Logo
image

মল্লিকাৰ্জুন নে থাৰুৰ! কোন হ’ব কংগ্ৰেছৰ সভাপতি

আমাৰ অসম ১ অক্টোবৰঃ অশোক গেহলটৰ পাছত এইবাৰ কংগ্ৰেছৰ সভাপতি পদৰ দৌৰৰ পৰা আঁতৰিল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ দ্বিগ্বিজয় সিং৷ দ্বিগ্বিজয় সিঙৰ পৰিৱৰ্তে গান্ধী পৰিয়ালৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতাত নামিব দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে৷ খৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব শশী থাৰুৰে৷ তেওঁক কংগ্ৰেছৰ বিক্ষুব্ধ গোষ্ঠী হিচাপে পৰিচিত জি-২৩ৰ সদস্যসকলে সমৰ্থন জনাবনে নজনায় সেয়া কেইবাজনো কংগ্ৰেছ নেতাই আনন্দ শৰ্মাৰ বাসভৱনত এখন বৈঠক অনুষ্ঠিত কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ বিক্ষুব্ধ গোষ্ঠীৰ অন্যতম নেতা মণীষ তিৱাৰী আৰু পৃথ্বিৰাজ চৌহানে অৱশ্যে শুকুৰবাৰে প্ৰাথমিক প্ৰতিক্ৰিয়াত মল্লিকাৰ্জুন খৰ্গেক সমৰ্থন জনোৱাৰ ইংগিত দিছে৷ ইতিমধ্যে বিক্ষুব্ধ গোষ্ঠীৰ নেতা মণীষ তিৱাৰী, পৃথ্বিৰাজ চৌহান, ভূপিন্দৰ সিং হুদা আৰু আনন্দ শৰ্মাৰ মাজত এই সন্দৰ্ভত এখন বৈঠক হৈ গৈছে৷ এতিয়ালৈকে তেওঁলোকে কোনজন প্ৰাৰ্থীক সমৰ্থন জনাব সেয়া চূড়ান্ত কৰিব পৰা নাই৷ তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ বিক্ষুব্ধ গোষ্ঠীৰ অন্যতম সদস্য আছিল শশী থাৰুৰ৷ সেই হিচাপত থাৰুৰে সহজেই এই গোষ্ঠীৰ সমৰ্থন লাভ কৰিব লাগে৷ উল্লেখ্য ২০২০ চনত মুঠতে ২৩ জন শীৰ্ষ কংগ্ৰেছ নেতাই অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি দলৰ কৰ্মপদ্ধতি আৰু শীৰ্ষ নেতৃত্বৰ দল পৰিচালনাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ মুঠতে ২৩ জন নেতাই এই পত্ৰত স্বাক্ষৰ কৰা বাবেই তেওঁলোকক জি-২৩ হিচাপে অভিহিত কৰা হৈছে৷ তাৰে বৰ্ষীয়ান নেতা কপিল ছিবাল, গোলাম নবী আজাদকে ধৰি কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে৷ ফলত বিক্ষুব্ধ গোষ্ঠী এতিয়া যথেষ্ট দুৰ্বল৷ বিক্ষুব্ধ গোষ্ঠীত থকা সত্ত্বেও মণীষ তিৱাৰী, আনন্দ শৰ্মা ইত্যাদিয়ে দলৰ হাইকমাণ্ডৰ নিৰ্দেশ পালন কৰি দলীয় কামকাজ বাধাহীনভাৱে কৰি আছে৷ এনে পৰিস্থিতিত বিক্ষুব্ধ দলৰ সমৰ্থন মল্লিকাৰ্জুন খৰ্গেৰ প্ৰতিয়েই থাকিব বুলি ৰাজনৈতিক  তথ্যবিজ্ঞ লোকৰ ধাৰণা৷ যদিহে  সকলোৰে সমৰ্থন লাভ কৰে তেন্তে মল্লিকাৰ্জুন খৰ্গে হ’ব কংগ্ৰেছ দলৰ পৰৱৰ্তী সভাপতি৷  মল্লিকাৰ্জুন খৰ্গেই নিজে সভাপতি পদৰ মনোনয়ন পত্ৰ নিবলৈ অহা নাছিল৷ দলীয় কামত ব্যস্ত থকাৰ বাবে তেওঁ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ আজি অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ ভিতৰত যোৱা সম্ভৱ নহ’ল৷ ফলত তেওঁৰ হৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰিলে পৱন কুমাৰ বানছালে৷ অৱশ্যে তেওঁ মনোনয়ন পত্ৰ লওতেই এটা কথা স্পষ্ট কৰি দিছিল যে তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে৷ যি প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ প্ৰস্তাৱক হিচাপে মনোনয়ন পত্ৰ লৈছে৷ ইপিনে মল্লিকাৰ্জুন খৰ্গেৰ সমৰ্থনত সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি দিছে গান্ধী পৰিয়ালৰ অন্যতম ঘনিষ্ঠ তথা প্ৰবীণ নেতা দ্বিগ্বিজয় সিং৷ তেওঁ স্পষ্টভাৱেই জনাইছে, দলৰ সভাপতি পদৰ নিৰ্বাচনত তেওঁৰ সমৰ্থন মল্লিকাৰ্জুন খৰ্গেৰ প্ৰতি থাকিব৷ ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকাত দ্বিগ্বিজয় সিঙৰ বাবে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাটো কঠিন হৈ উঠিল৷ সেয়ে পৰিৱৰ্তিত পৰিস্থিতিত তেওঁ ৮০ বছৰীয়া প্ৰবীণ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খৰ্গেৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰিল৷ 

ইপিনে ছ’চিয়েল মিডিয়াত লক্ষ লক্ষ সমৰ্থক থকা শশী থাৰুৰে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি তীব্ৰ প্ৰচাৰ চলাইছে৷ সেই প্ৰচাৰৰ বাবে থাৰুৰে যিখন পুস্তিকা প্ৰকাশ কৰিছিল তাত জম্মু-কাশ্মীৰ আৰু  লাডাখৰ এটা অংশ ভাৰতৰ মানচিত্ৰত অংকন নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সুযোগ বুজি থাৰুৰক আক্ৰমণ কৰিছে বিজেপিয়ে৷ বিজেপিৰ নেতা অমিত মালব্যই কৈছে– ‘শশী থাৰুৰে ভাৰতৰ এখন বিকৃত মানচিত্ৰ প্ৰকাশ কৰিছে৷ ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো যাত্ৰা অব্যাহত ৰাখিছে তেতিয়া কংগ্ৰেছৰ সম্ভাৱ্য সভাপতি থাৰুৰে ভাৰতৰ এটা অংশ খণ্ডিত কৰি মানচিত্ৰ প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থীয়ে অক্ষমনীয় অপৰাধ কৰিছে৷ তেওঁ ভাৰতৰ টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা চলাইছে৷ মনমোহন সিং চৰকাৰৰ বৈদেশিক দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী হৈ থকা আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ অবৰ সচিবৰ দায়িত্ব পালন কৰা থাৰুৰে  এনেদৰেই গান্ধী পৰিয়ালক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা যেন লাগিছে৷’ ইপিনে শশী থাৰুৰে তেওঁৰ পুস্তিকাত ভাৰতৰ বিকৃত  মানচিত্ৰ প্ৰকাশ পোৱাৰ বাবে ক্ষমা বিচাৰিছে৷