Logo
image

স্বদেশ এৰিছে হাজাৰ বিজাৰ ৰুছ নাগৰিকে

ৰাছিয়া-এষ্টনিয়া সীমান্তৰ প্‌স্কভৰ পৰা মনোজ কুমাৰ গোস্বামী

মস্কোত নামিয়েই দেখিলো প্ৰচণ্ড ভিৰ৷ বিমানবন্দৰত অসংখ্য যাত্ৰী৷ দৌৰা-ঢপৰাৰ শেষ নাই৷ অলপ অবাকো হ’লো৷ মই ৰাছিয়ালৈ আহিছো এনে এটা সময়ত যিসময়ত ইয়াত যুদ্ধৰ এটা আবহাৱা আছে৷ আতংকও আছে কিছুপৰিমাণে৷ তেন্তে এয়াৰপৰ্টত ইমান ভিৰ কিহৰ? ৰ’ব, আপুনি ভুল নুবুজিব৷ এয়া ৰাছিয়ালৈ অহা টুৰিষ্ট নহয়৷ মানে বিদেশী পৰ্যটকেৰে মস্কোৰ বিমানবন্দৰ ভৰি পৰা নাই৷ এই সময়ত ৰাছিয়ায়ো পৰ্যটকক সিমানকৈ দেশখনলৈ আহিবলৈ উৎসাহিত কৰা নাই৷ অন্ততঃ যোৱা ২৪ ফেব্ৰুৱাৰীৰ পাছৰ পৰা তেনে অৱস্থাই চলি আছে৷ তাৰ মাজত বিমানবন্দৰত ইমান শশব্যস্ত যাত্ৰীক্ক উমান লৈ বুজিলো এওঁলোক ৰাছিয়ালৈ অহা বিদেশী যাত্ৰী নহয়৷ ৰাছিয়াৰ পৰা ভিন ভিন দেশলৈ উৰা মাৰিবলৈ অহা তেওঁলোক সকলো ৰাছিয়ান৷ অধিকাংশ যাত্ৰীয়েই শক্ত-সমৰ্থ বা সুন্দৰ-সুঠাম ডেকা ল’ৰা৷ ব্যগ্ৰ মুখাৱয়ব, উদভ্ৰান্তৰ দৰে চেহেৰা আৰু অবিন্যস্ত চুলি৷ সামান্য বিহ৩লপ্ৰায়৷ হাতৰ ট্ৰলীত কেইবাটাও বেগ জাপি বৰ্ডিং পাছ ল’বলৈ এয়াৰলাইন্সৰ কাউণ্টাৰৰ দিশে ধাবমান এই যুৱকৰ দল৷ যেন বৰ্ডিং পাছটো লৈ কোনোমতে বিদেশ অভিমুখী বিমানখনত বহিব পাৰিলেই ৰক্ষা পৰে৷ শুনিলো, যোৱা ২১ ছেপ্টেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দেশৰ ২০ লাখ সংৰক্ষিত সেনাৰ পৰা ইউক্ৰেইনৰ যুদ্ধত নমাবলৈ অতিৰিক্ত তিনি লাখ সেনা যোগাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছৰ পৰাই এই অৱস্থা আৰম্ভ হৈছে৷ পুটিনৰ অমোঘ ঘোষণাত সন্ত্ৰস্ত দেশৰ তৰুণে সেয়ে দেশ এৰি পলোৱাৰ উদ্যোগ লৈছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ দ্ৰুত আৰু সফল সামৰণি মাৰিবলৈ পুটিন বদ্ধপৰিকৰ৷ কিন্তু দেশৰ নাগৰিকৰ যুদ্ধক্ষেত্ৰলৈ যাবলৈ অনীহা৷ এই দুই বৈপ্যৰীত্যৰ মাজত এতিয়া দেশৰ বিমানবন্দৰত ৰাছিয়াৰ যাত্ৰীৰ ভিৰ৷ পাছত দেখিলো ছেইণ্ট পিটাছবাৰ্গ আৰু কুস্কৰ্ বিমানবন্দৰতো একেই পৰিবেশ৷ সকলোৱেই ৰাছিয়া এৰি যাবলৈ ব্যগ্ৰ৷ ইয়াৰ ফলত ৰাছিয়াৰ পৰা মধ্যপ্ৰাচ্যৰ দেশলৈ যোৱা বিমানৰ ‘ৱান-ৱে’ টিকটৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ যাও বুলিলেও যোৱাটো সহজ নহয়৷ সাধাৰণতে ৰাছিয়াৰ পৰা ডুবাই কিম্বা মধ্যপ্ৰাচ্যৰ আন দেশলৈ ‘ৱান-ৱে’ টিকটৰ যি মূল্য, সেয়া এতিয়া এক লাখ ৰুবল হৈছেগৈ৷ তুৰস্ক, ছাৰ্বিয়া ইত্যাদি দেশলৈ যোৱা ৰাছিয়ান যাত্ৰীৰ সৈতে তাল মিলাই ভাৰা বাঢ়িছে বিমানৰ৷ জৰ্জিয়া আৰু ফিনলেণ্ডলৈ বহু ৰাছিয়ান নাগৰিকে নিজে গাড়ী চলাই গুছি গৈছে৷ বহুতেই ৰাছিয়াৰ সীমান্তৱৰ্তী বাল্টিক দেশ এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়ালৈ পলাই যোৱাৰ চেষ্টা কৰিছে৷ কিয়নো ইউৰোপৰ অধিকাংশ দেশৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াৰ বিমান চলাচল বন্ধ৷ বন্ধ এতিয়াও অব্যাহত আছে৷ পৰিস্থিতি বেগতিক দেখি প্ৰতিবেশী আৰ্মেনিয়া, আজেৰবাইজান, জাৰ্জিয়া, কাজাখস্তানলৈ বিমানৰ টিকট কাটিছে ৰাছিয়ানে৷ তাৰ পৰা তেওঁলোকে নিজা নিজ পচন্দৰ দেশৰ বিমান ধৰিব৷ বাতৰি ওলাইছিল, এনেদৰে ‘দেশ ত্যাগ’ বন্ধ কৰিবলৈ ৰাছিয়াৰ প্ৰশাসনে ১৮ৰ পৰা ৬৫ বছৰীয়া পুৰুষৰ বিদেশলৈ যোৱা বন্ধ কৰিছে৷ কিন্তু দেখিলো, বিমানবন্দৰত ৰাছিয়াৰ পৰা ওলাই যাবলৈ লোৱা সকলো যাত্ৰীয়েই তৰুণ, শক্তিশালী যুৱক৷ অৱশ্যে ৰাছিয়াত যিকোনো সময়তে সামৰিক শাসন জাৰি হ’ব বুলি আশংকা কৰি অনেক প্ৰবীনেও ‘দেশত্যাগ’ কৰিছে৷ 

যিটো সময়ত ৰাছিয়াত নিজৰ দেশৰ নাগৰিকৰ মাজত আতংক, ঠিক সেই সময়তে মই ৰাছিয়াত৷ এতিয়া মই ছেইণ্ট পিটাছবাৰ্গৰ পৰা প্ৰায় আঢ়ৈশ কিলোমিটাৰ দূৰৰ প্‌স্বভত৷ ১১ মাহ পূৰ্বে ক’ভিড অতিমাৰীৰ শেষ পৰ্যায়ত ৰাছিয়ালৈ আহিছিলো৷ মস্কো, ছেইণ্ট পিটাছবাৰ্গ দুয়োখন চহৰলৈ৷ কিন্তু ১১ মাহৰ বিৰতিৰ ৰাছিয়াৰ পাৰ্থক্য বিস্তৰ৷ বতৰ, গছৰ ৰঙচুৱা পাতৰ বৰণ একেই৷ শৰতৰ ৰঙচুৱা মেপল গছৰ পাত, সহ্য কৰিব পৰা শীত৷ পাৰ্থক্য আন ঠাইত৷ কিছুমান চকুৰে দেখা, আন কিছুমান নেদেখা৷ নেদেখাবোৰো কিন্তু অনুভৱ কৰিব পাৰি৷ ৰাছিয়াত নামিয়েই দেখিলো, ছাইনব’ৰ্ড-হৰ্ডিঙত ইংৰাজী আখৰ নাই৷ মানে ৰোমান লিপি এইবাৰ ধুই-মছি পেলাইছে পুটিনৰ চৰকাৰে, একেবাৰে চিন মোকাম নোহোৱাকৈ৷ তাৰ ঠাইত সৰ্বদিশে ৰাছিয়ান আখৰ আৰু দুৰ্বোধ্য৷ অথচ এঘাৰ মাহৰ আগলৈকে বিমানবন্দৰ, ৰে’ল ষ্টেচন, ৰাজহুৱা স্থানত কিম্বা পথ নিৰ্দেশনাত ৰাছিয়ান ভাষাৰ লগতে ইংৰাজীও আছিল, যিকোনো আগন্তুকে বুজিব পৰাকৈ৷ এইবাৰ সেয়া অদৃশ্য, সমুলঞ্চে৷ 

আৰু আপুনি লৈ অহা কোনো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এতিয়া ৰাছিয়াত নচলে৷ কিয় জানেনে? আপোনাৰ, মোৰ হাতত থকা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ ‘পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ’ আমেৰিকান৷ মানে ভিছা, মাষ্টাৰ ইত্যাদি আমেৰিকান কোম্পানী৷ এতিয়া ৰাছিয়াত ভিছা, মাষ্টাৰ ‘পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ’ সমুলি নিষিদ্ধ, কোনো স্থান নাই৷ সেয়ে আপোনাৰ কাৰ্ডো অচল ৰাছিয়াৰ ভূমিখণ্ডৰ ভিতৰত৷ যদি ইয়াত কোনোধৰণৰ লেনদেন কৰিবলগীয়া হয়, তেন্তে সেয়া হ’ব সম্পূৰ্ণ ৰাছিয়ান ‘পেমেণ্ট নেটৱৰ্কক অপাৰেটৰ’ৰ দ্বাৰা আৰু ৰাছিয়াৰ পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ হৈছে ‘এম আই আৰ’৷ ‘এম আই আৰ’ৰ দ্বাৰা পৰিচালিত ব্যৱস্থাৰ ডেবিট, ক্ৰেডিট কাৰ্ড ইয়াত সচল, বাকীবোৰ– বিশেষকৈ আমেৰিকান বিকল৷ পূৰ্বৰ দৰে চহৰৰ ভিতৰত এতিয়া ‘কাৰেন্সি এক্সচেঞ্জ’ কাউণ্টাৰ প্ৰাচূৰ্য নাই৷ কাৰণ ৰাছিয়াত এতিয়া মাৰ্কিন ডলাৰ, ইউৰো নচলে৷ চলে যদি কেৱল ৰুবল৷ বাহিৰৰ পৰা অভ্যাগতে ডলাৰ, ইউৰো লৈ অহাটোও ৰাছিয়াৰ চৰকাৰে পচন্দ নকৰে৷ আহিলে ৰুবল লৈ আহক, নহ’লে নাই৷ ইয়াত কেৱল ৰুবলহে চলিব৷ ইয়াত এইবাৰ নাই বিদেশী ‘টেলিকম ছাৰ্ভিচ প্ৰভাইডাৰ’ৰ সেৱাও৷ মোৰ ‘ইউ কে অৰিজিন’ ভ’ডাফোনৰ সেৱা ৰাছিয়াত বন্ধ৷ সম্পূৰ্ণৰূপে বন্ধ৷ ইণ্টাৰনেচনেল ৰ’মিং দূৰঅস্ত, আনকি হোৱাটছএপ ছাৰ্ভিচটো ব্যৱহাৰ কৰিবলৈ এইবাৰ মই ৰাছিয়ান ছিম ফোনত লগাবলগীয়া হৈছে৷ তেতিয়াহে কোনোমতে যোগাযোগ সম্ভৱ হৈছে৷ 

ৰাছিয়াত এতিয়া ফেচবুক নচলে৷ চলাবলৈ ল’লেও অন্তহীন ঝামেলা৷ ভিপিএন ডাউনল’ড কৰি ফেচবুক উলিয়াব লাগিব৷ অৱশ্যে সমান্তৰাল স্বদেশী ভিন ছ’চিয়েল মিডিয়াৰ সেৱা ৰাছিয়ানে উপভোগ কৰি আছে৷ মেকড’নাল্ডছ, কে এল চিৰ দৰে মাল্টিনেচনেল ফুড হাবো দৃশ্যতঃ নোহোৱা হ’ল ৰাছিয়াত৷ মেকড’নাল্ডছৰ ফুড ষ্ট’ৰ কিম্বা কে এফ চিৰ ফুড ষ্ট’ৰখন আগৰ ঠাইতে আছে, খাদ্যসম্ভাৰো একে৷ কেৱল তাৰ ল’গ’ সলনি হৈ গৈছে৷ মাৰ্কিন এই মাল্টিনেচনেল ফুড ষ্ট’ৰক পুটিনৰ ৰাছিয়াই ইতিমধ্যে পত্ৰপাঠ বিদায় দিছে৷ সেই ফুড হাববোৰ হয় ৰাছিয়াৰ কোনো বিলিয়নাৰে কিনি লৈছে, নহয় প্ৰশাসনৰ জৰিয়তে পৃথক ব্যৱস্থাৰে চলিছে৷ ইউৰোপ আৰু আমেৰিকাৰ এনে বিশ্বৰ সকলো দেশতে থকা চেইন ফুড ষ্টৰসমূহ এতিয়া ৰাছিয়াই কিনি পেলালে৷ নিজৰ কৰি ল’লে৷ ইউৰোপিয়ান, আমেৰিকান ব্যৱসায়-ব্যৱসায়ীৰ এতিয়া ৰাছিয়াত স্থান নাই৷ যি ব্যৱসায় আছে সেয়া সামগ্ৰিক আৰু সাৰ্বিক ৰূপত ৰাছিয়াৰ হাতত৷ এবছৰতকৈ কম সময়ৰ ভিতৰত ৰাছিয়াই নিজকে অতি পৰিকল্পিতভাৱে সলাই পেলালে৷ মূল কথা হ’ল দেশৰ অৰ্থনীতি চম্ভালি লোৱা৷ আমেৰিকা, ইউৰোপে ৰাছিয়াৰ ওপৰত যিমান বেছি ‘ছেংছন’ [নিষেধাজ্ঞা] আৰোপ কৰিছে, ৰাছিয়া সিমানবেছি স্বাৱলম্বী হৈছে৷ দেশৰ অৰ্থনীতিত কেৱল আভ্যন্তৰীণ ব্যৱসায়, আৰ্থিক লেন-দেনেৰে অভূতপূৰ্ব ভাৰসাম্য সৃষ্টি কৰিছে৷ ইয়াৰ বিৰোধিতা কিম্বা যুদ্ধৰ বিৰোধিতা কৰাসকলৰো ৰাছিয়াত এতিয়া স্থান নাই৷ এটা উদাহৰণ দিও৷ এজন বেংকাৰ, যি ২০০০ বিলিয়ন ইউৰোৰ মালিক৷ তেওঁ ৰাছিয়াই কৰা যুদ্ধক অপ্ৰয়োজনীয় বুলি মন্তব্য কৰিছিল৷ পুটিনৰ প্ৰশাসনে তেওঁক ৰাছিয়াৰ পৰা বিদায় দিলে৷ তেওঁ ২০০০ বিলিয়ন ইউৰো মূল্যৰ বেংকটো ৰাছিয়াৰ চৰকাৰে ৪০০ নিযুত ইউৰোত কিনি থ’লে আৰু তেওঁক সসন্মানে দেশান্তৰ কৰিলে৷ এনে বহু সিদ্ধান্ত আৰু কঠোৰ মানসিকতাৰে যুদ্ধত লাগি থকাৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ জনপ্ৰিয়তা পূৰ্বতকৈ হ্ৰাস পাইছে৷ কিন্তু একেসময়তে তেওঁ দেশখনত সমান্তৰাল অৰ্থনীতি গঢ়ি তুলিছে৷ য’ত আমেৰিকা, ইউৰোপৰ অবদানৰ প্ৰয়োজন নাই৷ যেন এখন পৃথক বিশ্ব, য’ৰ অৰ্থনীতি পৃথক আৰু তাৰ চালিকা শক্তিও পৃথক, কিন্তু স্বদেশী মানে সকলো কাৰক, পৰিচালন ব্যৱস্থা নিজস্ব৷ প্ৰাকৃতিক সম্পদত ৰাছিয়া চহকী, তাৰ দ্বিৰুক্তিৰ প্ৰয়োজন নাই৷ দেশখনো বিশাল, বিশ্বৰ সৰ্ববৃহৎ৷ সৰ্বদিশতে শক্তিমান এখন দেশ এতিয়া সম্পূৰ্ণৰূপত স্বাবলম্বী হ’বলৈ আগবাঢ়িছে৷ এইক্ষেত্ৰত ৰাছিয়াৰ কাষত অভিন্ন বন্ধুৰ ৰূপত থিয় হৈছে এছিয়ান ছুপাৰ পাৱাৰ চীন৷ আচলতে চীনৰ সৈতে লগ লাগি এতিয়া ৰাছিয়াই নিজৰ অৰ্থনীতি জীপাল কৰি ৰখাই নহয়, বিশ্বত এক ‘পেৰেলেল’ অৰ্থনীতি গঢ়ি তোলাৰ দিশত আগবাঢ়িছে৷ সেই সমান্তৰাল অৰ্থনীতিত আমেৰিকা, ইউৰোপৰ প্ৰৱেশ নিষিদ্ধ৷ কোৱা হয়, এতিয়াৰ বিশ্বৰ অৰ্থনীতি আমেৰিকাকেন্দ্ৰিক আৰু বিশ্বজনীন৷ অৰ্থাৎ আমেৰিকাৰ শ্বেয়াৰ বজাৰত টোকৰ এটা পৰিলেই বিশ্বৰ অৰ্থনীতিত জনজননি উঠে৷ কিন্তু ৰাছিয়াই চীনৰ সৈতে বন্ধুত্ব কৰি যি সমান্তৰাল অৰ্থনীতি গঢ়ি তোলাৰ প্ৰয়াস চলাইছে, তাত আমেৰিকাৰ অৰ্থনীতি বিধবস্ত হ’লেও সম্ভবতঃ জোকাৰণি নুঠিব৷ ইউৰোপৰ এক অংশ হৈ ৰাছিয়াই এইদৰে ‘পেৰেলেল ইক’নমি’ সৃষ্টি কৰাটো মোৰ বাবে আশ্চৰ্য৷ হয়তো বহুতৰ বাবে আশ্চৰ্যকৰ৷ কিন্তু অসংখ্যবাৰ ৰাছিয়ালৈ অহা, দীৰ্ঘসময় বিভিন্ন চহৰত থাকিও মোৰ বাবেও এয়া ৰাছিয়াৰ এক নব্যৰূপ৷ দেখিছো, ৰাছিয়াৰ এই ব্যৱস্থাই ভাৰতক লাভান্বিত কৰিব৷ নতুন দিল্লীয়ে পোনে পোনে যুদ্ধৰ বিৰোধিতা নকৰাকৈও আমেৰিকা আৰু ৰাষ্ট্ৰসংঘত এতিয়ালৈকে ভাৰসাম্য বজাই ৰাখিছে৷ একেসময়তে আমেৰিকা, ইউৰোপৰ ৰঙাচকু উপেক্ষা কৰি ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰি আছে৷ সেয়ে ৰাছিয়াৰ এই ‘পেৰেলেল ইক’নমি’ৰ দ্বাৰা দীৰ্ঘদিনৰ মিত্ৰ ভাৰতৰ লাভেই হ’ব, লোকচান নহয়৷

