Logo
image

মই এছপিৰ পত্নী

হঠাৎ এগৰাকী মহিলাৰ ‘বিস্ফোৰণ’

তদন্তত সকলো পোহৰলৈ আহিবঃ এছপি

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ মই এছ পিৰ পত্নী৷ তেওঁ মোক ১৪ বছৰ ধৰি পত্নীৰ দৰে ৰাখিছে৷ আমাৰ সন্তান এটাও আছে৷ তেওঁ মোক ঘৰো কিনি দিছে৷ প্ৰয়োজন হ’লে সন্তানটো তেওঁৰ হয় নে নহয় প্ৰমাণ কৰিবলৈ ডি এন এ পৰীক্ষা কৰক৷ –এই চাঞ্চল্যকৰ অভিযোগ-দাবী এগৰাকী মহিলাৰ৷ অসম আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে ইতিমধ্যে গৃহ বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এগৰাকী ক্ষুব্ধ মহিলাই আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া এজনৰ ‘গোপন অধ্যায়’ উদঙাই দিয়া ঘটনাই বিব্ৰত কৰিছে আৰক্ষী-প্ৰশাসনক৷ উল্লেখ্য যে, তিনিচুকীয়া আৰু দিছপুৰ থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই বুধবাৰে ধন দাবীৰ গোচৰত গুৱাহাটী জটীয়াৰ পৰা হেলেনা দেউৰী নামৰ মহিলা এগৰাকীক গ্ৰেপ্তাৰ কৰে৷ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী কৰা বুলি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে হেলেনা দেউৰীৰ বিৰুদ্ধে তিনিচুকীয়া থানাত এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭/৪৬৯/৫০০ আৰু আই টি এক্টৰ ৬৭নং ধাৰাৰ অধীনত থানাত ৮০১/২২ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ গোচৰ ৰুজু হোৱাৰ পিছতেই হেলেনা দেউৰীয়ে জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ আদালতে হেলেনাক অন্তৰ্ৱৰ্তীকালীন জামিন দি সাত দিনৰ ভিতৰত তদন্তকাৰী আৰক্ষী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ মঙলবাৰে আন্তঃৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাত আজি তিনিচুকীয়া আৰু দিছপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মহানগৰীৰ জটীয়াৰ শান্তি প্লাজা এপাৰ্টমেণ্টৰ পৰা হেলেনাক গ্ৰেপ্তাৰ কৰে৷ পিছত বিয়লি দিছপুৰ থানাৰ আৰু তিনিচুকীয়া থানাৰ আৰক্ষীয়ে হেলেনাক জামিনত মুকলি কৰি দিয়ে৷ জামিন লাভ কৰাৰ পিছতেই হেলেনা দেউৰীয়ে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে, উত্থাপন কৰে কেতবোৰ গুৰুতৰ অভিযোগ৷ সংবাদ মাধ্যমৰ আগত হেলেনা দেউৰীয়ে কয়– ‘মোৰ ল’ৰাটো এছ পি দেৱজিৎ দেউৰীৰ হয়৷ ১৪ বছৰে তেওঁ মোক ঠগিছে৷ এতিয়া ল’ৰাটোৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে৷ তেখেতে ল’ৰাটোৰ দায়িত্ব ল’বই লাগিব৷ যিহেতু ল’ৰাটো তেখেতৰ হয়৷ তেখেতে ডি এন এ টেষ্ট কৰিবলৈ কৈছিল মনে মনে৷ তেখেতে তাৰ পৰা নমুনা পঠাই দিব, মই ইয়াৰ পৰা নমুনা পঠাই দিম৷ সেই বুলি কৈছিল৷ মই ডি এন এ টেষ্ট কৰিম আৰু প্ৰমাণ কৰিম যে ল’ৰাটো তেওঁৰ হয়৷ মোৰ নাম হেলেনা হেৰা ওৰফে ৰি’য়া হেৰা৷ আমাৰ মাজত লিগেল মেৰেজ হোৱা নাই যদিও ১৪ বছৰে তেওঁ মোক ঘৈণীয়েক বনাই ৰাখি থৈছে৷ মই তিনিচুকীয়ালৈ মেছেজ কৰি ল’ৰাটোৰ দায়িত্ব ল’বলৈ কৈছিলোঁ৷ সেই মেছেজৰ এগেইনষ্টত মই ব্লেকমেইলিং কৰি পইচা দাবী কৰা বুলি মোৰ বিৰুদ্ধে কেছ দিছে৷ আপোনালোকে ল’ৰাটো চাই লওক– দেৱজিৎ দেউৰীৰ লগত মিলে নে নিমিলে৷ তেখেতে মোক ঘৰ কিনি দিছে৷ গাড়ী কিনি দিছে৷ ঘৰো বনাই দিছে৷ জটীয়াৰ ফ্লেটটো দেৱজিৎ দেউৰীয়ে কিনি দিছে৷ মই একো কাম নকৰোঁ৷ মোক ১৪ বছৰে তেওঁ ৰাখি থৈছে, কিন্তু ছ’চিয়েল মেৰেজ কৰা নাই৷ মোক মনে মনে থাকিবলৈ কৈছিল৷ কাকো এই বিষয়ে কথা ক’ব নালাগে বুলি কৈছিল৷ দেৱজিৎ দেউৰীৰ পত্নী ৰাজলক্ষী দেউৰী উলুবাৰীত থাকে৷ তেখেতে সকলো জানে৷ তেখেতক সকলো কথা কোৱা হৈছে৷ মই মেছেজ কৰাৰ কাৰণে তেখেতে ল’ৰাটো তেওঁৰ হয় বুলি ক’বলৈ অস্বীকাৰ কৰিছে৷ তেখেতে ডি এন এ টেষ্ট কৰক৷ সৎসাহস আছে যদি ল’ৰাজন তেওঁৰ নহয় বুলি প্ৰমাণ কৰক৷ ৱাটছএপৰ যোগেদি মেছেজ দিয়াৰ বাবে মই পইচা দাবী কৰা বুলি মোৰ বিৰুদ্ধে কেছ দিছে৷ মোৰ ঘৰৰ মানুহকো হাৰাশাস্তি কৰিছে৷ মোক মানসিকভাৱে হাৰাশাস্তি কৰি আছে৷ ২৬ তাৰিখে মোৰ ঘৰলৈ মানুহ পঠিয়াইছিল৷ মাৰিবলৈ বুলি ভাবুকি দিয়ে৷ তোক মাৰি পেলাম, তোৰ খানদান শেষ কৰি দিম বুলি ভাবুকি দিছে৷ তালুকদাৰ উপাধিৰ অ’এনজিচিৰ এজন মেনেজাৰৰ পত্নীৰ লগতো তেখেতৰ সম্পৰ্ক আছে৷ ২০০৮ চনৰ পৰা দেৱজিৎ দেউৰীৰ লগত মোৰ সম্পৰ্ক আছে৷ নথি-পত্ৰও আছে৷ ল’ৰাটোৰ পৰীক্ষা চলি আছে৷ কাইলৈও তাৰ পৰীক্ষা আছে৷ তেখেতে বাপেক হৈ ল’ৰাটোৰ কি অৱস্থা কৰিছে আপোনালোকে চাওক৷ মই আইনী ব্যৱস্থা ল’ম৷ তেখেতে বাৰ তাৰিখে দিয়া কেছটোত মই বেইল লৈছিলোঁ৷ মই তেখেতৰ মান-সন্মান নষ্ট কৰিব বিচৰা নাছিলোঁ৷ সেই কাৰণে মই গোচৰ দিয়া নাছিলোঁ৷’ উল্লেখ্য যে, অহা তিনি অক্টোবৰত হেলেনা দেউৰীক তিনিচুকীয়া থানাত হাজিৰ হ’বলৈ আৰক্ষীয়ে জাননী জাৰি কৰিছে৷

