Logo
image

ছোনিয়া গান্ধীক ক্ষমা খুজিলে গেহলটে

কংগ্ৰেছ সভাপতিৰ দৌৰত সিং আৰু থাৰুৰ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ সভাপতি পদৰ দৌৰৰ পৰা অৱশেষত আঁতৰিল অশোক গেহলট৷ আজি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎকাৰৰ পাছত সাংবাদিকৰ আগত সভাপতিৰ দৌৰৰ পৰা তেওঁ আঁতৰি অহা বুলি ঘোষণা কৰে৷ লগতে তেওঁক কেন্দ্ৰ কৰি ৰাজস্থান কংগ্ৰেছত বিগত দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে তেওঁ কংগ্ৰেছ নেত্ৰীগৰাকীৰ ওচৰত ক্ষমা বিচাৰে বুলি সাংবাদিকক জনায়৷ উল্লেখ্য, কংগ্ৰেছৰ সভাপতি পদৰ বাবে গান্ধী পৰিয়ালৰ আটাইতকৈ পছন্দৰ প্ৰাৰ্থী আছিল অশোক গেহলট৷ কিন্তু গেহলট দলৰ সভাপতি হ’লে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদত অধিস্থিত হ’লহেঁতেন শচীন পাইলট৷ যিটো গেহলটৰ অনুগামী বিধায়কসকলে কোনোপধ্যে মানি ল’ব পৰা নাছিল৷ এনে ক্ষেত্ৰত গেহলটৰ অনুগামীসকলে কাৰ্যতঃ পাইলটৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ ফলত ৰাজস্থানত গেহলট চৰকাৰৰ পতন ঘটাৰ উপক্ৰম হয়৷

এনে পৰিস্থিতিত বৃহস্পতিবাৰে অশোক গেহলটে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ পাছত সাংবাদিকৰ সৈতে মুখামুখি হৈ গেহলটে কয়– ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি মই সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ নীতিগত কাৰণতে এই সিদ্ধান্ত লৈছোঁ৷’

গেহলটে লগতে কয়– ‘কোচিত মই ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰি তেওঁক সভাপতি হ’বলৈ অনুৰোধ জনাইছিলোঁ৷ কিন্তু তেওঁ মোৰ কথাত সন্মত নোহোৱাত মই দলৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ৷ কিন্তু বিষয়টোক কেন্দ্ৰ কৰি যি পৰিস্থিতিৰ সৃষ্টি হ’ল, তেনে পৰিস্থিতিত মোৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সম্ভৱ নহয়৷’ আনহাতে, সভাপতিৰ দৌৰৰ পৰা আঁতৰি গেহলটে মুখ্যমন্ত্ৰীৰ পদত নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিলে বুলি একাংশই ধাৰণা কৰি লৈছে৷

ইপিনে, গেহলট সভাপতিৰ দৌৰ পৰা আঁতৰাৰ পাছত এইবাৰ ‘যুদ্ধক্ষেত্ৰ’ত নামি পৰিছে দিগ্বিজয় সিং আৰু শশী থাৰুৰ৷ এওঁলোক দুয়োজনেই কাইলৈ মনোনয়ন-পত্ৰ জমা দিব বুলি জানিব পৰা গৈছে৷