Logo
image

বৰ্ণময় আয়োজন, আজি ষষ্ঠী

হাতীত আহি নাৱত উভতি যাব দুৰ্গতিনাশিনী দেৱী দুৰ্গা

আমাৰ অসম, ১ অক্টোবৰঃ শাৰদীয় শেৱালিৰ সুবাসে আদৰি আনিছে ঋতুৰাণী শৰতক৷ শাৰদীয় দুৰ্গোৎসৱ পদূলিমুখত৷ পহিলা অক্টোবৰ শনিবাৰে দেৱী ষষ্ঠীৰ বেদীত বহিব৷ এইবাৰ মা দুৰ্গাৰ গজত আগমন ঘটিছে আৰু নৌকাত গমন হ’ব৷ ঢাক-ঢোলৰ শব্দই মা দুৰ্গাৰ ধৰালৈ আগমনৰ বতৰা কঢ়িয়াই আনিছে৷ এতিয়া চৌদিশে প্ৰস্তুতি তুংগত উঠিছে শাৰদীয় দুৰ্গোৎসৱৰ৷ সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকৰ্ষণীয় মণ্ডপ সজাই তোলা হৈছে৷ আকৰ্ষণীয় প্ৰতিমাক শেষ পৰশ দিয়াত ব্যস্ত হৈছে পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকল৷ ক’ভিড পৰিস্থিতিৰ পাছত এইবাৰ নানা থিম লৈ সাজু হৈছে ৰাজ্যৰ পূজা কমিটীসমূহ৷ ক’ৰবাত যদি ৰাম মন্দিৰৰ আৰ্হি লোৱা হৈছে, আন ক’ৰবাত লোৱা হৈছে লালকিল্লাৰ আৰ্হি৷ আন ক’ৰবাত আকৌ প্ৰকৃতি সংৰক্ষণৰ সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে এইবাৰ যোৰহাট জিলাৰ ১৮৫খন মণ্ডপত হ’ব দেৱীৰ বন্দনা৷ ইয়াৰে ৬৬খন পূজা যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অনুষ্ঠিত হ’ব৷ দেৱীক প্ৰতিষ্ঠা কৰিবলৈ মাজত মাত্ৰ  কিছুমান বাকী দিন থকা অৱস্থাত পূজা মণ্ডপ নিৰ্মাণত ব্যাপক তৎপৰতা অৱলম্বন কৰা হৈছে৷ অৱশ্যে ইয়াৰ মাজতে একাংশ পূজা সমিতি তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ তেনেদৰে সৰ্বসাধাৰণৰ মাজতো পূজাৰ বিশেষ উৎসাহ নাই৷ সাধাৰণতে দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত বস্ত্ৰ, ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী, ষ্টেচনেৰী, প্ৰসাধন আদিৰ ব্যৱসায়ীসকলে যথেষ্ট বিনিয়োগ কৰে৷ বিগত দুবছৰ ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পূজাৰ বজাৰত পৰিছিল৷  ক’ভিড পৰিস্থিতিত বহুলোক কৰ্মহীন হোৱাৰ পাছত বিভিন্ন সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি, কৰ-কাটল বৃদ্ধি, নতুন নতুন কৰ আৰোপ আদিৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণে পূজাৰ বাবে বিশেষ উছাহ দেখুওৱাব পৰা নাই৷ অৱশ্যে বজাৰত অনলাইন মাৰ্কেটিঙৰো প্ৰভাৱ পৰিছে৷ ইফালে দুৰ্গোৎসৱ আয়োজনত প্ৰধানকৈ ব্যৱসায়ীসকল  জড়িত হয় যদিও বিনিয়োগ কৰি আশানুৰূপ লাভ কৰিব নোৱৰাত তেওঁলোকে পূজাৰ বাবে দান-বৰঙণি আগবঢ়াব পৰা নাই৷ এনে মন্দাৱস্থাৰ মাজতে দেৱী বন্দনাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰতে৷ যোৰহাট নগৰৰ জেপিআৰ ৰোড, জেপিআৰ জংচন, ৰূপহী আলি, যোৰহাট টাউন ষ্টেচন, লক্ষ্মী ইউনিয়ন, মাৰোৱাৰী ঠাকুৰবাৰী, যোৰহাট পূজা মন্দিৰ, তৰাজান সন্মিলন, সৰ্বাইবন্ধা, পুলিবৰ আদিত এইবাৰো পূজাৰ আয়োজন চলিছে৷ তেনেদৰে স্থায়ী জাগ্ৰত দেৱীৰ বুঢ়ী গোঁসানী দেৱালয়তো পূৰ্বৰ ৰীতিৰে পূজাৰ আয়োজন চলোৱা হৈছে৷ যোৰহাটৰ জেপিআৰ জংচনৰ পূজাৰ মণ্ডপ লালকিল্লাৰ আৰ্হিত আকৰ্ষণীয়কৈ সজাই তোলা হৈছে৷ এইবাৰ ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত প্ৰকৃতি সংৰক্ষণৰ সুন্দৰ বাৰ্তাৰে ম’বাইল ফোনৰ টাৱাৰৰ আৰ্হি লৈ আৰু তাত চৰাইৰ প্ৰতিচ্ছবি সংযোগ কৰা হৈছে৷ ম’বাইল ফোনৰ টাৱাৰৰ ৰেডিয়েচনৰ ফলত যে নানাধৰণৰ চৰাইৰ মৃত্যু হৈছে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি ৰাইজক সজাগ হ’বলৈ এক সুন্দৰ বাৰ্তা আগবঢ়াইছে৷ টিংখাঙতো দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ-উদ্দীপনা৷ টিংখাঙৰ ৰাজগড়ত দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে৷ ৰাজগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানত দুৰ্গোৎসৱৰ বাবে সাজু হৈছে আয়োজক সমিতি৷  অঞ্চলটোৰ ভিতৰতে অতি পুৰণি শ্ৰী শ্ৰী যুৰীয়া আই থানৰ পূজালৈ প্ৰতি বছৰে হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন হয়৷ মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা তথা জাক-জমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে শ্ৰী শ্ৰী যুৰীয়া আইথান দুৰ্গা পূজা সমিতিয়ে৷ সেইদৰে কামপুৰত অসমীয়া গহনাৰ ব্যৱসায়ী উৎপল বণিয়াৰ পূজাৰ তোৰণ তামিলনাডুৰ আদিযোগী শিৱ মূত্তিৰ্ৰ আৰ্হিত সাজি উলিওৱা হৈছে৷ লগতে পেলনীয়া সামগ্ৰী, টিছু পেঁপাৰ আৰু কুঁহিলাৰে মণ্ডপ সাজি উলিওৱা হৈছে৷ এইবাৰ ফৰৱাৰ্ড স্পটিং ক্লাব-নিউ বঙাইগাঁও ৱেষ্ট কলনীত ৰাম মন্দিৰৰ আৰ্হিত  মণ্ডপ নিৰ্মাণ কৰা হ’ব৷ সেইদৰে নিউ বঙাইগাঁৱৰ বি জি কলনীত অক্ষৰধামৰ আৰ্হিত পূজা মণ্ডপ সাজু কৰি তোলা হৈছে৷ এই বছৰ নৱ সংঘ ক্লাবে সোণালী জয়ন্তী বৰ্ষ পালন কৰিব৷ সেইদৰে বঙাইগাঁও চহৰৰ লেচুতোলাত এইবাৰৰ দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ উত্তৰাখণ্ডৰ কেদাৰ নাথ মন্দিৰৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপ৷ নেহৰু ৰোড দুৰ্গা পূজা উদযাপন সমিতিৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ৷ এইবাৰ খাৰুপেটিয়াত এম্বিচন ক্লাবে নেতাজী নগৰত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ইণ্ডিয়া গেটৰ আৰ্হিত মণ্ডপ সাজু কৰি তুলিছে৷ লগতে থাকিব শ্বহীদ কনকলতা, ভাৰতীয় সেনাৰ বেৰীকেড, কমাণ্ডো আদি৷ ইফালে নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা এইবাৰ প্ৰায় ৬০টা ম’হ বলি দিয়া হ’ব মন্দিৰটোত৷ নলবাৰীৰ ইতিহাসপ্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয় দুহাজাৰ বছৰ পুৰণি৷ পৰম্পৰাগতভাৱে প্ৰতিবছৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল যদিও বিগত দুবছৰত ক’ভিড মহামাৰীৰ বাবে এদিনীয়া কাৰ্যসূচীৰে পূজাঃঅৰ্চনা কৰা হৈছিল আৰু সমিতিৰ ফালৰ পৰা এটা ম’হ বলিৰে দেৱীৰ পূজা অৰ্চনা কৰা হৈছিল৷ কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাত ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ দহদিনীয়া কাৰ্যসূচীৰে দুৰ্গতিনাশিনী দুৰ্গাৰ পূজাঃঅৰ্চনা কৰা হ’ব৷ আনহাতে, এইবেলি প্ৰায় ৪০টা ম’হ বলি দিয়াৰ লগতে প্ৰায় ২০টা ম’হ উছৰ্গা কৰা হ’ব৷ প্ৰায় পঞ্চাশ লক্ষ টকাৰ বাজেটেৰে এইবাৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা উদ্‌যাপন কৰা হ’ব৷ উল্লেখ্য, এই দেৱালয়ত মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱীৰ ৰূপত সজাই পূজা কৰা হয়৷ সেইদৰে ৪৫৭ সংখ্যক ঐতিহাসিক টংকেশ্বৰী থান তথা পুৰণি টংলা সৰ্বজনীন বুঢ়াথান আৰু দুৰ্গা পূজাৰ ব্যপক প্ৰস্তুতি চলোৱা হৈছে৷ এইবাৰৰ সাংস্কৃতিক অনুষ্ঠানত ওজাপালি প্ৰদৰ্শন, আয়তীৰ নাম, স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে অষ্টমীত তিনিটাকৈ ম’হ বলি দিয়া হ’ব৷ সেইদৰে বৰপেটাৰোডত দূৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে৷ এইবাৰ সু-উচ্ছ জঁটায়ু পখীৰ আৰ্হিত পূজা মণ্ডপ আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ৷ বৰপেটাৰোডৰ উত্তৰ খৈৰাবাৰী নৱোদয় সংঘ আৰু ছানলাইট ক্লাবে ১৫ লাখ টকা বাজেটেৰে নিৰ্মাণ কৰা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ৷ বৰপেটাৰোডৰ সমীপৰ মৈৰাঝাৰৰ পথাৰ পূজা কমিটীয়ে এইবাৰ ৫৩সংখ্যক পূজাৰ আয়োজন কৰিছে৷ এইবাৰ পূজাৰ বিশেষ আকৰ্ষণ হ’ব ৰামায়ণৰ চৰিত্ৰ জঁটায়ু পক্ষীৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ৷ আধুনিকতাৰ পৰশ নপৰা প্ৰায় ৫২২ বছৰ পুৰণি এখন বিশেষ পূজা, মৃণ্ময় মূৰ্তিৰ সলনি ৰাম কলগছক দেৱী সজাই ৯ বিধ উদ্ভিদেৰে স্থাপন কৰা হয় নৱপত্ৰিকা৷  নলবাৰী জিলাৰ বৰনৰ্দী দুৰ্গা মন্দিৰৰ ৫২২ বছৰ পুৰণি দুৰ্গা পূজাৰ এক বিশেষত্ব আছে৷ কাৰণ ইয়াত কোনো জাক-জমকতা অথবা আধুনিকতাৰ পৰশ নাই৷ আন বহু দুৰ্গা পূজাৰ দৰে ইয়াত আপুনি দেখা নাপায় দুৰ্গা প্ৰতিমা৷ মন্দিৰত দুৰ্গা দেৱীৰ বিপৰীতে পূজা কৰা হয় এজোপা ৰাম কলগছক৷ প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজাত পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা৷ কলগছ, যুৰীয়া বেল, ডালিম, অশোক, জয়ন্তী, ক’লা কচু, মানকচু, হালধি আৰু ধানৰে সৈতে সজা হয় দেৱীৰূপী নৱপত্ৰিকা৷ এই পূজাত কোনো চান্দা-বৰঙণি তোলাৰ ব্যৱস্থা নাই৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আগবঢ়োৱা দান-বৰঙণিৰে কৰা হয় বছৰেকীয়া পূজা৷ প্ৰবাদ অনুসৰি, কেইবাশ বছৰ পূৰ্বে এই গাঁৱলৈ আহিছিল কণৌজৰ ক্ষত্ৰীয় বংশৰ নীলকণ্ঠ ভূঞা৷ তেওঁ বৰপেটা জিলাৰ মাজেৰে আহি নলবাৰীৰ বৰনৰ্দী গাঁৱত উপস্থিত হৈছিল৷ আহোম স্বৰ্গদেৱে নীলকণ্ঠ ভূঞাক ৰায়বৰুৱা উপাধি প্ৰদান কৰি উক্ত গাঁৱতে স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷ পৰৱৰ্তী সময়ত নীলকণ্ঠ ৰায়বৰুৱাৰ উত্তৰসূৰী শৈলকণ্ঠই গাঁৱত অনুষ্ঠিত দুৰ্গা পূজাক অনন্য মাত্ৰা প্ৰদান কৰে৷ নিজৰ শক্তি, সামৰ্থ বৃদ্ধিৰ অৰ্থে শৈলকণ্ঠই গোপনে দুৰ্গা পূজাৰ মহানৱমীৰ দিনটোত নৰবলি দিয়াৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহে৷ আহোম ৰজাই ইয়াৰ সম্ভেদ পাই শৈলকণ্ঠক ধৰিবলৈ কটকী পঠিয়ায়৷ কিন্তু এই খবৰ লাভ কৰি সগৰ্ভা পত্নীসহ শৈলকণ্ঠ পলাই গৈ কাপলা বিলত আত্মজাহ দিয়ে বুলি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷ পৰৱৰ্তী সময়ত নৰবলি দি দুৰ্গা পূজা কৰাৰ বাবে গাঁওখনৰ নাম নৰ্দী হয়৷  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মৃৎশিল্পী আৰু কাৰিকৰী, আলোকচিত্ৰশিল্পীসকলে দিনে-নিশাই শাৰদীয় দুৰ্গোৎসৱৰ পূজা মণ্ডপ, প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে৷  সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে৷ বিগত প্ৰায় দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলি-মূৰীয়াকৈ লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰিছে পূজা সমিতিসমূহে৷ এইবাৰ প্ৰায় চাৰি শতাধিক পূজা গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব৷  দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোকসজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে মহানগৰীৰ পূজাৰ আয়োজকসকলে৷ মহানগৰীৰ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে প্ৰায় ২৫ লাখ টকা বাজেটেৰে পূজাৰ আয়োজন কৰিছে৷ এইখন পূজাত ১২লাখ টকা ব্যয় কৰি কলকাতাৰ পৰা অনা হ’ব বিশেষ আলোকসজ্জা৷ আনহাতে, শান্তিপুৰ শ্লুইছগেট পূজা সমিতিৰ এইবাৰৰ বাজেট প্ৰায় ২১-২৪ লাখ টকা৷ প্ৰত্যেকবাৰেই ব্যতিক্ৰমীধৰণে ভক্তক আকৰ্ষিত কৰি অহা পূজাৰ আয়োজকসকলে এইবাৰ ১০ লাখ টকা ব্যয়সাপেক্ষে বিশেষ মণ্ডপ মৰাপাটেৰে সজাৰ ব্যৱস্থা কৰিছে৷ ইপিনে বিষ্ণুপুৰ বিমলা নগৰ পূজা সমিতিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কম্বোদিয়াত থকা বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় ২২ লাখ টকা বুলি জানিব পৰা গৈছে৷ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিযোগিতাত পিছ পৰি ৰোৱা নাই বিষ্ণুপুৰ সৰ্বজনীন দুৰ্গা পূজা কমিটীও৷ গৌতম বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনীৰ আৰ্হিত সজোৱা হ’ব পূজা মণ্ডপ৷ তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় ২০ লাখ টকা৷ আনহাতে, আঠগাঁও সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰায় ১৮-২০লাখ টকা খৰচ কৰি ড্ৰিমলেণ্ডৰ আৰ্হিত সজোৱা পূজা মণ্ডপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে৷ মালিগাঁও পাণ্ডু ৰেষ্টকেম্পৰ পূজাৰ বাজেট প্ৰায় ২০ লাখ টকা৷ ইপিনে ১৫ লাখ টকা বাজেটেৰে সাজু হৈছে বেলতলা লক্ষ্মী মন্দিৰ পূজা সমিতি৷ প্ৰায় ১৫ লাখ টকাৰ বাজেটেৰে পূজাৰ বাবে সাজু হৈছে ঐতিহাসিক গুৱাহাটী সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিও৷ মাদুৰাইৰ মিনাক্ষী মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে৷ ছাত্ৰীবাৰী সাৰ্ব্বজনীন দেৱ পূজাস্থান সমিতিয়ে এইবাৰ ব্যতিক্ৰমী ৰূপত