Logo
image

পূজাৰ সময়ত আনে গম পোৱাকৈ সুৰাপান নকৰিব! আবকাৰীমন্ত্ৰী

কমকৈ খাই ঘৰতে শুই থাকক

আমাৰ অসম ১ অক্টোবৰঃ আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে এখনৰ পাছত এখনকৈ বাৰ-ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ চৰকাৰে বাৰ-ৱাইন শ্বপ খুলিলে বুলিয়েই পূজাৰ বতৰত টেটুগুৰিলৈকে সুৰাপান কৰিলে জে’লৰ ভাতখাবলগীয়া পৰিস্থিতিৰো হ’ব পাৰে৷ কিয়নো পূজাৰ নামত অত্যাধিক সুৰাপান কৰি গাড়ী চলালে জৰিমনাৰ লগতে কাৰগাৰলৈ নিক্ষেপ কৰাৰ সকীয়নি প্ৰদান কৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ অৱশ্যে আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই পৰাপক্ষত সুৰাপানৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে৷ তদুপৰি একান্তই যদিহে কোনোৱে সুৰাপান কৰিব লগাত পৰে, তেনেহ’লে সিমান পৰিমাণৰ সুৰা খাবলৈ মন্ত্ৰীজনে পৰামৰ্শ দিছে যিমান খালে যাতে আন মানুহে গম নাপায়৷ পূজাৰ সময়ত সুৰাপান কৰি উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়–‘সুৰাপান কৰি ঘৰৰ পৰা বাহিৰ ওলাব নালাগে৷ সুৰাপান কৰি ঘৰতো কাজিয়া-পেঁচাল কৰিব নালাগে৷ অলপ খাই ঘৰতে শুই থাকিলেই হ’ল৷ পূজা বতৰত সুৰাপান কৰি ৰাজহুৱা স্থানত ঘূৰিলে আৰক্ষীয়ে ধৰি জে’ললৈ প্ৰেৰণ কৰিব৷ ৰাজপথত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলি থাকিব৷’