আইনে আইনৰ কাম কৰিবঃ দেৱজিত দেউৰী

গুৱাহাটীত থকা এগৰাকী মহিলাই নিজকে তিনিচুকীয়া জিলাত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত দেৱজিৎ দেউৰীৰ পত্নী বুলি দাবী কৰাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, আৰক্ষী অধীক্ষক দেউৰীক ধনদাবী কৰাৰ অভিযোগত গুৱাহাটীৰ কাহিলীপাৰাৰ জটিয়াৰপৰা দিশপুৰ আৰু তিনিচুকীয়া আৰক্ষীৰ এটা অভিযানকাৰী দলে আটক কৰা হেলেনা দেউৰী ওৰফে হেলেনা হেৰেক নামৰ এগৰাকী মহিলাই নিজকে আৰক্ষী অধীক্ষকজনৰ পত্নী বুলি দাবী কৰে৷ ইফালে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আজি আহ্বান জনোৱা এখন সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, ‘কোনোবাই যদি কাৰোবাক কিবা দাবী কৰে, সেয়া কি দাবী আৰু কি উদ্দেশ্যত কৰিছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব৷ আইন আছে৷ আইনে আইনৰ কাম কৰিব৷’ এই বিষয়টো জিলাখনৰ বিভিন্ন মহলত সৰৱ আলোচনা হৈছে৷ 

অনলাইন প্ৰৱঞ্চকৰ ৫৪টা ফোন নম্বৰ চিনাক্ত, একেজন ব্যক্তিৰ পৰা ৮০ লাখ টকা লুট 

আজি আহ্বান জনোৱা সংবাদমেলত আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে প্ৰকাশ কৰা মতে, অনলাইন প্ৰবঞ্চনা তথা ধনদাবী চক্ৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে৷ প্ৰৱঞ্চকৰ আন্তঃৰাষ্ট্ৰীয় নম্বৰকে ধৰি ৫৪টা ফোন নম্বৰ আৰু কেইবাটাও বেংক একাউণ্ট নম্বৰ পোহৰলৈ অহা বুলি তেওঁ প্ৰকাশ কৰে৷ দেউৰীয়ে জনোৱা মতে, তিনিচুকীয়া জিলাত অনলাইন প্ৰৱঞ্চনাৰ ৭টা গোচৰ পঞ্জীভুক্ত হৈছে৷ অনলাইন ভিডিঅ’ কলৰ জৰিয়তে ব্লেকমেইলিং কৰা ঘটনা ধাৰণা কৰাতকৈ বহু বেছি সংঘটিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অচিনাকি নম্বৰৰ পৰা যদি ভিডিঅ’ কল আহে তেন্তে সেয়া পৰিহাৰ কৰাই শ্ৰেয়৷ এইদৰে প্ৰবঞ্চকৰ জালত পৰিলে বিষয়টো লুকুৱাই নাৰাখি আৰক্ষীৰ সহায় ল’ব লাগে৷ তেওঁ কয়–“সেনা-আৰক্ষীৰ নাম লৈও ব্লেকমেইলিং কৰা হৈছে৷ শেহতীয়াকৈ এজন হাই প্ৰফাইল ৰাজনীতিবিদ আৰু এজন শিক্ষক প্ৰৱঞ্চকৰ জালত পৰা বুলি তেওঁ সদৰী কৰি তিনিচুকীয়াৰ এজন ব্যক্তিৰ পৰা প্ৰবঞ্চকৰ দলে ৮০ লাখ টকা পৰ্যন্ত লুটি নিয়াৰ তথ্য সদৰী কৰে৷ ভুৱা ভিডিঅ’, ফটো বা তেনেধৰণৰ অশ্লীল ফটো বা ভিডিঅ’ শ্বেয়াৰ নকৰি লগে লগে ডিলিট কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