
ক্ষোভৰ জুইত দগ্ধ বাজপেয়ী ভৱন, যোগদান সমাৰোহ বাতিল
আমাৰ অসম ১ অক্টোবৰঃ দলীয় নেতা-কৰ্মীৰ ক্ষোভৰ জুইত দগ্ধ হেঙেৰাবাৰীৰ বাজপেয়ী ভ্ৰমণ৷ বিজেপি দলত কংগ্ৰেছীৰ যোগদানক লৈ সংঘাত আৰম্ভ হৈছে৷ নিজ দলৰে বিধায়ক তথা কৰ্মীৰ মুকলি বিদ্ৰোহৰ পাছতেই কংগ্ৰেছ নেতাৰ যোগদান কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হৈছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷ ৮ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে একাংশ কংগ্ৰেছী নেতাক বিজেপিলৈ গামোছা পিন্ধাই আদৰণি জনোৱাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই পৰিকল্পনা কৰিছিল যদিও দলীয় নেতা-কৰ্মীৰ প্ৰতিবাদৰ পাছতেই যোগদান কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে শাসকীয় দলটোৱে৷ ৮ অক্টোবৰত গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ বশিষ্ঠত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ মুকলি কৰাৰ লগতে খানাপাৰাত ৪০ হাজাৰ দলীয় নেতা-কৰ্মীক ৰাজহুৱা সভাত সম্বোধনো কৰিব৷ এই কাৰ্যসূচীতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাহ বাগানৰ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজিত সিং আৰু প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী বিস্মিতা গগৈকে ধৰি বহু কংগ্ৰেছী নেতা বিজেপি দলৰ সদস্য পদ গ্ৰহণৰ কথা আছিল৷ কিন্তু এইসকল কংগ্ৰেছীনেতাক দললৈ আদৰণি জনোৱাৰ সিদ্ধান্তক লৈ বিজেপিৰ ভিতৰচ’ৰাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কংগ্ৰেছী প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদানক লৈ ৰাজহুৱাকৈ ক্ষোভ ব্যক্ত কৰিছিল উজনিৰ তিনি বিজেপি বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, তেৰছ গোৱালা আৰু বিনোদ হাজৰিকাই৷ ইফালে বিস্মিতা গগৈৰ যোগদানক লৈ খুমটাই সমষ্টিৰ বিজেপি নেতা-কৰ্মীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ দললৈ আন দলৰ পৰা কোনোবা নেতা আহিলে পূৰণি নেতা-কৰ্মীসকলৰ অসন্তুষ্টি স্বাভাৱিক বুলি মুখ্যমন্ত্ৰীয়ে বিষয়টো পাতল কৰিবলৈ চেষ্টা চলাইছিল যদিও খোদ বিজেপি বিধায়কেই মুকলিকৈ প্ৰাঞ্জল ঘাটোৱাৰৰ বিৰোধিতা কৰাত বিজেপি নেতৃত্ব চিন্তাত পৰিবলগীয়া হয়৷ যাৰ পৰিপ্ৰেক্ষিতেই ৮ অক্টোবৰত অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতাৰ গণ যোগদান কাৰ্যসূচী বাতিল কৰে বিজেপি নেতৃত্বই৷ ৮ অক্টোবৰত মহা যোগদান কাৰ্যসূচীৰ বাতিলৰ কথা খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শুকুৰবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ অৱশ্যে সভাপতি কলিতাই উক্ত যোগদান কাৰ্যসূচী ৮ অক্টোবৰৰ পৰিৱৰ্তে দীপাৱলীৰ সময়ত আয়োজন কৰা হ’ব বুলিও প্ৰকাশ কৰে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে ভৱেশ কলিতাই প্ৰাঞ্জল ঘাটোৱাৰ, বিস্মিতা গগৈ বা অজিত সিঙৰ যোগদানৰ সন্দৰ্ভত কোনো মন্তব্য নিদিলে যদিও দীপাৱলীত হ’বলগীয়া যোগদান কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ ৫ হাজাৰ নেতা-কৰ্মীৰ লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত বিষয়াই বিজেপিত যোগদান কৰিব বুলিও সদৰী কৰে৷