Logo
image

নতুন ৰূপত তেজপুৰৰ ঐতিহাসিক লিচু পুখুৰী

আমাৰ অসম ১ অক্টোবৰঃ সোৱাদত অনন্য, আকাৰত বৃহৎ আৰু মঙহাল বিগত ২০১৩ বৰ্ষতে জিআই টেগ লাভ কৰা তেজপুৰৰ লিচুয়ে দেশ-বিদেশত আহৰণ কৰা সমাদৰে যিদৰে তেজপুৰবাসীক গৌৰৱ কৰাৰ সুযোগ দিছে, একেদৰে এই লিচুক কেন্দ্ৰ কৰিয়েই ‘লিচু পুখুৰী’ নামৰ তেজপুৰৰ ঐতিহাসিক এটা পুখুৰীয়েও এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ চৌপাশৰ শাৰী শাৰী সুস্বাদু লিচু গছৰ বাবেই ‘লিচু পুখুৰী’ নামেৰে বৰ্তমান পৰিচিত হৈ ৰোৱা প্ৰায় ৯.৫ বিঘা মাটিকালিৰ এই ঐতিহাসিক পুখুৰীটোৰ সামগ্ৰিক উন্নয়নত মনোনিৱেশ কৰি ১ কোটি ৮ লাখ টকা ব্যয়সাপেক্ষ এক সৌন্দৰ্যবদ্ধৰ্নৰ আঁচনিৰ ৰূপায়ণেই সেই সম্ভাৱনা প্ৰকট কৰি তুলিছে৷ উল্লেখ্য যে, লিচুক কেন্দ্ৰ কৰি বৰ্তমান ‘লিচু পুখুৰী’ বুলি নামাঙ্কিত হ’লেও চহৰখনৰ প্ৰায় মাজমজিয়াত থকা বিখ্যাত ‘লিচু পুখুৰী’ খন্দাৰ সৈতে লিচুৰ কোনো সম্পৰ্ক নাছিল৷ ইয়াৰ সৈতে জড়িত হৈ আছে প্ৰায় কেইবাশ বছৰীয়া এক বিশেষ ইতিহাস৷ আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ, তেন্তে দেখা পাওঁ- ঐতিহাসিক তেজপুৰত আধুনিকতাৰ চাপ পৰিছিল ১৮৩৫ চনৰ পাছৰ পৰা৷ বৃটিছৰ শাসন কালত অ-বিভক্ত দৰং জিলাৰ সদৰ ১৮৩৫ চনত মঙ্গলদৈৰ পৰা তেজপুৰলৈ স্থানান্তৰিত কৰিছিল আৰু তেজপুৰত জিলা সদৰ হিচাপে বৃটিছ আমোলা-বিষয়াই খোপনি পোতাৰ পিছতেই তেজপুৰত আধুনিকতাৰ প্ৰভাৱ পৰিব ধৰিলে৷ বৃটিছে তেজপুৰত ১৮৩৫ চনত জিলা সদৰ স্থাপন কৰা পাছত বিশ্বনাথৰ গোড়া আৰু গোমালী অঞ্চলত থকা সেনা ছাউনী তেজপুৰলৈ উঠাই আনিছিল৷ গোড়া আৰু গোমালী নামৰ বৃটিছ সেনাৰ পল্টন দুটাৰ খোৱাপানী আৰু অন্যান্য কামত ব্যৱহাৰৰ বাবে দুটা পুখুৰী খন্দোৱা হৈছিল৷ ইয়াৰে এটা ধোৱা পুখুৰী আৰু আনটো পল্টন পুখুৰী নামে জনাজাত৷ বৃটিছৰ দিনত সেনাৰ খোৱাপানী আৰু অন্যান্য কামত ব্যবহৃত সেই পল্টন পুখুৰীয়েই আজিৰ লিচু পুখুৰী আনহাতে, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই আজিৰ লিচু পুখুৰীক পল্টন পুখুৰীৰ পৰিৱৰ্তে ৰহঢলা পুখুৰী বুলিহে অভিহিত কৰিছিল৷ তেওঁৰ আত্মজীৱনী  ‘মোৰ সোঁৱৰণী’ গ্ৰন্থৰ ২৮২ নম্বৰ পৃষ্ঠাত ‘পুখুৰী সংস্কাৰ’ অধ্যায়ত তেওঁ উল্লেখ কৰিছে যে- ‘তেজপুৰৰ পল্টন আৰু ধোবা পুখুৰী দুটা বৃটিছে ব্যৱহাৰ কৰিছিল যদিও খন্দা নাছিল৷ এই পুখুৰী দুটা ৰজাদিনীয়া