটো বাৰিষাতেই খহি পৰিছে৷ এয়াই এন এইচ পি চিৰ মিথ্যাচাৰিতা৷ বাৰে বাৰে চৰকাৰে কৈ থকা উন্নত প্ৰযুক্তিৰ ফোপোলাস্বৰূপ উদঙাইছে প্ৰকৃতিয়ে৷ পাৱাৰ হাউচটোকে সুৰক্ষিত কৰিব নোৱৰা এন এইচ পি চিৰ হাতত অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ যে কোনো সুৰক্ষা নাই সেই কথা এতিয়া প্ৰমাণ হৈ গৈছে৷ অসমৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ নমনাৰ ফলত নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত নহয় সেই কথা ছাত্ৰ সন্থাই পূৰ্বৰে পৰা কৈ আহিছে৷