Logo
image

দেওবাৰে গুৱাহাটীত খেল টিকটৰ বাবে হাহাকাৰ

আসন ৩৭,৪২০

ছদিন পূৰ্বেই টিকটৰ বিক্ৰী শেষ

ৰেডিছনত বাহৰ ভাৰত, দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়তে গুৱাহাটীত ক্ৰিকেটৰ উন্মাদনা৷ ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ’ব টুৱেণ্টী২০ বিশ্বকাপ ক্ৰিকেট৷ তাৰ পূৰ্বে অন্তিম প্ৰস্তুতি হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলা৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলা জয় কৰাৰ পাছত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই বুধবাৰে তিৰুৱনন্তপুৰমত অনায়াস জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও শৃংখলাত অগ্ৰগতি লাভ কৰিছে৷ দলটোৰ লক্ষ্য এতিয়া দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন খেলত জয়ী হৈ শৃংখলা জয় নিশ্চিত কৰা৷ স্বাভাৱিকতে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে দুৰ্গা-পূজাৰ উলহ-মালহৰ মাজতে এই খেলখনৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ দেওবাৰৰ খেলখনক লৈ ক্ৰিকেটপ্ৰেমীৰ কিমান উচ্ছাস, তাৰ প্ৰমাণ পোৱা গল বৃহস্পতিবাৰে সন্ধিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাকৰসকল গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট˜ীয় বিমান বন্দৰৰ পৰা ৰেডিছন ব্লু হোটেললৈ সমগ্ৰ বাটছোৱাত ক্ৰিকেটাৰসকলক ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে ভিৰ কৰিছিল ক্ৰিকেটপ্ৰেমীয়ে৷ অৱশ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে কোনোৱেই ক্ৰিকেটাৰৰ কাষ চাপিব পৰা নাছিল৷

অসম ক্ৰিকেট সন্থাৰ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত এয়া হ’ব তৃতীয়খন টুৱেণ্টী২০ আন্তঃৰাষ্ট্ৰীয় খেল৷ ২০১৭  চনৰ ১০ অক্টোবৰত অনুষ্ঠিত প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হৈছিল আঠ  উইকেটত৷ আনহাতে, ২০২০ চনৰ ৫ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হৈছিল৷ খেলখন পৰিত্যক্ত হোৱাৰ পাছত আয়োজক অসম ক্ৰিকেট সন্থা ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেয়েহে এইবাৰ অসম ক্ৰিকেট সন্থাই খেলখনৰ প্ৰস্তুতিত কোনোধৰণৰ খুঁত ৰাখিব বিচৰা নাই৷ ক্ৰিকেটপ্ৰেমীও উৎসৱৰ বতৰত এখন উপভোগ্য খেলৰ অপেক্ষাত আছে৷ স্বাভাৱিকতে খেলখনৰ টিকটৰ চাহিদাও বহুখিনি বৃদ্ধি পাইছে৷ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত দৰ্শকৰ বাবে উপলব্ধ থাকিব মুঠতে ৩৭,৪২০ আসন৷ দৰ্শকৰ বাবে অনলাইনযোগে টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল আৰু খেলখনলৈ ছদিন বাকী থকা অৱস্থাতে সমুদায় টিকট  বিক্ৰী হৈ যোৱা বুলি উদ্যোক্তা সন্থাটোৱে জনাইছে৷ সকলো টিকট বিক্ৰী হৈ যোৱা বুলি আয়োজক সংস্থাই ঘোষণা কৰাৰ পাছতো টিকট বিচাৰি হাহাকাৰ লগাইছে শ শ লোকে৷ ঘটনা ইমানলৈ গৈছে যে ক্ৰিকেটপ্ৰেমীৰ পৰা আয়োজকৰ একাংশ আঁতৰি থাকিবলৈ বাধ্য হৈছে৷ সমুদায় টিকট সমাপ্ত হৈ যোৱাৰ পাছতো কিন্তু টিকট বিচৰা লোকে এতিয়াও বৰ্ষাপাৰা ষ্টেডিয়ামৰ আশে-পাশে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ সুযোগতে এচাম লোকে চৰা দামত টিকট বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে৷ দেওবাৰৰ খেলখনৰ বাবে অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে৷ শুকুৰবাৰে আৰু শনিবাৰে দুয়োটা দলে সুকীয়া সুকীয়াকৈ ষ্টেডিয়ামত অনুশীলন চলাব৷ খেলখনলৈ মাজতে দুটা দিন থকা অৱস্থাত আঘাতৰ বাবে নিৰ্ভৰযোগ্য পেচ বলাৰ যশপ্ৰীত বুমৰা টুৱেণ্টী২০ বিশ্বকাপৰ দলৰ পৰা বাহিৰ হোৱাৰ খবৰ আহিল৷ অথাৰ্ৎ দেওবাৰৰ খেলখনত ভাৰতীয় দলত নাথাকিব বুমৰা৷ তথাপি ক্ৰিকেটেপ্ৰমীৰ আশা বুমৰা অবিহনেই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হ’ব ৰোহিত শৰ্মাৰ দলটো৷ সকলোৱে বিচাৰিছে টীম ইণ্ডিয়াই গুৱাহাটীতে একপ্ৰকাৰ সম্পূৰ্ণ কৰক বিশ্বকাপৰ প্ৰস্তুতি৷