Logo
image

ফেচবুকৰ পাছত এইবাৰ গুগ্‌লৰ বিৰুদ্ধে আমেৰিকাৰ ৩৬খন ৰাজ্যৰ গোচৰ

আমাৰ অসম, ১৯ ডিচেম্বৰঃ বিশ্বৰ আগশাৰীৰ আৰু জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগ্‌লৰ বিৰুদ্ধে আমেৰিকাৰ ৩৬খন ৰাজ্যই আদালতত গোচৰ তৰে৷ কেইদিনমান পূৰ্বে জনপ্ৰিয় চ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ বিৰুদ্ধে আমেৰিকাৰ ৪৬খন ৰাজ্যই আদালতত গোচৰ তৰিছিল৷ ফেচবুকে ছ’চিয়েল নেটৱৰ্কত একক আধিপত্য স্থাপনৰ লগতে আন সৰু সৰু কোম্পানীবোৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অনাৰ লগতে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰাৰ অভিযোগো অনা হৈছিল৷ একেই অভিযোগ অনা হৈছে গুগ্‌লৰ বিৰুদ্ধে৷ গুগ্‌লে নিজকে অনলাইনৰ একছত্ৰী ছাৰ্চ প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা কৰি আন আন ছাৰ্চ ইঞ্জিনক মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ অনা হৈছে৷ ইয়াৰ ফলত উপভোক্তা আৰু বিজ্ঞাপন প্ৰচাৰ কৰা কোম্পানীৰ বিস্তৰ ক্ষতি হৈছে বুলি অভিযোগ উঠিছে৷ কল’ৰাডোৰ এটৰ্নি জেনেৰেল ফিল ৱেইছাৰৰ নেতৃত্বত এই গোচৰ তৰা হয়৷ ৱাশ্বিংটন ডি চিৰ এখন ফেডাৰেল আদালতত এই গোচৰ তৰা হয়৷ গুগ্‌লে এনে কৰি উপভোক্তাক প্ৰতিযোগিতাৰ পৰা হোৱা লাভ আৰু উন্নত সেৱাৰ পৰা বঞ্চিত কৰাৰ লগতে আৰু গোপনীয়তা ৰক্ষাতো ব্যৰ্থ হৈছে৷ গতিকে  গুগ্‌লক নিয়ন্ত্ৰণ কৰিব লাগে বুলি দাবী জনোৱা হৈছে৷