দুৰ্গাপূজাত নাথাকে স্বাস্থ্য বিভাগৰ কোনো বাধা-নিষেধ
আমাৰ অসম ১ অক্টোবৰঃ ক’ভিডে জুৰুলা কৰাৰ পাছত কোনো ধৰণৰ এছ অ’ পি অবিহনে অনুষ্ঠিত হ’ব এইবেলিৰ দুৰ্গাপূজা৷ আক্ষৰিক অৰ্থতে স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ বাধা নিষেধ অবিহনে অনুষ্ঠিত হ’ব এইবাৰৰ দুৰ্গাপূজা৷ গতিকে দুৰ্গাপূজা সকলোৱে ভালদৰে উপভোগ কৰিব পাৰিব৷ শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰি কৰিছে এই কথা৷ কলিয়াবৰত পেলু নিৰ্মূল দিৱসৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ ৰাজ্যত এতিয়া ক’ভিড নাই, দুটা বছৰ কষ্টৰ পিছত এইবাৰ ৰাইজে মুক্ত মনে পূজা উপভোগ কৰিব পাৰিব বুলি কয় মন্ত্ৰীজনে৷ উল্লেখ্য, বিগত তিনি বছৰ ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ম্লান পৰিছিল দুৰ্গাপূজা৷ বিভিন্ন এছ অ’ পিৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ লোকে দুৰ্গাপূজা উপভোগ কৰাৰ পৰা বিৰত আছিল৷ এইবেলি দুৰ্গাপূজা উপলক্ষে কোনো ধৰণৰ এছ অ’ পি নথকাত স্বাভাৱিকতেই সৰ্বস্তৰৰ লোক উৎসাহিত হৈ পৰিছে৷ দুৰ্গাপূজা বুলি ক’লেই মনলৈ আহে ভ্ৰাম্যমান থিয়েটাৰৰ কথাও৷ দুৰ্গাপূজা উপলক্ষে কোনো এছ অ’পি নথকা বাবে উৎসাহিত হৈ পৰিছে ভ্ৰাম্যমান থিয়েটাৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীও৷






