
অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ ১০ হাজাৰ কোটি টকা চান্দা
চান্দা সংগ্ৰহকাৰী ৰাজনৈতিক দলৰ শীৰ্ষত বিজেপি
ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে অনামী উৎসৰ পৰা ধন সংগ্ৰহৰ পথ মুকলি ৰাজনৈতিক দলৰ
আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ অসমত চান্দা অপসংস্কৃতিক বিৰুদ্ধে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিলেও ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত চান্দা সংগ্ৰহৰ পৰম্পৰা অব্যাহত আছে৷ এনে প্ৰেক্ষাপটতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক ৰাজনৈতিক দলসমূহক গোপন চান্দা দিয়াৰ বাবে ব্যৱসায়ী তথা পুঁজিপতিসকলৰ সুবিধা হোৱাকৈ পুনৰ ইলেক্ট’ৰেল বণ্ড বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ দিন-বাৰ ঘোষণা কৰা হৈছে৷ সমাগত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলক চান্দা দিয়াৰ বাবে বৃহস্পতিবাৰে ভাৰতীয় টেষ্ট বেংকে ইলেক্ট’ৰেল বণ্ডৰ বিক্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি এছ বি আইৰ গুৱাহাটীৰৰ পাণবজাৰ ব্ৰাঞ্চকে ধৰি দেশৰ ২৯ ব্ৰাঞ্চৰ পৰা যিকোনো ব্যক্তিয়েই পচন্দৰ ৰাজনৈতিক দলক চান্দা দিয়াৰ বাবে ইলেক্ট’ৰেল বণ্ড সংগ্ৰহ কৰিব পাৰিব৷ ষ্টেট বেংকে পহিলা অক্টোবৰৰ পৰা ১০ দিনৰ বাবে ইলেক্ট’ৰেল বণ্ড বিক্ৰী কৰিব৷ দেশৰ নিৰ্বাচন আয়োগে ইলেক্ট’ৰেল বণ্ডৰ উৎসবিহীন টকা হিচাপে চিহ্নিত কৰিছে৷ অৰ্থাৎ এছবিআইৰ পৰা যিকোনো ব্যক্তিয়ে নিজৰ ইচ্ছা সামাৰ্থ্য অনুসৰি ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰি পচন্দৰ ৰাজনৈতিক দলৰ পুঁজিলৈ চান্দা হিচাপে আগবঢ়াব পাৰিব৷ বেংকৰ পৰা নিৰ্দিষ্ট ধনৰ বিপৰীতে সেই নিৰ্দিষ্ট অংকৰ ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰিলেও ক্ৰয় কৰোঁতাৰ কোনো তথ্য লিপিবদ্ধ কৰা নহয়৷ এক কথাত ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰোঁতাজনৰ পৰিচয় বেংকৰ বাবে গোপনীয় হৈ পৰাত আয় কৰ ফাঁকি দি বণ্ড ক্ৰয় কৰিলেও তাক ধৰা পেলাওতা কোনো নাথাকে৷ আনকি উক্ত ব্যক্তিজনে নিৰ্দিষ্ট ইলেক্ট’ৰেল বণ্ড ৰাজনৈতিক দলক দান কৰিলেও সেই দাতাজনৰ নামো ৰাজনৈতিক দলে ৰাজহুৱা কৰাৰ কোনো বাধ্য বাধকতা নাথাকে৷ যাৰ পৰিপ্ৰেক্ষিতত ইলেক্ট’ৰেল বণ্ডক আয়কৰ ফাঁকি দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বুলিও বিভিন্নজনে সমালোচনা কৰা দেখা যায়৷ আপুনি শুনিলে আঁচৰিত যেন লাগিলেও ২০১৮ চনৰ পৰা দেশত আৰম্ভ হোৱা নতুন চান্দা সংস্কৃতি ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলসমূহে ৯,৮৫৬ কোটি টকা চান্দা সংগ্ৰহ কৰিছে৷ এক কথাত পৰিচয় বিহীন তথা অজ্ঞাত উৎসৰ পৰা ৰাজনৈতিক দলে চাৰি বছৰতে লাভ কৰি প্ৰায় দহ হাজাৰ কোটি টকাৰ চান্দা৷ তাৎপৰ্যপূৰ্ণভাৱে বিগত বৰ্ষত অনুষ্ঠিত হৈ যোৱা অসমকে ধৰি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সময়তো ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে ৬৯৫ কোটি টকা চান্দা সংগ্ৰহ কৰিছিল৷ স্বাভাৱিকতেই এটা কথা স্পষ্ট যে ৰাজনৈতিক দলসমূহে নিৰ্দিষ্ট ব্যক্তিৰ পৰা ভয়-ভাবুকীৰে হ’লেও ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰি আহিছে৷