Logo
image

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ বিক্ষোভ

গেৰুকামুখত এনএইচপিচিৰ দৰ্পচূৰ্ণ

আমাৰ অসম ১ অক্টোবৰঃ অসমৰ ৰাইজৰ ন্যায্য দাবী, অসমৰ বিশেষজ্ঞৰ বিজ্ঞানসন্মত মতামত আৰু আছুকে ধৰি বিভিন্ন সংগঠনৰ নিৰৱচ্ছিন্ন আন্দোলনৰ প্ৰতি সঁহাৰি নিদিয়া এনএইচপিচি শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে৷ গেৰুকামুখৰ নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে দুমাহলৈ বন্ধ কৰি দিবলগীয়া হৈছে৷ মাজনিশা শোৱাপাটী এৰি আতংকত পলায়ন কৰিছে শ শ শ্ৰমিকে৷ প্ৰকৃতিয়ে এনএইচপিচিৰ দৰ্পচূৰ্ণ কৰিছে, অহংকাৰ ধূলিসাৎ কৰিছে৷ তথাপি নাও বুৰিলেও টিঙৰ পৰা নামিব খোজা নাই এনএইচপিচি৷ সেইবাবেই এনএইচপিচিৰ বিৰুদ্ধে আৰু সামগ্ৰিকভাৱে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা, অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ পৰামৰ্শ আওকান কৰি নামনি সোৱণশিৰী বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ ফলত প্ৰকল্পটোত শেহতীয়াকৈ সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ পৰিস্থিতিৰ বাবে প্ৰকল্পটোৰ কাম বন্ধ কৰাৰ দাবীত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি জিলা সদৰ সমূহত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ বিৰোধী, এন এইচ পি চি বিৰোধী, নামনিত বাস কৰা জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ বিভিন্ন শ্ল’গানৰে বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিবাদস্থলীৰ পৰা কয়- অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ বিজ্ঞানসন্মত পৰামৰ্শ নুশুনি আকোৰগোজ মনোভাৱেৰে, বলপূৰ্বকভাৱে নামনি সোৱণশিৰী জলবিদু্যৎ প্ৰকল্পৰ কাম চলাই থকাৰ বাবে শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ কৰ্মৰত শ্ৰমিকৰ জীৱন কোনোমতেহে ৰক্ষা পৰিল৷ প্ৰকল্পটোৰ নামনিত বসবাস কৰা জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ কথা পুনৰ প্ৰতিফলন ঘটিল৷ এনে পৰিস্থিতিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ পি চিয়ে অতিশীঘ্ৰে বন্ধ কৰক৷ ৰঙানদী বান্ধ, কুৰিশ্ব বান্ধ, কপিলী বান্ধৰ পৰা চৰকাৰে শিক্ষা লোৱা উচিত৷ ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়৷ কিন্তু যি বৃহৎ নদীবান্ধে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিঃশেষ কৰিব, তেনে নদীবান্ধ নালাগে৷ চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক সন্মান জনাওক৷ বৃহৎ নদীবান্ধৰ কাম বন্ধ হ’বই লাগিব৷  এই নদীবান্ধ বন্ধৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নামনিত বাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব৷ ছাত্ৰ সন্থাৰ স্পষ্ট মত৷ অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰক৷

নদীবান্ধবিৰোধী আন্দোলনত উত্তাল যোৰহাট

নদী বান্ধৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণেৰে এনএইচপিচি হুচিয়াৰ, বৃহৎ নদীবান্ধ বন্ধ কৰক আদি শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে৷ এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ আৰু সাধাৰণ সম্পাদক অৰ্জুনমনি ভূঞাই  কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যেতিয়াৰ পৰাই স্থাপনৰ পোষকতা কৰা হৈছিল তেতিয়াৰ পৰাই অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছিল যে বৃহৎ নদীবান্ধৰ দ্বাৰা অসমৰ উত্তৰ পাৰৰ লখিমপুৰ, ধেমাজি, মাজুলীৰ  লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল ক্ষতিগ্ৰস্ত হ’ব৷ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী আইআইটি-ৰ বিশেষজ্ঞসকলে কৈছে যে বালিৰে নিৰ্মিত থুনুকা পাহাৰত বৃহৎ নদীবান্ধ কেতিয়াও সুৰক্ষিত নহয়৷  ইয়াৰ পাছতো বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি এনএইচপিচিয়ে বৃহৎ নদীবান্ধৰ কাম কাজ চলাই আছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াকৈ পাহাৰ খহাৰ উপৰিও বান্ধলৈ যোৱা পথ উটুৱাই নিছে, দুটাকৈ টানেল বন্ধ হোৱাৰ পাছত গাৰ্ডৱাল ভাঙি পাৱাৰ হাউছতো পানী সোমাইছে৷ উন্নত প্ৰযুক্তিৰে বান্ধ নিৰ্মাণ কৰা বুলি এনএইচপিচিয়ে কৰা দাবী মিছা বুলি  ইতিমধ্যে প্ৰমাণিত হৈছে৷ প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগে কয় যে এনএইচপিচি-ৰ দম্ভ-অহংকাৰ প্ৰকৃতিৰ ওচৰত বাৰে বাৰে  তচনচ হৈ আহিছে৷ পাৱাৰ হাউছটোকে সুৰক্ষিত কৰিব নোৱৰা এনএইচপিচি-ৰ হাতত যে অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপদ নহয়, সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে৷