Logo
image

আইছিছৰ ‘বন্ধু’ পিএফআই নিষিদ্ধ

দেশজুৰি অভিযান, কেইবাশ নেতা-কেডাৰক গ্ৰেপ্তাৰ, প্ৰামাণ্য নথি জব্দ

৫ বছৰীয়া নিষেধাজ্ঞা

৮টা সহযোগী সংগঠনো নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ নিষিদ্ধ ঘোষণা হ’ল পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মঙলবাৰে ৰাজপত্ৰিত অধিসূচনাযোগে পিএফআইক ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰে পিএফআইৰ লগতে সহযোগী ৮টাকৈ সংগঠনকো নিষিদ্ধ ঘোষণা কৰিছে৷ ২০০৬ চনত গঠন হোৱা ইছলামিক সংগঠনটোক বিশ্ব ত্ৰাসিত সন্ত্ৰাসবাদী সংগঠন ‘আইছিছ’ৰে বন্ধুত্ব ৰক্ষা কৰাৰ অভিযোগতে নিষিদ্ধ ঘোষণা কৰাই নহয়, গৃহ মন্ত্ৰণালয়ৰ অধিসূচনাৰ পাছতেই  পিএফআইৰ নেতা-কৰ্মীৰ বিৰুদ্ধে দেশজুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষী আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা চৰকাৰী অধিসূচনাত কোৱা হৈছে যে– ‘পিএফআই আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰি আহিছিল৷ কিন্তু, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰাৰ দিশত কাম কৰাৰ লগতে সমাজৰ এটা বিশেষ শ্ৰেণীক উগ্ৰপন্থী সজাবলৈ আৰু দেশৰ সাংবিধানিক কতৃৰ্ত্বৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰিবলৈ এক গোপন এজেণ্ডাক অনুসৰণ কৰি আহিছে৷’ চৰকাৰী অধিসূচনাখনত লগতে উল্লেখ কৰা হৈছে যে– পিএফআই আৰু ইয়াৰ সহযোগী তথা সংযুক্ত মৰ্চাসমূহে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ক্ষতিকাৰক৷¸ যি দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে দেশত শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব৷ তদুপৰি দেশবিৰোধী কাৰ্যকলাপেৰে উগ্ৰবাদক সমৰ্থন কৰাৰ আশংকা আছে৷ ইয়াৰ উপৰিও অধিসূচনাখনত উল্লেখ কৰিছে যে– পিএফআইৰ বহুসংখ্যক প্ৰতিষ্ঠাপক সদস্য ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া চমুকৈ চিমিৰ নেতা আৰু বাংলাদেশৰ জামাত-উল-মুজাহিদীনৰ [জেএমবি] সৈতে সম্পৰ্ক আছে৷ অথবা  দুয়োটা সংগঠনৰ সৈতে সম্পৰ্কিত৷ তদুপৰি ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া চমুকৈ আইছিছ [আই এছ আই এছ] ৰ দৰে বিশ্ব সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পিএফআইৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক থকাৰ বহুকেইটা দৃষ্টান্ত দেখা গৈছে৷  পিএফআই আৰু ইয়াৰ সহযোগী বা সংযুক্ত ফ্ৰণ্টসমূহে দেশত নিৰাপত্তাহীনতাৰ ভাৱনাক প্ৰসাৰিত কৰি এটা সম্প্ৰদায়ৰ উগ্ৰবাদ বৃদ্ধিৰ বাবে গোপনে কাম কৰি আহিছে৷ যাৰ প্ৰমাণ এইটোৱেই যে কিছু সংখ্যক পিএফআই কেডাৰে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ দৃঢ় স্থিতি এই যে– ‘পিএফআই আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অবৈধ সংস্থা হিচাপে ঘোষণা কৰাটো প্ৰয়োজনীয়৷ বেআইনী কাৰ্য কলাপ প্ৰতিৰোধ আইন- ১৯৬৭ৰ ধাৰা ৩১ উপ-অনুচ্ছেদ [৩]ৰ বিধান অনুসৰি, কেন্দ্ৰীয় চৰকাৰে উক্ত অধিসূচনাৰ জৰিয়তে নিৰ্দেশ দিয়ে যে, সংশ্লিষ্ট আইনৰ ধাৰা ৪-ৰ অধীনত পিএফআইৰ নিষিদ্ধকৰণৰ নিৰ্দেশ পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ’ব৷’ উল্লেখ্য, শেহতীয়াকৈ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি যোগান ধৰা, সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে শিবিৰ অনুষ্ঠিত কৰা আৰু নিষিদ্ধ মৌলবাদী সংগঠনত যোগদান কৰিবলৈ মুছলমান লোকসকলক পিএফআই নেতা আৰু কেডাৰসকলে উচতনি যোগোৱাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া আৰু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে পিএফআইৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত ৰাখিছে৷ কেন্দ্ৰীয় সংস্থা দুটাৰ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে এই অভিযানত পিএফআইৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মুৰব্বীসকলকে ধৰি বৰ্তমানলৈ প্ৰায় তিনি শতাধিক নেতা-সদস্যক গ্ৰেপ্তাৰ কৰিছে৷ আনকি পিএফআইৰ বহু সা-সম্পত্তি ইতিমধ্যে ছীল কৰি দিছে আৰক্ষী-প্ৰশাসনে৷ স্মৰ্তব্য যে, ১৯৯২ চনত বাবৰি মছজিদ ধবংসৰ পাছত তিনিটাকৈ ইছলামিক সংগঠনক একত্ৰিত কৰি গঠন কৰা হৈছিল পিএফআই৷ তিনিটা ইছলামিক সংগঠন ক্ৰমে– কেৰালা ৰাষ্ট্ৰীয় উন্নয়ন মৰ্চা, কৰ্ণাটক ফ’ৰাম ফৰ ডিগনিটী আৰু তামিলনাডুৰ মণিয়া নীথি পাছাৰীক একত্ৰিত কৰা হৈছিল৷ লক্ষণীয়ভাৱে কেৰালাত বিশেষ প্ৰভাৱ থকা পিএফআয়ে আৰ এছ এছ নেতাকে ধৰি ৰাজ্যখনত ২৭টা হত্যাকাণ্ডত জড়িত থকা বুলিও ইতিপূৰ্বে ৰাজ্য চৰকাৰখনে ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল৷ মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে পিএফআইৰে সম্পৰ্ক থকাৰ অভিযোগত নিষিদ্ধ ঘোষণা কৰা আন সংগঠনকেইটা হৈছে ক্ৰমে–  কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, ৰিহাব ফাউণ্ডেশ্বন অৱ ইণ্ডিয়া, ৰিহাব ফাউণ্ডেশ্বন [কেৰালা], অল ইণ্ডিয়া ইমাম কাউন্সিল, নেশ্বনেল কনফেডাৰেশ্বন অৱ হিউমেন ৰাইট্‌ছ অৰ্গেনাইজেশ্বন, নেশ্বনেল উইমেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট আৰু এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্বন৷ পিএফআইক নিষিদ্ধকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক ইতিমধ্যে দেশৰ বহু ইছলামিক সংগঠনে আদৰণি জনোৱাও দেখা গৈছে৷