পুখুৰী আছিল৷ ‘অ তাৎপৰ্যপূৰ্ণ যে- প্ৰাচীনকালৰ পৰাই ৰজাই ৰাজকাৰ্যৰ লগতে প্ৰজাৰ সহায় হ’ব পৰাকৈ পুখুৰী খন্দাতো এক নিয়ম আছিল৷ বনমালা বৰ্মাইও তেওঁৰ তামৰ ফলিত ‘পদুম ফুলৰে সু-শোভিত সুন্দৰ সৰোবৰ’ বুলি উল্লেখ কৰিছিল৷ ইয়াৰ দ্বাৰা তেজপুৰ চহৰৰ পদুম পুখুৰীকে বুজোৱা হৈছিল৷ একেদৰে শালস্তম্ভ বংশৰ ৰজা হৰ্জৰ বৰ্মাই তেজপুৰৰ হজৰা পুখুৰী খন্দোৱাৰ কথা সৰ্বজনবিদিত৷ আহোম ৰজাসকলেও ৰাজকাৰ্যৰ আৰু প্ৰজাৰ কল্যাণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুখুৰী খন্দাইছিল৷ প্ৰণিধানযোগ্য যে, অসম আক্ৰমণ কৰিবলৈ অহা মোগল বাহিনীয়ে- ১৬১৫ খ্ৰীষ্টাব্দত হাজোৰ যুদ্ধত জয়ী হৈ ইয়াৰ কিছুদিনৰ পিছতেই মোগলৰ সেনাপতি মিজাৰ্‌ নাথুল্লাই দক্ষিণ কোণৰ পৰা উত্তৰ দিশে পাৰ হৈ আহোম ৰাজ্যৰ পৰা হাতীসহ তিনিগৰাকী নৰ্তকীক ধৰি লৈ গৈছিল৷ ইয়াৰ প্ৰতিশোধ ল’বলৈ আহোম স্বৰ্গদেও প্ৰতাপ সিংহই নিজৰ তৎপৰতাতেই সমৰসজ্জা গঢ়ি তুলি তেজপুৰৰ দাঁতিকাষৰীয়া ভোমোৰাগুৰিত বাহৰ পাতিছিল৷ ভৰলীপাৰৰ চামধৰাত আহোম মোগলৰ তয়া-ময়া ৰণ হৈছিল আৰু এই ৰণত আহোম জয়ী হৈছিল৷ আজিও ভোমোৰাগুৰি পাহাৰত আহোমৰ ৰজা প্ৰতাপ সিংহৰ ৰণজয়ী শিলালিপি সজীৱ হৈ আছে৷ উক্ত প্ৰসংগ এইবাবে অৱতাৰণা কৰা হ’ল যে- তেজপুৰৰ দাঁতিকাষৰতো আহোম স্বৰ্গদেউসকলে বাহৰ পাতি ৰাজকাৰ্য পৰিচালনা কৰিছিল৷ গতিকে ৰাজকাৰ্য আৰু প্ৰজাৰ সুবিধাৰ বাবে পল্টন পুখুৰী আৰু ধোবা পুখুৰী আহোমৰ ৰাজত্বতে খন্দোৱাৰ কথা নুই কৰিব নোৱাৰি৷ যি কি নহওক- এই পৌৰাণিক পুখুৰী দুটা ন কৈ গঢ়ি তুলিছিল পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰ পৌৰসভাৰ পৌৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাছত৷ ১৯২২ চনত সাহিত্য কাণ্ডাৰী ৰায় বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰ পৌৰসভাৰ পৌৰপতিৰ দায়িত্বত অধিষ্ঠিত হোৱাৰ পাছত পল্টন পুখুৰীটো পৰিষ্কাৰ সাধন কৰি সূদুৰ কলিকতাৰ পৰা উন্নত জাতৰ লিচু আনি পল্টন পুখুৰীৰ দুয়োপাৰে শাৰী শাৰীকৈ ৰোপন কৰে আৰু তেতিয়াৰ পৰাই পল্টন পুখুৰী লিচু পুখুৰী নামে জানাজাত হয়৷ এই লিচু পুখুৰীৰ লিচুই আজি আন্তজাৰ্তিক পযাৰ্য়ত তেজপুৰৰ নাম উজ্জ্বলাই তুলিছে৷ কিন্তু সময়ৰ গতিত লিচু পুখুৰীৰ এক পৰিত্যক্তস্থলীলৈ ৰূপান্তৰ হৈছিল৷ কেৱল তেজপুৰ পৌৰসভাৰ দ্বাৰা পৰিচালিত উক্ত পুখুৰীটো লিচু সংগ্ৰহৰ ক্ষেত্ৰতে