Logo
image

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যবাসীৰ বাবে সুখবৰ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন দলং৷ শৰাইঘাটত নিৰ্মাণ হ’ব এই দলং৷ ৰে’ল আৰু আন যান-বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব দলংখন৷ বুধবাৰে টুইটযোগে এই কথা ঘোষণা কৰে কেন্দ্ৰয়ী পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শৰাইঘাটৰ পুৰণি দলঙৰ কাষতে নিৰ্মাণ হ’ব উক্ত দলংখন৷ দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘গতিশক্তি মিছন’ৰ অংশৰূপে উক্ত দলংখন নিৰ্মাণ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে টুইটত প্ৰকাশ কৰিছে৷ এই দলংখন সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব৷ প্ৰস্তাবিত দলংখনৰ ৩২২ কোটি টকাৰ কামৰ ব্যয় বহন কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উক্ত দলং নিৰ্মাণৰ ফলত উত্তৰ পূবৰ উন্নয়নত বিশেষ প্ৰভাৱ পৰিব বুলি তেওঁ টুইটত কয়৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰই অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ মহৎ উদ্দেশ্যক গতিশীলতা প্ৰদানতো এই প্ৰকল্পটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি তেওঁ কয়৷