Logo
image

সভাপতি দিগ্বিজয়?

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ ২২ বছৰৰ পাছত কংগ্ৰেছ সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাই এতিয়া আকৰ্ষণীয় স্থিতি লৈছে৷ প্ৰথমতেই এটা বিষয় স্পষ্ট হৈ পৰিছে– বিৰোধী দলে কৰি থকা মূল দাবীটো এইবাৰ কংগ্ৰেছত কাৰ্যকৰী হ’ব৷ অৰ্থাৎ কংগ্ৰেছৰ সভাপতি গান্ধী পৰিয়ালৰ নহ’ব৷ কিন্তু যিজন সভাপতি হ’ব, তেওঁ গান্ধী পৰিয়ালৰ প্ৰতি নিষ্ঠাবান হ’ব৷ আকৰ্ষণৰ সৃষ্টি তাতেই৷ শশী থাৰুৰে ইতিপূৰ্বে সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ নিছে৷ তেওঁ পোনপটীয়া অৰ্থত গান্ধী পৰিয়ালৰ প্ৰকৃত আস্থাভাজন নহয়৷ তেওঁৰ প্ৰতিদ্বন্দ্বী অৰ্থাৎ এজন আস্থাভাজন বিচৰাৰ প্ৰক্ৰিয়া কেতিয়াবাই আৰম্ভ হৈছিল৷ প্ৰাথমিকভাৱে গান্ধী পৰিয়ালে অশোক গেহলটৰ ওপৰত আস্থা প্ৰকট কৰিছিল৷ কিন্তু তেওঁ একেলগে ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ দলৰ সভাপতি দুয়োটা পদ একেলগে ৰাখিবলৈ দলৰ বিধায়কৰ মাজত বিদ্ৰোহ সৃষ্টি কৰাই হাইকমাণ্ডৰ আস্থা হেৰুৱালে৷ সেয়ে পৰিৱৰ্তিত পৰিস্থিতিত এতিয়া গেহলটৰ স্থান লৈছে দ্বিগ্বিজয় সিঙে৷ খুব সম্ভবতঃ এতিয়া শশী থাৰুৰৰ প্ৰতিদ্বন্দ্বী হ’ব গান্ধী পৰিয়ালৰ নিকট আৰু নিষ্ঠাবান দ্বিগ্বিজয় সিং৷ এই দুই প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে দিগ্বিজয় সিঙে দলৰ শীৰ্ষ আসনখন দখল কৰা একপ্ৰকাৰ খাটাং৷ হাইকমাণ্ডৰ আস্থা ঘূৰাই আনিবলৈ ইতিমধ্যে অশোক গেহলটে ছোনিয়া গান্ধীক সাক্ষাত কৰি কথা পাতিছে আৰু নিজৰ স্থিতি জনাইছে৷ এই পৰিস্থিতিত গেহলটে প্ৰতিদ্বন্দ্বিতা কৰা-নকৰাৰ সিদ্ধান্ত নিৰ্ভৰ কৰিছে ছোনিয়া গান্ধীৰ ওপৰত৷ যদিহে ছোনিয়া গান্ধীয়ে গেহলটক অনুমতি নিদিয়ে তেন্তে থাৰুৰ আৰু দ্বিগ্বিজয় সিঙৰ মাজত প্ৰতিদ্বন্দ্বিতা সীমাৱদ্ধ থাকিব৷ কিন্তু অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বুধবাৰে এই নিৰ্বাচনী উত্তেজনাত প্ৰিয়ংকা গান্ধীৰ নামো অন্তৰ্ভুক্ত কৰি নতুন ইন্ধন যোগাইছে৷ খালেকৰ মতে, প্ৰিয়ংকা গান্ধী ভদ্ৰ বিবাহিত আৰু তেওঁ এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়৷ সেয়ে প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাও অস্বাভাৱিক নহয়৷