হে ব্যৱহৃত হৈছিল৷ শোণিতপুৰত দেৱ কুমাৰ মিশ্ৰই চলিত বৰ্ষৰ এপ্ৰিল মাহত উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাছত লিচু পুখুৰীৰ সামগ্ৰীক উন্নয়নত মনোনিৱেশ কৰে৷ উপায়ুক্তজনে নিজা তৎপৰতাত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অম্ৰুত শিতানৰ লগত যোগাযোগ কৰি কায়কল্প সলনি প্ৰকল্পৰ অধীনত ১ কোটি ৮ লাখ টকা আনুমোদন কৰায় এতিয়া লিচু পুখুৰী ন-কৈ নিৰ্মাণৰে সৌন্দৰ্যবদ্ধৰ্নৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ উক্ত আঁচনি ৰূপায়িত হৈছে তিনিটা ভাগত৷ ইয়াৰে প্ৰথম ভাগত আছে কায়কল্প অথাৰ্ৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী বিশুদ্ধিকৰণ, বাঁহ, শিল আৰু জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধ, আৰু পুখুৰীৰ পাৰ লোহাৰ বেৰাৰে ঘেৰাও কৰা৷ সৌন্দৰ্যবদ্ধৰ্নৰ উদ্দেশ্যে দ্বিতীয় ভাগত ৰখা হৈছে- পেভাৰ ব্লকৰ দ্বাৰা পদপথ নিৰ্মাণ, পকা বেঞ্চ নিৰ্মাণ, ৰং দিয়া, বৈদু্যতিকৰণ, পাৰঘাটৰ অলংকৰণ, মূল দুৱাৰ, বনানীকৰণ আৰু দেৱাল লিখন৷ তৃতীয়ভাগত ৰখা হৈছে পুখুৰীৰ পানী বিশুদ্ধিকৰণ তথা পৰিস্কৰণৰ লগতে ভৱিষ্যতৰ মেৰামতিৰ পৰিকল্পনা৷ উল্লেখ্য যে, পুখুৰীৰ চৌপাশ সামৰি নিৰ্মাণ কৰা পদপথ ৱাকিং জ’নৰূপে ব্যৱহাৰ কৰাৰ ব্যৱস্থাও এই আঁচনিত অন্তভুক্ত হৈছে৷  এইমৰ্মে চলি থকা আঁচনি ৰূপায়ণৰ কাম-কাজ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে৷ অহা ২ অক্টোবৰত ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়াৰ লক্ষ্য লোৱা নৱ-নিৰ্মিত লিচু পুখুৰীত এতিয়া চৌপাশৰ শাৰী শাৰী লিচু গছ ৰং-তুলিকাৰে জিলিকাই তোলা হৈছে৷ পদপথৰো নিৰ্মাণ অতি চকুত লগা কৰি তোলা হৈছে৷ ৯.৫বিঘা মাটি কালিৰে তেজপুৰ চহৰত থকা লিচু পুখুৰীত ৪ বিঘা মাটিত পানী আছে৷ ৪ বিঘা পানী থকা পুখুৰীটোত মৎস্য পালনৰো ব্যৱস্থা কৰা হৈছে৷ মুঠতে এতিয়া ন-ৰূপত উজ্জ্বলি উঠিছে লিচু পুখুৰী৷ লিচুৰ সোৱাদে যিদৰে দেশ-বিদেশৰ মানুহক আকৰ্ষিত কৰিছে,  ঠিক তেনেদৰে লিচু পুখুৰীৰ এই সোন্দৰ্যবদ্ধৰ্নেও দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ পদ্মনাথ গোহাঁই বৰুৱাৰ পাছত শোণিতপুৰৰ বৰ্তমানৰ উপায়ুক্তই তেজপুৰৰ লিচু পুখুৰীক এইদৰে ন- ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসনীয় বুলি তেজপুৰৰ সচেতন মহলে মত প্ৰকাশ কৰিছে৷