Logo
image

গুৱাহাটীৰ আৰ্যনগৰত উৰণ সেতু মুকলি মুখ্যমন্ত্ৰীৰ

আমাৰ অসম ১ অক্টোবৰঃ গুৱাহাটীৰ মানচিত্ৰত সংযোজন হ’ল আৰু এখন উৰণ সেঁতু৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ আৰ্য্যনগৰত নৱনিৰ্মিত উৰণ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৪৯.০৭ কোটি টকা ব্যয় সাপেক্ষে ৭৯০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন নিৰ্মাণৰ পদক্ষেপ লৈছিল৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই সেতুখন ২০২৩ চনৰ আগষ্ট মাহ অৰ্থাৎ ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্দ্ধাৰণ কৰা হৈছিল৷ কিন্তু ১৯ মাহৰ ভিতৰতে সেতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনসাধাৰণৰ সুখ আৰু সমৃদ্ধিৰ ওপৰতে চৰকাৰ এখনৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে চৰকাৰে গুৱাহাটী মহানগৰীক এক নতুন দিগন্তলৈ নিয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে আৰু জনসাধাৰণৰ সহায়-সহযোগিতাত ৰাজ্য চৰকাৰে এই মহানগৰীখনক  সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখৰূপে গঢ়ি তুলিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীৰ উন্নয়ন তথা মহানগৰবাসীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবালানিও পদক্ষেপ আৰু পৰিকল্পনাৰ কথা সদৰি কৰে৷ তেওঁ কয় মালিগাঁৱত নিৰ্মীয়মান  প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ কাম আগন্তুক ব’হাগ বিহুৰ সময়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ তেনেদৰে ৰাধাগোবিন্দ বৰুৱা পথত সম্প্ৰতি নিৰ্মাণৰত উৰণ সেতুখনৰ কাম ২০২৪ চনৰ ব’হাগ বিহুৰ আগেয়ে সম্পূৰ্ণ হৈ উঠিব৷ এই উৰণ সেতু দুখন মুকলি হ’লে মহানগৰখনৰ যাতায়াত ব্যৱস্থা যথেষ্ট সূচল হৈ পৰিব৷ দীঘলীপুখুৰীৰ পাৰ আৰু সন্দিকৈ মহাবিদ্যালয়ৰ সমীপৰ পৰা বামুণীমৈদামলৈ আন এখন বৃহৎ উৰণ সেতু নিৰ্মাণ কৰা হ’ব৷ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰ প্ৰাক্‌কলন ইতিমধ্যে সাজু হৈছে৷ আৰ্য্য মহাবিদ্যালয়ৰ পৰা লখৰা তথা ৰাষ্ট্ৰীয় ঘাইপথলৈ যাতায়াতৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে কালাপাহাৰৰ চাইকেল ফেক্টৰী অঞ্চলত আন এখন উৰণ সেতু নিৰ্মাণৰ পৰিকল্পনা লৈছে৷ গুৱাহাটী মহানগৰীৰ উন্নয়নকল্পে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলানি বিভিন্ন স্তৰত ৰূপায়ণ হৈ আছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ কাম অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু পলাশবাৰী-শুৱালকুছি সংযোগী লুইতৰ ওপৰত প্ৰস্তাৱিত আন এখন দলঙৰ নিৰ্মাণ কাৰ্য অহা ২০২৩ বৰ্ষৰ আগভাগতে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ যাতায়াতৰ সুবিধাৰ্থে চৰকাৰে এটা ‘ৰিং-ৰোড’ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ জালুকবাৰীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈ বাইহাটা চাৰিআলি-ছিপাঝাৰ-কুৰুৱা হৈ নাৰেংগীলৈ নিৰ্মাণ হ’বলগীয়া এই ‘ৰিং-ৰোড’টোৰ নিৰ্মাণৰ কাম অহা বছৰৰ আগষ্ট মাহত আৰম্ভ হ’ব৷ নাৰেংগী-কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে প্ৰস্তাৱিত দলংখনৰ আৰ্হি প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ বাৰানসীৰ আৰ্হিত ৰাজ্য চৰকাৰে খানাপাৰাৰ পৰা বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ পথ নিৰ্মাণৰো চিন্তা-চৰ্চা কৰিছে আৰু পৰিৱেশসন্মত  তথা  কম সময়ৰ ভিতৰতে অহা-যোৱা কৰিব পৰা এই পথে জনসাধাৰণৰ যাতায়াতত যথেষ্ট সহায় কৰিব৷ গুৱাহাটীৰ দুয়োটা পানীযোগান প্ৰকল্পৰ কাম ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ মহানগৰবাসীৰ বাবে পৰ্যাপ্ত মুকলি ঠাইৰ ব্যৱস্থা কৰাৰ অৰ্থে চৰকাৰে যাৱতীয় উদ্যোগ গ্ৰহণ কৰিছে আৰু ইয়াৰ অধীনতে চানমাৰিস্থিত জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ কাৰ্যালয় স্থানান্তৰ কৰি উক্ত ভূমিত এখন উদ্যান নিৰ্মাণ কৰা হ’ব৷ প্ৰায় ১২-১৪ বিঘা মাটিকালিৰ এই উদ্যানখনৰ নিৰ্মাণৰ কাম আগন্তুক বৰ্ষৰ প্ৰথম ভাগত আৰম্ভ হ’ব৷ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এটা সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰো পৰিকল্পনা লৈছে৷ দৃষ্টিনন্দনকৈ নিৰ্মাণ হ’বলগীয়া এই সংহত সঞ্চালকালয় ভৱনটোত বিভিন্ন বিভাগৰ সঞ্চালকালয়সমূহ থাকিব৷ পাণবজাৰস্থিত  উপায়ুক্তৰ কাৰ্যালয়কে ধৰি বিভিন্ন ভৱন ভাঙি সমগ্ৰ অঞ্চলটো জনসাধাৰণৰ খোজকঢ়াৰ সুবিধাৰ্থে মুকলি কৰাৰ বাবে কাম-কাজ বৰ্তমান পূৰ্ণোদ্যমে চলি আছে৷ ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত নিৰ্মীয়মান উদ্ভিদ উদ্যানখন চলিত বৰ্ষতে মুকলি কৰিব পৰা যাব৷ তেনেদৰে পল্টন বজাৰৰ আৰক্ষী ছাউনি নতুনকৈ নিৰ্মাণৰ কাম বিগত  সপ্তাহত নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘এল এণ্ড টি’ক দিয়া হৈছে৷ গুৱাহাটী পৌৰ নিগমক সম্পূৰ্ণ নিকা, স্বচ্ছ আৰু ডিজিটাইজেশ্যনৰ ওপৰত ভিত্তি কৰা এটা অনুষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ বিভাগীয় মন্ত্ৰীক আহ্বান জনায়৷ তেওঁ লগতে গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীক প্ৰদান কৰা সকলো সেৱা ডিজিটেল প্লেটফ’ৰ্ম আধাৰিত কৰাৰ ব্যৱস্থা ল’বলৈ কামৰূপ জিলা প্ৰশাসন, পৌৰ নিগম আৰু জি এম ডি এক আহ্বান জনায়৷ তেওঁ লগতে সদৰি কৰে যে  গুৱাহাটীত ভূমি ক্ৰয়-বিক্ৰৰ পিছত নামজাৰি, বিদ্যুৎ বিলৰ নাম সলনি আৰু সম্পত্তি কৰ প্ৰদান কৰিবলগীয়া ব্যক্তিৰ নাম একেলগে অন্তৰ্ভুক্ত কৰিব পৰা ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে চৰকাৰে আঁচনি হাতত লৈছে৷  মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰঙাফিটাৰ মেৰপেচৰ পৰা চৰকাৰ এখনক যিমানে উলিয়াই আনিব পৰা যায় সিমানেই জনসাধাৰণৰ মাজত চৰকাৰৰ গ্ৰহণযোগ্যতা বৃদ্ধি পায়৷ ভাষণত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ অধীনস্থ বাট-পথসমূহ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে এটা পথ উন্নয়ন প্ৰকল্প হাতত লোৱাৰ পৰিকল্পনা লৈছে বুলি সদৰি কৰে৷ তেওঁ কয় যে ইয়াৰ অধীনত প্ৰতিটো পৰিষদীয় সমষ্টিলৈ ১০ কোটিকৈ সৰ্বমুঠ ৬০০ কোটি টকা প্ৰদান কৰা হ’ব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে চান্দা লোৱা ব্যৱস্থাৰ অৱসান ঘটাই পূজা সমিতিসমূহক নিজা উদ্যোগত পূজা আয়োজন কৰিবলৈও আহ্বান জনায়৷ লোকনিৰ্মাণ [পথ] বিভাগৰ বিশেষ আয়ুক্ত আৰু সচিব ৰাজেশ কেম্প্ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক  সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, লোকনিৰ্মাণ [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ বিশেষ আয়ুক্ত আৰু  সচিব ৰাজ চক্ৰৱৰ্তী আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