পশ্চিমীয়া, অৰ্থাৎ আমেৰিকা নিয়ন্ত্ৰিত বিশ্বৰ মিডিয়াই ৰাছিয়াক লৈ যি খবৰ প্ৰকাশ কৰিছে, বহিৰ্বিশ্বই তাকে পাইছে, সেয়াই পঢ়িছে৷ পিছে ৰাছিয়াও এতিয়া এনেই বহি থকা নাই৷ বন্ধুভাৱাপন্ন ৰাষ্ট্ৰ, যেনে ভাৰতৰ দৰে দেশত যাতে ‘প্ৰকৃত ৰাছিয়া’ৰ খবৰ প্ৰকাশ হয় সেই চেষ্টাও ইমান অনৰ্থৰ মাজত পুটিনৰ প্ৰশাসনে অব্যাহত ৰাখিছে৷ বন্ধু ৰাষ্ট্ৰৰ পৰা তেওঁলোকে এতিয়া ৰাছিয়ালৈ ‘ইনফ্লুৱেন্সাৰ’ আমন্ত্ৰণ জনাই আনিছে, যি ৰাছিয়াৰ পৰা গৈ ‘প্ৰকৃত সত্য’ প্ৰকাশ কৰিব পাৰিব৷ ভাৰতৰ পৰাও চৰকাৰ সমৰ্থিত সংগঠনে চাৰিজন ইউটিউবাৰ, ব্লগাৰক লৈ আহিছিল৷ গ্ৰাউণ্ড জিৰ’ৰ পৰিস্থিতি আচলতে কি সেয়া তেওঁলোকে দেখিলে আৰু সেয়া প্ৰকাশ কৰিব বুলি ৰাছিয়াৰ চৰকাৰ আশাবাদী৷ বিশ্বত সহজে পাৰমাণৱিক যুদ্ধ নহ’ব, তৃতীয় বিশ্বযুদ্ধৰ আশংকাও প্ৰায় নাই, কিন্তু ১৯৯১ চনত ছোভিয়েট ইউনিয়ন খণ্ডিত হোৱাৰ পিছত সমাপ্ত হোৱা শীতল যুদ্ধই পুনৰ আগ্ৰাসী ৰূপত মূৰ দাঙি উঠিল৷ ৰাছিয়াৰ যুযুধান ৰূপ ক্ষান্ত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই৷ এই আগ্ৰাসন পূৰ্বৰ দৰে মাথোঁ বিভিন্ন হুমকি-ভাবুকিতে সীমাবদ্ধ হৈ থকা নাই, চীন-তুৰস্ক আদি বন্ধুভাৱাপন্ন দেশৰ সৈতে আমেৰিকাক প্ৰত্যাহ৩ান জনাই বিকল্প বিশ্ব অৰ্থনীতি গঢ়াৰো চেষ্টা কৰিছে৷ বিশ্ব আজি কূটনৈতিক-সামৰিক-অৰ্থনৈতিক সকলো ক্ষেত্ৰতে বহুধাবিভক্ত৷ যিয়েই নহওক এই সময়ত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা প্ৰায় আঢ়ৈশ কিলোমিটাৰ দূৰৰ প্‌স্কভ নামৰ চহৰখনৰ প্ৰায় জনশূন্য পথৰ দাঁতিত ৰৈ মোৰ মনলৈ আহিছে আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে এক শান্তিপূৰ্ণ পৃথিৱী এৰি যাব নোৱাৰিলোঁ৷