দুৰ্গা পূজাৰ আয়োজন কৰিছে৷ ১৫ লাখ টকাৰ বাজেটেৰে পূজাৰ আয়োজন কৰা সমিতিৰ পূজা মণ্ডপ হ’ব পুথি ভঁড়ালৰ আৰ্হিৰ৷ য’ত ৰ লাখ ১৫ হাজাৰ টকা ব্যয়সাপেক্ষ কলম-কাঠ পেঞ্চিলৰ মূৰ্তি থাকিব৷ দুৰ্গা পূজালৈ মাজত   কিছু কৰণ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যৰ শ্বপিং মল আৰু বজাৰসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে৷ এতিয়া যেন সকলো ব্যস্ত হৈ পৰিছে দেৱী দুৰ্গাক আদৰিবলৈ, আশিষ ল’বলৈ৷ 

বৰবৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৩ সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

নলবাৰী জিলাৰ বৰবৰীৰ শিৱ-দুৰ্গা মন্দিৰ প্ৰাংগণত ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ পাঁচদিনীয়াকৈ ৫৩ সংখ্যক শাৰদীয় দুৰ্গা পূজা আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে৷ কাৰ্যসূচী অনুসৰি, ১ অক্টোবৰত পুৱা বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি দিপুল তালুকদাৰে থানৰ পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰাক্তন ছাত্ৰনেতা তথা বৰভাগ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হিমজ্যোতি ভূঞাই৷ ইয়াৰ পাছতেই স্মৃতি তৰ্পণ, সন্ধিয়া পূজা মণ্ডপত বন্তি প্ৰজ্বলন, ষষ্ঠাদিকল্পাৰম্ভ, দুৰ্গাদেৱীৰ বোধন, আমন্ত্ৰণ, অধিবাস, সংকীৰ্তন পৰিৱেশন কৰা হ’ব৷ ২ অক্টোবৰত আবেলি বিয়ানাম প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, নিশা অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ৩ অক্টোবৰত পুৱা প্ৰাৰ্থনা প্ৰতিযোগিতা, সম্বৰ্ধনা অনুষ্ঠান, আবেলি আয়তীৰ নাম প্ৰতিযোগিতা, সন্ধিয়া বন্তি প্ৰজ্বলন, নিশা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ৪ অক্টোবৰত কুমাৰী প্ৰতিযোগিতা, সন্ধিয়া আয়তীৰ নাম প্ৰতিযোগিতা, সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ’ব৷ ৫ অক্টোবৰত দশমী বিহিত পূজা, ৰাজহুৱা শান্তি প্ৰদান আৰু প্ৰতিমা বিসৰ্জনেৰে শাৰদীয় দুৰ্গা পূজাৰ সামৰণি পৰিব৷ উল্লেখ্য যে, সপ্তমী, অষ্টমী আৰু নৱমী পূজাৰ দুপৰীয়া ভক্তপ্ৰাণ ৰাইজে দেৱীৰ চৰণত ভোগ উছৰ্গা কৰাৰ লগতে নিশা আৰতি প্ৰদান কৰা হ’ব৷ পূজাৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি দিপুল তালুকদাৰ, সম্পাদক প্ৰদীপ ভট্টাচাৰ্যই কামনা কৰিছে৷ 

বৰমাত ৮৯ সংখ্যক বাৰোৱাৰী দুৰ্গা পূজাৰ প্ৰস্তুতিঃ 

১০০ ফুট দৈৰ্ঘ্যৰ ৰাৱনদাহনেৰে সামৰণি পৰিব দুৰ্গোৎসৱ 

