Logo
image

মোদীৰ সংসদীয় কাৰ্যালয় “অ’ এল এক্স”ত বিক্ৰীৰ অপচেষ্টা

আমাৰ অসম, ১৯ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰানসীত থকা তেওঁ সংসদীয় কাৰ্যালয়টো কোনো দুষ্ট চক্ৰই অনলাইন বিক্ৰী এপ্‌ ‘‘অ’ এল এক্স’’ৰ জৰিয়তে বিক্ৰী কৰিবলৈ অপচেষ্টা চলায়৷ অ’ এল এক্সত প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় কাৰ্যালয়টো ৭.৫ কোটি টকাত বিক্ৰী কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷  প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় কাৰ্যালয়টোত কেইটা কোঠা আছে সেয়াও প্ৰকাশ কৰে বিক্ৰী কৰিবলৈ বিচৰা দুষ্ট চক্ৰই৷ ইয়াত পাৰ্কিঙৰ সুবিধা নাই বুলিও তেওঁলোকে উল্লেখ কৰে৷ এই কথা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে তেওঁলোকক সোধা-পোছা অব্যাহত ৰাখিছে৷