Logo
image

মাতৃভাষা ৰক্ষাৰ দাবীত ৯টা দলৰ অৱস্থান

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা পৰিহাৰ কৰি স্কুলীয়া পৰ্যায়তে ইংৰাজী মাধ্যম প্ৰৱৰ্তনৰ নীতি গ্ৰহণ, বিদ্যালয় ‘একত্ৰীকৰণ’ৰ নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ তথা ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধবংস কৰি শিক্ষাক ব্যক্তিগতখণ্ডলৈ হস্তান্তৰ কৰাৰ চক্ৰান্তকে ধৰি অসম চৰকাৰৰ শিক্ষাবিৰোধী নীতিসমূহৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ ৯ টাকৈ বিৰোধী দলে যৌথভাৱে গুৱাহাটীত এক ‘অৱস্থান ধৰ্মঘট’ৰ কাৰ্যসূচী পালন কৰে৷ গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থিত এন চি পিৰ কাৰ্যালয় প্ৰাংগনত পুৱা ১১ বজাৰ পৰা আয়োজন কৰা প্ৰতিবাদত অংশগ্ৰহণকাৰী দলসমূহৰ নেতা-কৰ্মীৰ উপৰি ভালেসংখ্যক স্বাধীন-চিতীয়া বিশিষ্ট শিক্ষাবিদ আৰু নাগৰিকেও অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহুৱা শিক্ষাবিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে জাতীয় দল-অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ‘অৱস্থান ধৰ্মঘট’ৰ তাৎপৰ্য ব্যাখ্যা কৰি ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক পৰিকল্পিতভাৱে ধবংসৰ মুখলৈ ঠেলি দিয়া, শিক্ষাক বেচৰকাৰী খণ্ডৰ হাতত তুলি দিবলৈ উদগ্ৰীৱ হৈ পৰা আৰু শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাক এলাগী কৰাৰ চক্ৰান্তৰ বিষয়ে কয়৷ সাংসদ ভূঞাই ৰাজ্য চৰকাৰৰ এই জঘন্য নীতিৰ বিৰুদ্ধে আৰু ৰাজহুৱা শিক্ষাৰ উন্নয়ন তথা সম্প্ৰসাৰণৰ দাবীত ৰাজ্যখনৰ ৯ টাকৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ বিৰোধী দল ঐক্যবদ্ধ হোৱাটো আশাব্যঞ্জক ঘটনা বুলি উল্লেখ কৰে৷ বিৰোধী দলসমূহৰ ঐক্যক অধিক দৃঢ় কৰি জনমুখী আৰু বিজ্ঞানসন্মত শিক্ষাৰ দাবীত আহিব ধৰা দিনবোৰত আন্দোলন-সংগ্ৰাম সম্প্ৰসাৰিত কৰিব বুলিও অজিত কুমাৰ ভূঞাই কয়৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বয়োজ্যেষ্ঠ বাঁওপন্থী লেখক-বুদ্ধিজীৱী অৱনী বৰঠাকুৰ, বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, শিক্ষাবিদ ড॰ ইন্দ্ৰানী দত্ত, সমাজ কৰ্মী তথা ‘অসমীয়া প্ৰতিদিন’ কাকতৰ প্ৰাক্তন সম্পাদক হাইদৰ হুছেইন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ভাষণ দি অসম চৰকাৰৰ শেহতীয়া শিক্ষা সম্পৰ্কীয় নীতিক কঠোৰ সমালোচনা কৰে৷ অৱনী বৰঠাকুৰে ৰাজহুৱা শিক্ষা সম্প্ৰসাৰণৰ দাবীত ঐক্যৱদ্ধ আন্দোলন-সংগ্ৰামক অসমৰ গাঁৱে-ভুঞে বিয়পাই দিয়াত গুৰুত্ব আৰোপ কৰে৷ ড॰ হীৰেন গোহাঁইয়ে ভাষণ প্ৰসংগত কয়, অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰাই অবৈজ্ঞানিক আৰু যুক্তিহীনভাৱে মাতৃভাষা বৰ্জন কৰি বিজ্ঞান আৰু গণিতত ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰৱৰ্তন কৰিব বিচৰাৰ অন্তৰালত গভীৰ চক্ৰান্ত নিহিত হৈ আছে৷ ইয়াৰ ফলত থলুৱা ভাষাবোৰৰ অস্তিত্ব বিপন্ন হঅব আৰু ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰতিভাৰ বিকাশ বাধাগ্ৰস্ত হ’ব৷ ৰাজ্য চৰকাৰে সকলো বুজিও কু-মতলবেৰে আনৰ নিৰ্দেশত স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰি অসমবিৰোধী আৰু শিক্ষাবিৰোধী অৱস্থান লৈছে, ৰাজহুৱা শিক্ষা ধবংসৰ অভিযান আৰম্ভ কৰিছে৷ ইয়াৰ বিৰুদ্ধে ঐক্যৱদ্ধ প্ৰতিবাদ শক্তিশালী কৰিবলৈ ড॰ গোহাঁইয়ে আহ্বান জনায়৷ চি পি আই [এম]ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই আঁত ধৰা ‘অৱস্থান-ধৰ্মঘট’ত কংগ্ৰেছ দলৰ প্ৰাক্তন সংসদ দ্বিজেন শৰ্মা, চি পি আই [এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, অসম জাতীয় পৰিষদৰ অমৃত খাটনিয়াৰ, চি পি আই [এম]ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চি পি আই দলৰ সহকাৰী সম্পাদক ৰাতুল বৰা, চি পি আই [এম এল]ৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, ৰাইজৰ দলৰ ৰাছেল হুছেইন, আৰ জে ডিৰ কামাখ্যা পাণ্ডে আৰু এন চি পিৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱাই বক্তব্য দাঙি ধৰি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন, শিক্ষানুষ্ঠানত প্ৰয়োজন অনুসৰি শিক্ষক-কৰ্মচাৰী নিয়োগ, মাতৃভাষাক স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰাৰ দাবী তোলে৷ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ কৰা প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ উপৰি শিক্ষাৰ বেচৰকাৰীকৰণৰ নীতিৰো দলসমূহে প্ৰতিবাদ কৰে আৰু ইয়াক প্ৰতিহত কৰাৰ সংকল্প ঘোষণা কৰে৷ তদুপৰি, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ আৰু ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰো দলসমূহে তীব্ৰ বিৰোধিতা কৰে৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মৰ্মাৰ্থ হ’ল শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ, কেন্দ্ৰীয়কৰণ আৰু সাম্প্ৰদায়িকীকৰণৰ পথ প্ৰশস্ত কৰা বুলি সকলোৱে অভিমত প্ৰকাশ কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত শিক্ষাবিদ ড॰ অপূৰ্ব বৰুৱা, ড॰ মনোৰমা শৰ্মা, ড॰ ৰজনীকান্ত দাস, ড॰ ঘনশ্যাম নাথ, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বলীন কুলি, চি পি আই [এম] প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, সমাজকৰ্মী তথা ‘কা’বিৰোধী আন্দোলনৰ নেতা দেবেন তামুলী, অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকাৰ, আঞ্চলিকতাবাদী নেতা বিমল চৌধুৰী, প্ৰণৱ জ্যোতি চেতিয়াকে প্ৰমুখ্যে বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷

জাতীয় শিক্ষানীতি বাতিলৰ দাবীত গুৱাহাটীত বিক্ষোভ

জাতীয় শিক্ষানীতি, ২০২০ বাতিলৰ দাবীত আজি চচলত এআইডিএছঅয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত এআই ডিএছঅঅৰ সৰ্বভাৰতীয় কমিটীৰ পক্ষৰ পৰা দেশব্যাপী ১ কোটি স্বাক্ষৰ সংগ্ৰহৰ সফল অভিযানৰ অন্তত আজি ৰাজ্যসমূহৰ ৰাজ্যপালৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ আজি গুৱাহাটী,  তেজপুৰ, নলবাৰী, মঙ্গলদৈ, যোৰহাট, শিলচৰ, নগাঁও, গোৱালপাৰা, উত্তৰ লক্ষ্মীমপুৰ, ধুবুৰী কৰিমগঞ্জ সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন আৰু ভগৎ সিঙৰ প্ৰতিকৃতিলৈ জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰক, কোনো অজুহাততেই চৰকাৰী বিদ্যালয় বন্ধ কৰা নচলিব, ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰক, মেট্ৰিক পৰীক্ষা উঠাই দিয়া নচলিব, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তন কৰক, শিক্ষকৰ শূন্য পদ পূৰণ কৰক, প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে পাঠদানৰ দায়িত্ব পৰিকাঠামোহীন অংগনৱাড়ী কেন্দ্ৰৰ হাতত গতাই দিয়া নচলিব, শিক্ষাৰ ব্যৱসায়িকৰণ আৰু সাম্প্ৰদায়িকীকৰণ কৰা বন্ধ কৰক, শ্ৰেণীকোঠা পাঠদানৰ পৰিৱৰ্তে বৈষম্যসৃষ্টিকাৰী অনলাইন শিক্ষা প্ৰৱৰ্তন কৰা নচলিব, তিনিবছৰীয়া ডিগ্ৰী ক’ৰ্চক চাৰিবছৰীয়া কৰা নচলিব, ছাত্ৰ আন্দোলনত পুলিচী হস্তক্ষেপ বন্ধ কৰক, প্ৰতিবাদৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা নচলিব আদি শ্লোগানেৰে বিক্ষোভথলী উত্তাল কৰি তোলে৷ এআইডিএছঅ’ৰ ৰাজ্যিক উপ-সভাপতি পল্লব পেগুৰ পৰিচালনাত আয়োজিত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে এআইডিএছঅ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্বোল দেব আৰু ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে৷