Logo
image

এজন গ্ৰাহকে বছৰি ১৫টা চিলিণ্ডাৰহে পাব

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ দুৰ্গোৎসৱৰ প্ৰাক্‌মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছ ক্ৰয় সন্দৰ্ভত নতুন নিয়ম বান্ধি দিছে৷ সেই অনুসৰি ৰন্ধন গেছৰ গ্ৰাহকসকলে এবছৰত ১৫টাহে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব৷ তদুপৰি এমাহত দুটাতকৈ বেছি চিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰিব৷ ৰন্ধন গেছৰ ক’লাবজাৰ ৰোধ কৰাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য দীৰ্ঘদিন ধৰি একাংশ গ্ৰাহকে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ ক্ৰয় কৰি বাণিজ্যিক কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আছিল৷ বহুক্ষেত্ৰত একাংশ গ্ৰাহকে প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰি সেই চিলিণ্ডাৰ হোটেল-ৰেষ্টুৰেণ্ট বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানক চৰা দামত যোগান ধৰা পৰিলক্ষিত হৈ আহিছিল৷ ফলত গেছ যোগানকাৰী প্ৰতিষ্ঠান সমূহ লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিছিল৷ কিয়নো ব্যৱসায়িকক্ষেত্ৰত ব্যৱহাৰৰ বাবে বাণিজ্যিক চিলিণ্ডাৰৰ ব্যৱস্থা আছে৷ কিন্তু ক’লাবজাৰত ঘৰুৱা চিলিণ্ডাৰ উপলব্ধ হোৱাত একাংশ ব্যৱসায়ীয়ে খৰচ কমাবলৈ এনে চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ সুযোগ লয়৷ এনে পৰিপ্ৰেক্ষিতত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ ক’লা বজাৰ বন্ধ কৰিবলৈ শেহতীয়াকৈ চিলিণ্ডাৰ ক্ৰয়ৰ নতুন নিয়ম ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰে উল্লেখ্য যে বৰ্তমান গুৱাহাটীৰ বজাৰত একোটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২,০৭৫.৫০ টকা৷ ইয়াৰ বিপৰীতে ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে ১,১০২ টকা৷ ফলত দামৰ এনে বৃহৎ ব্যৱধানৰ বাবেই একাংশই বে-আইনীভাৱে ব্যৱসায়িক কাম-কাজত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ কৰি আহিছে৷