বাগ্‌সা জিলাৰ ভিতৰতে লেখত ল’বলগীয়া আগশাৰীৰ বাৰোৱাৰী দুৰ্গা পূজা বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে৷  ৮৯ সংখ্যকত পদাৰ্পণ কৰা বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ বাবে ইতিমধ্যেই এখন  সমিতি গঠন কৰা হৈছে৷ অজয় দাসক সভাপতি, ভাৰত তালুকদাৰক কাৰ্যকৰী সভাপতি, ভূপেন চন্দ্ৰ কলিতাক মুখ্য সম্পাদক আৰু ভাৰত ৰাজবংশী, নৱজ্যোতি বৰ্মনক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনে পূজাৰ ব্যপক আয়োজনৰ বাবে দিনে-নিশাই কাম-কাজ আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে৷ পূজা উপলক্ষে বাঁহশিল্পৰ স্থানীয় শিল্পীৰে মৰা পাগলাদিয়া নদীত বাহৰ দলং, চিৰিয়াখানা, পাৰ্ক, ডাইন’চৰৰ আতংক,  এশ ফুট উচ্ছতাৰ ৰাৱণ বধ, চিনেমা প্ৰদৰ্শন চাৰ্কাচ, সাংস্কৃতিক অনুষ্ঠান স্মৰণিকা প্ৰকাশ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জনাইছে৷  সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী মতে, ১ অক্টোবৰত পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰিব সমিতিৰ সভাপতি অজয় দাসে৷ বন্তি প্ৰজ্বলন মুকলি কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত চন্দ্ৰ তালুকদাৰে৷ ইয়াৰ পাছতে মুখ্য তোৰণ উন্মোচন কৰিব স্থানীয় বিধায়ক ভূপেন বড়োৱে৷ আনখন ধনীৰাম কলিতা কুঁহিপ্ৰিয়া কলিতা সোঁৱৰণী তোৰণ মুকলি কৰিব সমাজকৰ্মী কন্দৰ্প শৰ্মাই৷ ইয়াৰ পাছতে সমণ্ময় সাকো উদ্বোধন কৰিব বৰমা ৰাজহ চক্ৰ বিষয়া মিনাক্ষী বৰ্মনে৷ সন্ধিয়া চিৰিয়াখানা আৰু উদ্যান মুকলি কৰিব বৰমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমণি গোস্বামীয়ে৷  সিদিনাই আয়তীৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ২ অক্টোবৰত পুৱা ৬ বজাত অকুমাৰী ছোৱালীৰ দ্বাৰা জল আনয়ন কাৰ্যসূচীৰ পাছতে মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী ৰাজেন শৰ্মাই৷ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব বিয়ানাম প্ৰতিযোগিতা৷ আবেলি ৫ বজাত স্মৰণিকা দেবী দুৰ্গা উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক খগেন বৰ্মনে৷ সন্ধিয়া সুভাষ নাথৰ নাগাৰা নাম প্ৰদৰ্শন৷ ৩ অক্টোবৰৰ সন্ধিয়া অসমীয়া আৰু বড়ো আধুনিক একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ উদ্বোধন কৰিব সমাজকৰ্মী ৰমণী শৰ্মাই৷ ৪ অক্টোবৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব লোকগীত প্ৰতিযোগিতা৷ উদ্বোধন কৰিব অৱসৰী অধ্যাপক দিলীপ কুমাৰ শৰ্মাই৷ সন্ধিয়া ৮ বজাত মহেন্দ্ৰ সিং সোৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কৰুণা কলিতাই৷ ৫ অক্টোবৰত আবেলি ৪ বজাত দেবী প্ৰতিমা লৈ নগৰ ভ্ৰমণ কৰাৰ পাছত পাগলদিয়া নৈত বিসৰ্জন দিব৷  সন্ধিয়া ৫ বজাত ৰাৱণ দাহন অনুষ্ঠান উদ্বোধন কৰিব কেবিনেটমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব৷  ৭ বজাত শ্বহীদ নিৰোদ শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব কণ্ঠশিল্পী ৰুমী কছাৰীয়ে৷  ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি সমিতিয়ে কামনা কৰাৰ লগতে প্ৰতিযোগিতাসমূহৰ বাবে আগতিয়াকৈ যোগাযোগ কৰিবলৈ সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক ৰমণী শৰ্মা আৰু সম্পাদক পৰীক্ষিত দাসে প্ৰতিযোগীসকলক আহ্বান জনাইছে৷