Logo
image

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিয়ে তুলিছিল ২৭ কোটি টকা

বিহু-পূজাৰ চান্দাত নিষেধাজ্ঞা, ৰাজনৈতিক দলৰ বাবে দুৱাৰ খোলা

আমাৰ অসম, ১ অক্টোবৰঃ বিহু আৰু পূজাৰ দৰে উৎসৱৰ বতৰত অসমত চান্দাৰ ওপৰত কাৰ্যতঃ নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলৰ বাবেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চান্দা সংগ্ৰহৰ পথ খোলা ৰখা হৈছে৷ পোনপটীয়াকৈ ক’বলৈ গ’লে, ৰাজনৈতিক দলৰ বাহিৰে আন কোনেও ৰাইজৰ পৰা চান্দা সংগ্ৰহ কৰিব নোৱাৰিব– ঠিক এনেধৰণৰ এটা বাতাবৰণেই সৃষ্টি হৈছে অসমত৷ আনৰ কথা বাদেই, ৰাজ্যৰ শাসক মৰ্চাৰ নেতৃত্ব দিয়া ভাৰতীয় জনতা পাৰ্টীয়ে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় ২৮ কোটি টকা চান্দা৷ লক্ষণীয়ভাৱে পূজা, বিহুকে ধৰি উৎসৱৰ বতৰত চান্দা তোলাত কাৰ্যতঃ নিষেধাজ্ঞা আৰোপ কৰা চৰকাৰে ৰাজনৈতিক দলৰ চান্দা সংগ্ৰহ অভিযানত এতিয়ালৈকে ভুলতেও স্পৰ্শ কৰা নাই আৰু আগলৈও স্পৰ্শ কৰাৰ সম্ভাৱনা নাই৷ আন বহু ক্ষেত্ৰত মতৰ বিভেদ থাকিলেও চান্দাৰ সংগ্ৰহৰ ক্ষেত্ৰত শাসক-বিৰোধী সকলো ৰাজনৈতিক দল একমত৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দুৰ্গাপূজাত চান্দা অপসংস্কৃতিৰ পৰা বিৰত থাকিবলৈ শুকুৰবাৰে পুনৰ সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ পূজাৰ নামত চান্দা সংগ্ৰহৰ বিৰোধিতা কৰি ব্যৱসায়ীৰ পৰা চান্দা সংগ্ৰহ নকৰিবলৈ পূজা সমিতিসমূহক ৰাজহুৱাকৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে পুনৰ কয়– ‘সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব৷ অসমীয়া লোকৰ বিৰুদ্ধে বদনাম আছে– আনৰ টকাৰে বিহু পতা বুলি৷ দুৰ্গাপূজা নিজৰ টকাৰে হ’ব লাগে; আনৰ টকাৰে হ’ব নালাগে৷’ ইফালে টোলগেটৰ টেক্স কেতিয়াও চান্দা হ’ব নোৱাৰে বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘টোলগেটৰ পইচা ৰাস্তা নিৰ্মাণত সহায়ক হয়৷ টোলগেটৰ টকাৰে ৰাস্তাৰ মেৰামতি হয়, ৰাস্তা বনোৱা হয়৷ টোলগেটৰ পইচাটো নোহোৱা হৈ নাযায়৷ একেটা পইচাৰে ছিক্সলেণ্ড হাইৱে’, ফ্লাইঅভাৰ নিৰ্মাণ কৰা হয়৷ চৰকাৰে লোৱা কৰ-কাটলৰ লগত পূজাৰ চান্দাৰ তুলনা কৰা মানুহসকলেই হৈছে অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু৷ তেওঁলোক যিকোনো প্ৰকাৰে চান্দা সংস্কৃতিৰ লগত জড়িত হৈ থাকিব বিচাৰে৷’ লক্ষণীয়ভাৱে অসম চৰকাৰে বিহু বা পূজাত চান্দা অপসংস্কৃতিৰ পৰা ৰাইজক বিৰত থাকিবলৈ আহ্বান জনোৱাৰ সময়তে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনৈতিক দলসমূহে বৰঙণিৰ নামত সংগ্ৰহ কৰাৰ চান্দাৰ তথ্য প্ৰকাশ কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পোৱা মতে, ২০২১ বৰ্ষত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলকেইটাই চান্দা সংগ্ৰহ কৰিছিল ৩৮.০৪ কোটি টকা৷ শুনিবলৈ আচৰিত যেন লাগিলেও অসম প্ৰদেশ বিজেপিয়েই সৰ্বাধিক ২৭.৬৮ কোটি টকা সংগ্ৰহ কৰিছিল৷ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত একো একোজন ব্যৱসায়ীয়ে অসমত দ্বিতীয়বাৰ চৰকাৰ গঠনত সুবিধা হোৱাকৈ এক কোটি টকাপৰ্যন্ত চান্দা দিয়াৰো তথ্য প্ৰকাশ কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ আনকি বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিয়ে অজ্ঞাত উৎসৰ পৰা এক কোটি টকীয়া ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে চান্দা লাভ কৰাৰ তথ্যও প্ৰকাশ পাইছে৷ বিগত নিৰ্বাচনৰ পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটীৰ পাণবজাৰ ব্ৰাঞ্চত ৪.১৫ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড বিক্ৰী হৈছিল৷ মুঠ ৩৭টা বণ্ডৰ ভিতৰত এক কোটি টকাৰ এটা বণ্ড আৰু দহ লাখ টকা ৩১টা বণ্ড আৰু এক লাখ টকাৰ পাঁচটা বণ্ড ক্ৰয় কৰিছিল অজ্ঞাত ব্যক্তিয়ে৷ স্বাভাৱিকতেই অসমৰ বিধানসভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলক এজন ব্যক্তিয়েই এক কোটি টকাৰ চান্দা যে দিছিল সেয়া স্পষ্ট৷ ইলেক্টৰেল বণ্ডটো কোন ব্যক্তিয়ে কোনটো ৰাজনৈতিক দলক জমা দিছিল সেয়া ৰাজহুৱা নহয় যদিও নক’লেও হ’ব যে উক্ত বণ্ডৰ ধন বিজেপিৰ পুঁজিত যে জমা হৈছিল সেয়া খাটাং৷ ইফালে নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পোৱা মতে, নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ বিজেপিলৈ কোক্‌ৰাঝাৰৰ ব্যৱসায়ী সৰঞ্জয় ব্ৰহ্মই সৰ্বাধিক ১৪.৪৫ কোটি টকা চান্দা দিয়াৰ বিপৰীতে গুৱাহাটীৰ মহালক্ষ্মী গ্ৰুপে সৰ্বাধিক তিনি কোটি পাঁচ লাখ টকা চান্দা দিছিল৷ তদুপৰি গুৱাহাটীৰ এছ চি আৰ বি ৰোডৰ সুৰেন্দ্ৰ ষ্টীল প্ৰাইভেট লিমিটেডে ৫০ লাখ টকা, গুৱাহাটীৰ টপচেম চিমেণ্টে ৫০ লাখ টকা, ফাঁচীবজাৰৰ ব্যৱসায়ী চেতন শৰ্মাই ডেৰ লাখ টকা, নলবাৰীৰ ব্যৱসায়ী দিগন্ত গোস্বামী আৰু গোপাল বৰুৱাই ১৭ লাখ টকা, কালিপুৰৰ কুশল বেজবৰুৱাই ২০ লাখ টকা, সদিলাপুৰৰ অজিত পাঠকে সাত লাখ টকা, জাগীৰোডৰ প্ৰগতি পেপাৰে ৫০ লাখ টকা, যোৰহাটৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৮০ হাজাৰ টকা, দিলীপ শৰ্মাই দহ লাখ টকা, গুৱাহাটীৰ অম্বিকাগিৰি নগৰ ব্ৰ’চ এণ্টাৰপ্ৰাইজে দহ লাখ টকা, ছাত্ৰীবাৰীৰ বিজয় জাগতিয়ে দহ লাখ টকা, আমিনগাঁৱৰ মা কামাখ্যা ক’ক ইণ্ডাষ্ট্ৰিয়ে ৫০ লাখ টকা, মঙলদৈৰ ছাই মটৰ্ছে ২৫ লাখ টকা, গুৱাহাটীৰ আমবাৰীৰ অৰিন্দম শৰ্মাই ৯ লাখ টকা, বিশ্বনাথ চাৰিআলীৰ চাদুদ্দিন আহমেদে এক লাখ ৩০ হাজাৰ টকা, ফাঁচীবজাৰৰ ঘনশ্যাম ফাৰ্মাচিউটিকেলে ৭৫ লাখ টকা, গুৱাহাটীৰ নৰ্থ ইষ্ট ইনফ্ৰা নেটৱৰ্কে এক কোটি ৫০ লাখ টকা, আঠগাঁৱৰ মেডিটাইম হেল্‌থকেয়াৰে ১.২৫ কোটি টকা, গুৱাহাটীৰ চেৰাবভাটীৰ চৰণ বাজাৰীয়া, লক্ষ্মী বাজাৰীয়া আৰু বিনীতা বাজাৰীয়াই ২৫ লাখ টকা, ফাঁচীবজাৰৰ চাংগনেৰীয়া ধানুকাই দহ লাখ ঠকা, ফাঁচীবজাৰ অশোক কুমাৰ ধানুকাই দহ লাখ টকা, অক্ষয় কুমাৰ ধানুকাই দহ লাখ টকা, ফাঁচীবজাৰৰ শ্ৰী মহালক্ষ্মী মিলে বিশ লাখ টকা, বেলতলাৰ অংকিতা বানচালে দুই লাখ টকা, বেলতলাৰ ৰমেশ কুমাৰ আগৰৱালাই দুই লাখ টকা চান্দা দিছিল৷ নিৰ্বাচন আয়োগক দিয়া প্ৰতিবেদনতে বিজেপি দলে প্ৰকাশ কৰিছে এই তথ্য৷ তদুপৰি বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ সমান্তৰালভাৱে অসম কংগ্ৰেছেও দহ কোটি দুই লাখ টকা চান্দা সংগ্ৰহ কৰিছিল৷ তদুপৰি চি পি এম দলে ৩৩ লাখ টকা আৰু এ আই ইউ ডি এফ দলে সাত লাখ ৩০ হাজাৰ টকা চান্দা সংগ্ৰহ কৰাৰ তথ্য নিৰ্বাচন আয়োগক দিয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ এ আই ডি ইউ এফক বৰ্তমানৰ বিজেপি বিধায়ক ফণীধৰ তালুকদাৰে এক লাখ টকা চান্দা দিছিল৷