Logo
image

ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন

চিবিআই আদালতৰ ৰায় বাহাল উচ্ছ ন্যায়ালয়ৰ

৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰ

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ ২০০৮ চনৰ অভিশপ্ত ৩০অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী উগ্ৰপন্থী সংগঠন এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ধাৰাবাহিক বোমা বিস্ফোৰণেৰে ৮১জন নিৰপৰাধী লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু ৫ শতাধিক লোকক চিৰদিনলৈ ঘূণীয়া কৰি তেজৰ ফাঁকু খেলা ৰঞ্জন দৈমাৰীসহ মুঠ ৬জন উগ্ৰপন্থীৰ বিৰুদ্ধে পূৰ্বে চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে দিয়া যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে৷ অৱশ্যে মঙলবাৰে গোচৰটোত পূৰ্বে দোষী সাব্যস্ত হোৱা ৪জনক দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ৰাজ্য চৰকাৰে ৰঞ্জন দৈমাৰীক কাৰাগাৰত ভিআইপি মৰ্যাদা দি ৰাখিছে যদিও শেষমুহূৰ্তত বিদ্ৰোহী নেতাজনৰ মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ কৰে ন্যায়ালয়ে৷ উল্লেখ্য, ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰত এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ পৰিকল্পনামতে উগ্ৰপন্থী সংগঠনটোৱে গুৱাহাটী, বৰপেটা, কোক্‌ৰাঝাৰ আৰু বঙাইগাঁৱৰ ৮টা স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল৷ উক্ত বোমা বিস্ফোৰণত চাৰি কুৰি লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷ ৰাজ্য চৰকাৰে ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰা বিগত ২০১৯ চনৰ ২৮ জানুৱাৰীত গুৱাহাটীস্থ চিবিআইৰ বিশেষ আদালতে এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ১৪জনক দোষীসাব্যস্ত কৰাৰ বিপৰীতে দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷ অৱশ্যে আদালতৰ ৰায় অনুসৰি আটাইকেইজন কেন্দ্ৰীয় কাৰাদাৰত কাৰাবাস খাটিছিল যদিও ইয়াৰ মাজতে ২০২০ চনৰ ২৫ জানুৱাৰীত ৰঞ্জন দৈমাৰীক তৃতীয় বড়ো শান্তিচুক্তিৰ স্বাৰ্থত চৰ্ত সাপেক্ষে উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল৷ ইয়াৰ পাছতেই ২০২০ চনৰ ২৭ জানুৱাৰীত ৰঞ্জন দৈমাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ শাস্তিৰ ৰায় অনুসৰি কাৰাগাৰলৈ ঘূৰি আহিবলগীয়া হৈছিল যদিও অসম চৰকাৰে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰিৱৰ্তে ভিআইপি আতিথ্যৰে কাহিলিপাৰাৰ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ গেষ্ট হাউছত ৰখাৰ ব্যৱস্থা কৰিছিল৷ ইফালে, ৰঞ্জন দৈমাৰীসহ দোষী সাব্যস্ত হোৱা আটাইকেইজন কাৰাবন্দীয়ে চিবিআইৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই নিজকে নিৰ্দোষী বুলি দাবী কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ত ক্ৰিমিনেল এপ্লিকেশ্বন দাখিল কৰিছিল৷ উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত চিবিআইৰ অধিবক্তাৰ বিৰোধিতাৰ মাজেৰে দীঘলীয়া শুনানিৰ অন্তত সংৰক্ষিত ৰখা ৰায় মঙলবাৰে ঘোষণা কৰে উচ্ছ ন্যায়ালয়ে৷ ইতিমধ্যে জামিনত থকা অনচাই বড়ো, লক্ৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্মক দোষমুক্ত ঘোষণা কৰে ন্যায়ালয়ে৷ একেটা ৰায়ত উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ লগতে অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ বিৰুদ্ধে চিবিআইৰ বিশেষ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে৷ অৰ্থাৎ দোষী সাব্যস্ত হোৱা ৰঞ্জন দৈমাৰীসহ ৬জন ব্যক্তিয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব৷ অৱশ্যে ইয়াৰে বৈশাগী বসুমতাৰী বৰ্তমান জামিনত থকাৰ লগতে কিছুদিন পূৰ্বে এজন সতীৰ্থ বিদ্ৰোহী নেতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও মঙলবাৰৰ উচ্ছ ন্যায়ালয়ৰ ৰায়মৰ্মে অচিৰেই পুনৰ কাৰাগাৰলৈ উভটি আহিব লাগিব৷ উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ মালশ্ৰী নন্দীৰ খণ্ড বিচাৰপীঠত চলা গোচৰটোত চিবিআইৰ হৈ জ্যেষ্ঠ অধিবক্তা সুভাষ চন্দ্ৰ কায়েলে যুক্তি প্ৰদৰ্শন কৰে৷